গুৱাহাটী, ২ অক্টোবৰ, ২০২৪ : গুৱাহাটী আৰু নয়ডাত আৰ ই চি (REC) ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ সফল সামৰণিৰ পাছত অহা ছয় অক্টোবৰৰ পৰা হাৰিয়ানাৰ ৰোহটকত চেম্পিয়নশ্বিপৰ ফাইনেল ৰাউণ্ডৰ খেল অনুষ্ঠিত হ’ব৷ এই প্ৰতিযোগিতাত গুৱাহাটী আৰু নয়ডাত হোৱা চেম্পিয়নশ্বিপৰ প্ৰতিটো ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলা বক্সাৰে অংশ ল’ব৷ অৰ্থাৎ এটা ওজন শাখাত থাকিব ১৬ গৰাকীকৈ খেলুৱৈ৷

বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই শক্তি মন্ত্ৰালয়ৰ অধীনস্থ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেড আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ সহযোগত আয়োজন কৰা প্ৰতিযোগিতাখনৰ ফাইনেল ৰাউণ্ডৰ খেলৰ সূচী অনুসৰি ছয়ৰ পৰা ১৩ অক্টোবৰলৈ এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলা খেল হ’ব৷ এলিটত ১২ টা আৰু যুৱ শাখাত ১০ টা ওজন শাখাৰ খেল অনুষ্ঠিত হ’ব৷ আনহাতে, ছাব-জুনিয়ৰ আৰু জুনিয়ৰৰ খেল ১৫-২২ অক্টোবৰলৈ হ’ব৷ ওজন শাখা থাকিব ১৩ আৰু ১৪ টা৷

‘যোৱা বছৰৰ তুলনাত এইবাৰ আমি টেলেণ্ট হাণ্টৰ প্ৰতি অতিশয় সঁহাৰি পাইছো লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বক্সাৰৰ সামগ্ৰিক মানদণ্ড অতি উৎসাহজনক৷ এই প্ৰতিযোগিতা নতুন প্ৰতিভা উলিয়াই অনাৰ বাবে আয়োজন কৰা হৈছে৷ ফাইনেল ৰাউণ্ডৰ পদক বিজয়ী বক্সাৰক ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচন কৰি উন্নত প্ৰশিক্ষন দিয়া হ’ব৷ লগতে পদকজয়ী সকলো বক্সাৰকে প্ৰাইজমানি প্ৰদান কৰা হ’ব৷’ ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতাই কয়৷

উল্লেখ্য যে ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতালৈ অসমৰ প্ৰায় ৭০ গৰাকী বক্সাৰে যোগ্যতা অৰ্জন কৰিছে৷ গুৱাহাটীত হোৱা প্ৰতিযোগিতাখনত জুনিয়ৰ আৰু ছাব-জুনিয়ৰ শাখাত ৩৮ টা তথা এলিট আৰু যুৱ শাখাত ১৬ টাসহ মুঠ ৫৪ টা পদক লাভ কৰিছিল৷ তদুপৰি কোৱাৰ্টাৰ ফাইনেলত অসমৰ কুৰি গৰাকী বক্সাৰ পৰাস্ত হৈছিল৷