গুৱাহাটী, ৬ ডিচেম্বৰ, ২০২৪ : ভাৰতৰ অনমল খাৰ্ব আৰু মানসী সিঙ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত চলি থকা বি ডব্লিউ এফ (BWF) ট্যুৰৰ ছুপাৰ ১০০ বেডমিণ্টন প্ৰতিযোগিতা গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ ৰ মহিলাৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ বিপৰীতে চীনৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হৈ কোৱাৰ্টাৰ ফাইনেলত বিদায় লয় তনবী শৰ্মাই৷

ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মহানগৰীত আয়োজন কৰা প্ৰতিযোগিতাখনৰ সকলো শাখাৰে কোৱাৰ্টাৰ ফাইনেল মেচ আজি অনুষ্ঠিত হয়৷ অনমলে তিনিটা মাৰাথন ছেটৰ অন্তত চাপ নিয়ন্ত্ৰণ কৰি ২১-১৩, ২২-২৪, ২২-২০ ৰ ব্যৱধানত পৰাস্ত কৰে থাইলেণ্ডৰ লালিনৰাট চাইৱানক৷ আনহাতে, মানসীয়ে থাইলেণ্ডৰে য়াটাৱিমিন কেটকলিনক ২২-২০, ২১-১৮ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে।

মহিলাৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা অন্য দুই শ্বাটলাৰ হ’ল চীনৰ৷ ৱু লিউ য়ুৱে ভাৰতৰ তনবীক পৰাস্ত কৰাৰ বিপৰীতে কোৱালিফায়াৰ চাই য়ান য়ানে দেশৰে প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি চমক সৃষ্টি কৰে৷ ইফালে, পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ আয়ুষ ছেট্টী, ৰবি ৰবি আৰু তৰুণ মানিপালি পৰাস্ত হোৱাৰ বিপৰীতে আয়োজক দেশৰ হৈ একমাত্ৰ খেলুৱৈৰূপে জয়ৰে ছেমিফাইনেলত প্ৰৱেশ কৰিছে সতীশ কুমাৰে৷ তেওঁ থাইলেণ্ডৰ ছাৰন জামশ্ৰীক ২১-১৯, ২১-১৩ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে৷ বিপৰীতে চতুৰ্থ বাচনিৰ আয়ুষক মালয়েছিয়াৰ সপ্তম বাচনিৰ চিম জুই ৱেই ২১-১৪, ১৬-২১, ২২-২০ ৰ ব্যৱধানত পৰাস্ত কৰে৷

চীনৰ ৱাং ঝেঙে তৰুণক তথা চীনৰে কোৱালিফায়াৰ শ্বাটলাৰ ঝু ঝুৱান চেনে ভাৰতৰ ৰবিক পৰাস্ত কৰে৷ ইফালে, প্ৰত্যাশিতভাবে দেশৰে যুটিক ২১-১৬, ২১-১৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি মিক্সড শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ ধ্ৰুৱ কাপিলা আৰু তানিশা ক্ৰাষ্টোই৷ আনহাতে, বিগত বৰ্ষৰ মহিলাৰ ডাবলছ শাখাৰ চেম্পিয়ন অশ্বিনী পোনাপ্পা আৰু তানিশা ক্ৰাষ্টোয়ো হেলাৰঙে নিজৰ মেচত জয়ী হৈ ছেমিফাইনেলত প্ৰৱেশ কৰে৷ কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটিটোৱে ২১-১৮, ২১-১৩ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে চীনৰ হুৱাং কি ঝিন আৰু তাং ৰুই ঝিক৷ পুৰুষ ডাবলছ, মহিলা ডাবলছ তথা মিক্সড শাখাৰ অন্য চাৰিখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ শ্বাটলাৰ পৰাস্ত হয়৷