গুৱাহাটী, ২৮ নৱেম্বৰ, ২০২৪ : অসম বক্সিং সন্থাৰ (Assam Boxing Association) উদ্যোগত শুকুৰবাৰৰ পৰা গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম ছিনিয়ৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ পুৰুষ আৰু মহিলাৰ এলিট শাখাৰ ৰাজ্যিক প্ৰতিযোগিতাখন গুৱাহাটীৰ পল্টন বজাৰস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই)ৰ কেন্দ্ৰত অনুষ্ঠিত হ’ব৷
আজি এই বিষয়ে সদৰি কৰিছে ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিৱ প্ৰধান তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই৷ তেওঁ লগতে জনায় যে যদিও প্ৰতিযোগিতাখন শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব কিন্তু অনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান শনিবাৰে বিয়লি তিনি বজাত কৰা হ’ব৷ বিশ্ব বক্সিঙৰ নতুন নিয়ম অনুসৰি প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ উভয় শাখাৰে দহটা ওজন শাখাৰ খেল অনুষ্ঠিত হ’ব৷
ৰাজ্যৰ প্ৰায় ৩০ খন জিলাৰ প্ৰায় তিনিশ খেলুৱৈ তথা ৰেফাৰীয়ে অংশ ল’ব লগা প্ৰতিযোগিতাখন অহা দুই ডিচেম্বৰত সামৰণি পৰিব৷ সম্পাদক হেমন্ত কলিতাই লগতে জনায় যে এই প্ৰতিযোগিতাৰ পৰাই অহা জানুৱাৰীত হ’বলগা এলিট ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ অসমৰ পুৰুষ আৰু মহিলাৰ দল বাচনি কৰা হ’ব৷ উল্লেখ্য যে ২০২৫ ৰ জানুৱাৰীত হ’বলগা ছিনিয়ৰ ৰাষ্ট্ৰীয় বক্সিঙে উত্তৰাখণ্ডত হ’বলগা আসন্ন ৰাষ্ট্ৰীয় ক্ৰীড়াৰ যোগ্যতাঅৰ্জনকাৰী প্ৰতিযোগিতা হিচাপে ভাৰতীয় বক্সিং ফেডাৰেছনে মান্যতা দিছে৷
সেয়েহে গুৱাহাটীত হ’বলগা সদৌ অসম ছিনিয়ৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতাত অসমৰ তাৰকা খেলুৱৈ অংকুশিতা বড়ো, যমুনা বড়ো আদিয়ে অংশ ল’ব৷ উল্লেখ্য যে উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ দুই অলিম্পিয়ান বক্সাৰ শিৱ থাপা আৰু লাভলিনা বৰগোহায়েও অংশ ল’ব৷