গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৬ : যাত্ৰীসকলৰ বাবে উপলব্ধ সা-সুবিধাসমূহৰ উন্নয়ন আৰু ষ্টেচনৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে কামাখ্যা ৰে’লৱে ষ্টেচনত উন্নীতকৃত সা-সুবিধাসমূহৰ উদ্বোধন কৰে। উন্নীতকৰণ কামকাজসমূহৰ ভিতৰত ষ্টেচন ভৱন, প্লেটফৰ্ম, যাত্ৰীৰ সংৰক্ষিত জিৰণি কক্ষ, জনসমাগমৰ স্থান, চাৰ্কুলেটিং এলেকা, পথ আৰু অন্যান্য আনুষংগিক সা-সুবিধাসমূহ অন্তৰ্ভুক্ত আছে। এই পদক্ষেপসমূহৰ মূল লক্ষ্য হৈছে যাত্ৰীসকলৰ আৰাম, যাতায়াতৰ সুবিধা আৰু অন্যান্য সা-সুবিধাসমূহৰ ব্যৱহাৰযোগ্যতা বৃদ্ধি কৰাৰ লগতে পৰিচালনগত দক্ষতা উন্নত কৰি তোলা।
এই উন্নয়নমূলক কামৰ অংশ হিচাপে যান-বাহনৰ চলাচল অধিক সুচল কৰি ব্যস্ত সময়ত যান-জঁট হ্ৰাস কৰাৰ উদ্দেশ্যে পৃথক যান-বাহন চলাচলৰ পথ, কাভাৰ্ড পিক-আপ আৰু ড্ৰপ-অফ পৰ্টিকো আৰু দ্বৈত পথ যুক্ত প্ৰস্থান পথ নিৰ্মাণ কৰা হৈছে। সংৰক্ষিত যাত্ৰী জিৰণি কক্ষটো উন্নত ইন্টেৰিয়ৰ, আলোকসজ্জা, ভেন্টিলেচন, শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থা, আচবাব, শৌচাগাৰ আৰু পেণ্ট্ৰীৰ সুবিধাৰে উন্নীত কৰা হৈছে। ইয়াৰ লগতে আসনৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰা হৈছে। অধিক সুবিধা আৰু যাত্ৰা সম্পৰ্কীয় তথ্য সহজে লাভ কৰাৰ বাবে এক সংহত যাত্ৰী তথ্য প্ৰণালী, উন্নত ঘোষণা পদ্ধতি আৰু ৱাই-ফাই সংযোগৰো ব্যৱস্থা কৰা হৈছে। প্লেটফৰ্ম নং ৪-ৰ ফ্লোৰ আৰু প্ৰান্তীয় অংশ উন্নত কৰি নতুন কালাৰ কোটিং ছাদ স্থাপন কৰাৰ লগতে বৰষুণৰ পানী সঠিকভাৱে ওলাই যোৱাৰ বাবে বহল নলা নিৰ্মাণৰ জৰিয়তে প্লেটফৰ্মটোৰ উন্নীতকৰণ কৰা হৈছে।
পূৰ্বতে ফুট অভাৰ ব্ৰীজ আৰু প্লেটফৰ্ম শ্বেলটাৰসমূহৰ মাজত মুকলিকৈ থকা অংশসমূহত কাভাৰৰ ব্যৱস্থা কৰা হৈছে, যাতে প্ৰতিকূল বতৰৰ পৰা যাত্ৰীসকলে অধিক সুৰক্ষা লাভ কৰে। যাত্ৰীৰ বহাৰ আসনৰ সংখ্যা ১৫০ ৰ পৰা ৩৬০ লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি, দিব্যাংগ যাত্ৰীসকলৰ বাবে খোৱাপানীৰ দুটা বিশেষ বুথ আৰু আন যাত্ৰীসকলৰ বাবে অতিৰিক্ত পাঁচটা বুথ স্থাপন কৰা হৈছে। পৃথক কেবল ডাক্টৰ ব্যৱস্থা আৰু পুৰণি, ক্ষতিগ্ৰস্ত পানী যোগানৰ পাইপলাইনৰ পৰিৱৰ্তে ঢাকি ৰখা পাইপলাইনৰ স্থাপনেৰে আন্তঃগাঁথনিৰ ব্যৱস্থাপনা উন্নত কৰাৰ লগতে অত্যাৱশ্যকীয় সেৱাসমূহৰ নিৰ্ভৰযোগ্যতাও বৃদ্ধি হৈছে। আনহাতে এখন ৰিটেইনিং ৱাল নিৰ্মাণৰ পিছত কামাখ্যা ৰে’লৱে ষ্টেচনৰ পৰা কোচিং ডিপো পৰ্যন্ত সংযোগ কৰা পথটো বহল কৰি দ্বৈত পথলৈ উন্নীত কৰা হৈছে। ইয়াৰ ফলত সামগ্ৰী, যন্ত্ৰপাতি আৰু স্পেয়াৰ্চ পাৰ্টচ পৰিবহন গধুৰ যান-বাহনৰ চলাচল অধিক সুবিধাজনক হৈছে।
লগতে যান-বাহনৰ চলাচল অধিক সুচল আৰু সুৰক্ষিত হোৱাৰ লগতে যান-জঁট হ্ৰাস পাইছে আৰু ডিপোৰ কাম-কাজ অধিক দক্ষতাৰে সম্পন্ন কৰাত সহায়ক হৈছে। এই উন্নয়নমূলক পদক্ষেপসমূহে যাত্ৰীসকলক উন্নত সা-সুবিধাৰ উপলব্ধতাৰে বৰ্ধিত প্ৰৱেশযোগ্যতা প্ৰদানেৰে ৰে’লৱেৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অবিৰত দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। উন্নীতকৃত সা-সুবিধাসমূহে কামাখ্যা ৰে’লৱে ষ্টেচনত যাত্ৰীসকলৰ বাবে অধিক আৰামদায়ক, সুবিধাজনক আৰু যাত্ৰী-অনুকূল পৰিৱেশ গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে।
