গুৱাহাটী, ২৯ ছেপ্টেম্বৰ, ২০২৪ : বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ (BFI) সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা চলিত আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ ছাব-জুনিয়ৰৰ ছোৱালী শাখাত অসমৰ আঠগৰাকী খেলুৱৈয়ে ফাইনেলত প্ৰৱেশ কৰাৰ লগতে ল’ৰাৰ শাখাত অসমৰ একমাত্ৰ বক্সাৰ হিচাপে ৩৩ কিলোগ্ৰামত অংশ লোৱা অভিজ্ঞান বৰাই স্বৰ্ণ পদকৰ মেচলৈ যোগ্যতা অৰ্জন কৰিছে৷ গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ ফাইনেল সোমবাৰে অনুষ্ঠিত হ’ব৷

আনহাতে, দেওবাৰে নিশা জুনিয়ৰৰ ল’ৰা-ছোৱালীৰ সকলো ওজন শাখাৰে ছেমিফাইনেল অনুষ্ঠিত হ’ব বুলি অবগত কৰিছে বি এফ আইৰ সচিব প্ৰধান তথা অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই৷ দেওবাৰে আবেলি হোৱা ছাব-জুনিয়ৰৰ ছেমিফাইনেলত অসমৰ ৰিডিকা ভান্দ্ৰী আৰু প্ৰনামিকা বৰাই ৩৩ কিলোগ্ৰাম, স্পদ্ধা দিক্ষিতা পৰাশৰে ৩৫ কিলোগ্ৰাম, শ্বিনি হাজৰিকাই ৪৩ কিলোগ্ৰাম, কংকনাই ৫২ কিলোগ্ৰাম, তৃষা পেগুই ৫৫ কিলোগ্ৰাম, নেহা আৰু সংগিতা সোণোৱালে ৫৮ কিলোগ্ৰাম শাখাৰ খেলত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে৷

ইফালে, অসমৰ দেবিতাৰা পেগু ৩১ কিলোগ্ৰাম, প্ৰনামিকা বৰা ৩৩ কিলোগ্ৰাম, নয়নমনি দলে আৰু চয়নিকা দলে ৩৫ কিলোগ্ৰাম, নয়নমনি ৪০ কিলোগ্ৰাম, অস্মিতা ৰয় আৰু দেবিকা গোঁহাই ৪৩ কিলোগ্ৰাম, অনুষ্কা গগৈ ৪৬ কিলোগ্ৰাম, ৰিম্পী পেগু ৪৯ কিলোগ্ৰাম, কৃপাঞ্জলী বসুমতাৰী ৫৫ কিলোগ্ৰাম, গানাতি মুছাহাৰী ৫৮ কিলোগ্ৰাম আৰু বাৰ্বি চেতিয়াই ৬১ কিলোগ্ৰামৰ ছেমিফাইনেলত পৰাস্ত হয় যদিও ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয়৷ তদুপৰি অসমৰ ছাব-জুনিয়ৰ ল’ৰাৰ ৪৩ কিলোগ্ৰাম শাখাত লক্ষ্যজিত চুতিয়া, ৬১ কিলোগ্ৰামত ভেনিশ মুছাহাৰী আৰু ৭০ কিলোগ্ৰামত আশীষ মুখিয়া তথা অভিয়ান বড়োই ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰি অভিযান সামৰে৷

উল্লেখ্য যে প্ৰতিযোগিতাখনত জুনিয়ৰ শাখাত অসমৰ আঠগৰাকী বক্সাৰে ছেমিফাইনেলত প্ৰৱেশ কৰি ইতিমধ্যে পদক জয় নিশ্চিত কৰিছে৷ ইয়াৰপূৰ্বে এলিট আৰু যুৱ শাখাত অসমে মুঠ ১৬ টা পদক লাভ কৰিছিল৷ ইয়াৰে দুটা সোণ, ছটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক৷