গুৱাহাটী, ৯ নৱেম্বৰ, ২০২৪ : বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰত ৪ দিনীয়া কাৰ্যসূচীৰে আম আদমি পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে আৰম্ভ কৰিছে সম্পৰ্ক যাত্ৰা (Samparka Yatra) অভিযান। সোমবাৰে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে ৰাওনা হয় আপৰ কৰ্মকৰ্তাৰ এটা দল। মঙলবাৰে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে কৰিমগঞ্জত সম্পৰ্ক যাত্ৰা কাৰ্যসূচীৰ এখন ৰাজহুৱা সভাৰ উপৰি জিলা কাৰ্যনিৰ্বাহকৰ বৈঠকত অংশগ্ৰহণ কৰিব।

বুধবাৰে হাইলাকান্দিত দলৰ সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ বাবে জিলাখনৰ দলীয় কৰ্মকৰ্তা সকলৰ সৈতে ভাৱ বিনিময় কৰিব। আপৰ হাইলাকান্দি জিলা সমিতিয়ে আয়োজন কৰা এখন জনসভাতো অংশগ্ৰহণ কৰিব ৰাজ্যিক নেতৃবৃন্দই। বৃহস্পতিবাৰে আম আদমি পাৰ্টীৰ কাছাৰ জিলা সমিতিৰ সদস্য সকলৰ সৈতে বৈঠকত মিলিত হ’ব। এই ভ্ৰমণৰ কালছোৱাত মনোজ ধানোৱাৰৰ লগতে দলৰ ৰাজ্যিক নেতৃবৃন্দই বৰাকৰ বিশিষ্ট বুদ্ধিজীৱি, লেখক-সাহিত্যিক, সাংবাদিক, শিল্পী তথা সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত একাংশ বিশিষ্ট লোকক সাক্ষাৎ কৰিব।

সম্পৰ্ক যাত্ৰা অভিযানৰ অন্তিম দিনা শিলচৰত সভাপতি মনোজ ধানোৱাৰে সংবাদমেল সম্বোধন কৰিব। চাৰিদিনীয়া এই সম্পৰ্কযাত্ৰা কাৰ্যসূচীত মনোজ ধানোৱাৰৰ সৈতে অংশগ্ৰহণ কৰিছে ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়া, উপ-সভাপতি সৌমিক সেনগুপ্ত, সামাজিক মাধ্যমৰ ৰাজ্যিক সমন্বয়ক তাৰিক চৌধুৰী আৰু সাংগঠনিক সম্পাদক জয়ন্ত শইকীয়া। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগে আগে বৰাক উপত্যকাৰ আটাইকেইটা বিধান সভা সমষ্টিত সদস্য ভৰ্তিৰ লগতে দলীয় সাংগঠনিক কাম কাজ তৰান্বিত কৰিবলৈ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গ্ৰহণ কৰিছে এই কাৰ্যসূচী।