গুৱাহাটী, ২ ডিচেম্বৰ, ২০২৪ : গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত (Indoor Stadium) মঙলবাৰৰ পৰা আৰম্ভ হ’ব য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা৷ বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে ইতিমধ্যে ভাৰতৰ লগতে বিশ্বৰ ২৩ খন দেশৰ পুৰুষ আৰু মহিলা শ্বাটলাৰ আহি গুৱাহাটীত উপস্থিত হৈছে৷

সোমবাৰে সকলো খেলুৱৈয়ে প্ৰতিযোগিতাস্থলীত অনুশীলনো কৰে৷ উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মহানগৰীত আয়োজন কৰা প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে প্ৰথমবাৰৰ বাবে অসমলৈ আহিছে চীন আৰু জাপানৰ শ্বাটলাৰ৷ অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি আয়োজক ভাৰতৰ (২১৪) পাছতে চীনৰ ৩২ জনীয়া দলটো প্ৰতিযোগিতাৰ দ্বিতীয় সৰ্ববৃহৎ দল৷ আনহাতে, জাপান দলৰ সদস্যৰ সংখ্যা হ’ল পাঁচ৷

প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ হৈ কোৱালিফায়িং ৰাউণ্ডৰ মেচ খেলিব অসমৰ ঈশাৰাণী বৰুৱা, সুৰজ গোৱালা আৰু অৰিজিত চলিহাই৷ ঈশাৰাণী আৰু অৰিজিতে একক শাখাত খেলাৰ বিপৰীতে ডাবলছত খেলিব সুৰজে৷ আঘাতৰ বাবে অস্মিতা চলিহাই অংশ লোৱাৰ পৰা বিৰত আছে বুলি সম্পাদক ওমৰ ৰছিদে জনায়৷ বি ডব্লিউ এফে গুৱাহাটী মাষ্টাৰ্ছৰূপে নিৰ্ধাৰণ কৰা প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলাৰ একক তথা ডাবলছৰ লগতে মিক্সড ডাবলছ শাখাৰো খেল অনুষ্ঠিত হ’ব৷ তিনি আৰু চাৰি ডিচেম্বৰত কোৱালিফায়িং ৰাউণ্ডৰ খেল হোৱাৰ বিপৰীতে পাঁচ ডিচেম্বৰৰ পৰা ৰাউণ্ড অব ১৬ ৰ খেল আৰম্ভ হ’ব৷

মুঠ এক লাখ ইউ এছ ডলাৰ প্ৰাইজমানি থকা প্ৰতিযোগিতাখন অহা আঠ ডিচেম্বৰত সমাপ্ত হ’ব৷ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈৰ সংখ্যা হ’ল ৪৬১ গৰাকী৷ আনহাতে, খেল পৰিচালকৰূপে থাকিব ১৩০ গৰাকী টেকনিকেল বিষয়া৷ ভাৰতীয় অনুৰাগীৰ দৃষ্টি থাকিব বিগত বৰ্ষত মহিলা ডাবলছৰ খিতাপ জয় কৰা অশ্বিনী প’নাপ্পা আৰু তানিশা ক্ৰিষ্টোৰ ওপৰত৷ আজি উভয় শ্বাটলাৰে দীৰ্ঘ সময় ধৰি অনুশীলনো কৰে৷