নিউজ ডেস্ক, ২১ জুন, ২০২৪ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ (Delhi High Court)। বৃহস্পতিবাৰে ৰাউছ এভিনিউ আদালতে অৰবিন্দ কেজৰিৱালক সুৰা কেলেংকাৰিৰ গোচৰত জামিন প্ৰদান কৰিছিল। বৰ্তমান দিল্লী উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিত ৰাখিছে।

দিল্লী উচ্চ ন্যায়ালয়ে কয় যে শুনানি সমাপ্ত নোহোৱালৈকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ থাকিব। দিল্লী সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত বৃহস্পতিবাৰে ৰাউছ এভিনিউ আদালতে অৰবিন্দ কেজৰিৱালক নিয়মীয়া জামিন প্ৰদান কৰিছিল যদিও শুকুৰবাৰে ইডিয়ে অৰবিন্দ কেজৰিৱালৰ জামিনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত উপস্থিত হয়। দিল্লী উচ্চ ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ জামিনক প্ৰত্যাহ্বান জনাই আবেদন কৰে ইডিয়ে।

ইডিয়ে উচ্চ ন্যায়ালয়ৰ পৰা এই সন্দৰ্ভত শীঘ্ৰে শুনানি গ্ৰহণৰ দাবী জনায়। উচ্চ ন্যায়ালয়ে ইডিৰ আবেদন মানি লয়। সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ২১ মাৰ্চত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল তিহাৰ জেলৰ পৰা ওলাই অহাৰ কথা চৰ্চা হৈছিল যদিও তাৰ পূৰ্বেই ইডি উচ্চ ন্যায়ালয়ত উপস্থিত হয়। ইডিক প্ৰতিনিধিত্ব কৰি এএছজি এছভি ৰাজুৱে দিল্লী উচ্চ ন্যায়ালয়ত কয় যে বিচাৰ আদালতৰ নিৰ্দেশ এতিয়াও আপলোড হোৱা নাই আৰু চৰ্তসমূহ অজ্ঞাত।

এএছজি এছভি ৰাজুৱে আদালতত অৱগত কৰে যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ বিৰোধিতা কৰিবলৈ তদন্তকাৰী সংস্থাক সম্পূৰ্ণ সুযোগ দিয়া হোৱা নাই। এএছজি এছভি ৰাজুৱে উচ্চ ন্যায়ালয়ক এই নিৰ্দেশ স্থগিত ৰাখিবলৈ আৰু অতি সোনকালে গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।

২ জুনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল উচ্চতম ন্যায়ালয়ত আত্মসমৰ্পণ কৰিছিল। আত্মসমৰ্পণৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে এবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। অৰবিন্দ কেজৰিৱালে তেওঁৰ অন্তৱৰ্তীকালীন জামিন ৭ দিনৰ বাবে বৃদ্ধি কৰিবলৈ আদালতত আবেদন জনাইছিল। কিন্তু আদালতে নাকচ কৰিছিল অৰবিন্দ কেজৰিৱালৰ আবেদন। যোৱা ২১ মাৰ্চত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ২১ মাৰ্চত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক ইডিয়ে ৯ বাৰ চমন কৰিছিল যদিও দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী তদন্তকাৰী সংস্থাৰ আগত হাজিৰ হোৱা নাছিল। ইয়াৰ পিছত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হয়। ২২ মাৰ্চত অৰবিন্দ কেজৰিৱালক আদালতত হাজিৰ কৰা হৈছিল। ইয়াৰ পৰাই ইডিয়ে ১১ দিনৰ জিম্মাত লৈ জেৰাৰ অন্তত ১ এপ্ৰিলত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তিহাৰ জেললৈ প্ৰেৰণ কৰে।