তামুলপুৰ, ৫ জুন, ২০২৪ : বিশ্ব পৰিৱেশ দিৱস (World Environment Day) উপলক্ষে তামুলপুৰ জিলাৰ ভিন্ন প্ৰান্তত চৰকাৰী-বেচৰকাৰী কাৰ্যালয় তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীকে ধৰি অতিৰিক্ত আয়ুক্তদ্বয় ডঃ দীপাংকৰ নাথ, হিমাশ্ৰী খনিকৰ; সহকাৰী আয়ুক্তদ্বয় হিতেশ বড়ো, কবিতা ফাংছ’কে ধৰি একাংশ কৰ্মচাৰী আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে।

আনহাতে পিএমশ্ৰী নাগ্ৰীজুলি হাইস্কুলত দ্য গ্ৰীন গ্ল’বৰ উদ্যোগত আৰু নৰ্থ জ’ন চেণ্ট্ৰেল ই পি চিৰ সহযোগতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। শিক্ষক, ছাত্ৰ-ছাত্ৰী আদিৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতামূলক আলোচনাৰ কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়। আজিৰ কাৰ্যসূচীত জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰঞ্জিত কোঁৱৰ, সীমা সুৰক্ষা বল বিভাগ, বগামাটিৰ অতিৰিক্ত বিষয়া জিতেন সিং, শিবিৰৰ বিষয়া, তামুলপুৰ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ জিলা প্ৰকল্প বিষয়া চান্দা সিং, আদিবাসী ছাত্ৰ সন্থাৰ জিলা সম্পাদক ৰাজু ভেংৰা, নাগ্ৰীজুলি হাইস্কুলৰ প্ৰধান শিক্ষক, দ্য গ্ৰীন গ্ল’বৰ সমন্বয়ক পংকজ লোচন ডেকা, নৰ্থ জ’ন চেণ্ট্ৰেল ই পি চি ৰ সভাপতি মোহন ভট্টৰায় আদি উপস্থিত থাকে।

তামুলপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদতো ৰাজহ চক্ৰ বিষয়া এলিনা কাণ্ডুলনাৰ নেতৃত্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আনহাতে তামুলপুৰ ছাব-ডিভিজ’নেল চেণ্টাৰত অৱস্থিত তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া বিজয় বেজবৰুৱাকে ধৰি বিভাগটোৰ কৰ্মচাৰী চণ্ডীৰাম বড়ো, দীপক নাৰ্জাৰী, মিলন বড়ো আৰু পিংকুমণি ৰাজবংশীয়েও বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰে। ইয়াৰ উপৰি জিলাখনৰ বিভিন্ন প্ৰান্তত অৱস্থিত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতি সঁহাৰি জনোৱাটো ৰাইজৰ দৃষ্টিগোচৰ হৈছে।