নিউজ ডেস্ক, ২৮ নৱেম্বৰ, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১০০ শতাংশ বৈদ্যুতিকৰণ (Electrification) আৰু নেট-জিৰো কাৰ্বন নিৰ্গমন অৰ্জন কৰাৰ বাবে ভাৰতীয় ৰে’লৱেৰ উচ্চাকাংক্ষী লক্ষ্যৰ অংশ হিচাপে ইয়াৰ বৈদ্যুতিকৰণ অভিযানত গুৰুত্বপূৰ্ণ অগ্ৰগতি অব্যাহত ৰাখিছে। চলিত বৰ্ষৰ নৱেম্বৰ মাহ পৰ্যন্ত, উত্তৰ পূব সীমান্ত ৰে’লৱেই মুঠ ২,৮২৭.৭৪ ৰুট কিলোমিটাৰ সফলতাৰে বৈদ্যুতিকৰণ কৰিছে, যি নিৰ্ধাৰিত লক্ষ্য ৪২৬০.৫২ আৰকেএমৰ ৬৬ শতাংশতকৈও অধিক, যিয়ে ইয়াৰ ৰে’ল নেটৱৰ্ক আধুনিকীকৰণত দ্ৰুত বাৰ্ষিক নিৰ্ধাৰিত লক্ষ্য প্ৰগতিকেই প্ৰতিফলিত কৰিছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন মণ্ডলত যেনে লামডিং (৯৮৬.৭৬ আৰকেএম), কাটিহাৰ (৭৪৭.১২ আৰকেএম), আলিপুৰদুৱাৰ (৬১৮.৭৫ আৰকেএম), ৰঙিয়া (৪৩৩.৮ আৰকেএম) আৰু তিনিচুকীয়াই (৪১.৩১ আৰকেএম) বৈদ্যুতিকৰণ কাৰ্যৰ মুঠ প্ৰগতিত অৰিহণা আগবঢ়াইছে। উত্তৰ পূব সীমান্ত ৰে’লৱে অধিক্ষেত্ৰৰ ৰাজ্যসমূহৰ ভিতৰত, অসম ১,৪০১.৪৬ আৰকেএম বৈদ্যুতিকৰণ কৰা ট্ৰেকৰ সৈতে আগবাঢ়ি আছে, তাৰ পিছত ক্ৰমে পশ্চিম বংগ (৯৩৫.৯৪ আৰকেএম), বিহাৰ (৩১৮.৮৭ আৰকেএম) আৰু ত্ৰিপুৰা (১৫১.৫৮ আৰকেএম) আছে। মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰৰ দৰে ৰাজ্যসমূহতো বৈদ্যুতিকৰণ আৰম্ভ কৰা হৈছে, যি উত্তৰ-পূৰ্ব্বাঞ্চলৰ সামগ্ৰিক আন্তঃগাঁথনি উন্নয়নৰ প্ৰতি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰদৰ্শন কৰিছে।

বিগত বিত্তীয় বৰ্ষত ৯২১.৬২  আৰকেএম বৈদ্যুতিকৰণৰ সৈতে চলিত বৰ্ষৰ নৱেম্বৰ মাহলৈকে অতিৰিক্ত ২৪৪.৬ আৰকেএম বৈদ্যুতিকৰণ প্ৰাপ্ত কৰা হৈছে। এক সেউজ আৰু অধিক উন্নত নেটৱৰ্কৰ লক্ষ্যৰে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ২০২৪-২৫  বিত্তীয় বৰ্ষত ১,৫৭৩ আৰকেএম বৈদ্যুতিকৰণৰ লক্ষ্য ৰাখিছে, যাৰ ফলত ইয়াৰ মুঠ ৪২৬০.৫২ আৰকেএমৰ বৈদ্যুতিকৰণ পৰিকল্পনা যথেষ্ট আগুৱাই নিয়া হৈছে। বৃহৎ পৰিমাণৰ এই বৈদ্যুতিকৰণ প্ৰকল্পটো ভাৰতীয় ৰে’লৱে কনষ্ট্ৰাকচন ইণ্টাৰনেচনেল লিমিটেড (ইৰকন), ৰে’ল ইণ্ডিয়া টেকনিকেল এণ্ড ইকনমিক চাৰ্ভিচ (ৰাইটছ) আৰু উত্তৰ পূব সীমান্ত ৰে’লৱে/নিৰ্মাণকে ধৰি মুখ্য সংস্থাসমূহে সম্পাদন কৰি আছে।

এই বৈদ্যুতিকৰণ প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ ফলত পৰিৱেশ-অনুকূল আৰু শক্তি-দক্ষ ৰে’ল পৰিচালনকে ধৰি একাধিক সুবিধা প্ৰাপ্ত কৰিব পাৰিব বুলি আশা কৰা হৈছে। খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা উল্লেখনীয়ভাৱে হ্ৰাস কৰাৰ লগতে নিৰৱচ্ছিন্ন ট্ৰেকশ্বনৰ ফলত ই ৰে’লৰ সময়ানুৱৰ্তীতা আৰু গতিবেগ বৃদ্ধি কৰিব। উত্তৰ পূব সীমান্ত ৰে’লৱেই সংশ্লিষ্ট অঞ্চলৰ বাবে এক আধুনিক, দক্ষ আৰু সেউজ পৰিবহন নেটৱৰ্ক প্ৰদান কৰাৰ লক্ষ্যত দৃঢ় প্ৰতিজ্ঞ হৈ আছে, যি অৰ্থনৈতিক বিকাশ, পাৰিপাৰ্শ্বিক স্থিতিশীলতা আৰু দেশৰ বাকী প্ৰান্তৰ সৈতে উত্তৰ-পূৰ্ব্বাঞ্চলৰ দূৰৱৰ্তী অঞ্চলসমূহৰ উন্নত সংযোগৰ বৃহত্তৰ লক্ষ্যত যথেষ্ট সহায় কৰিব।