নিউজ ডেস্ক, ৬ জানুৱাৰী, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱে (NFR)ৰ অধিক্ষেত্ৰৰ ১৪২ টা ৰে’ল ষ্টেচনত “ৱান ষ্টেচন ৱান প্ৰডাক্ট” (অ’এছঅ’পি) বিপনীসমূহ সফলতাৰে চলি আছে, যিয়ে ৰে’ল ষ্টেচনসমূহক স্থানীয় আৰু থলুৱা সামগ্ৰীৰ প্ৰচাৰ আৰু বিক্ৰীৰ ক্ষেত্ৰত প্ৰাণৱন্ত কেন্দ্ৰস্থল ৰূপে গঢ়ি তুলিছে। ষ্টেচনসমূহৰ এই বিপনীসমূহে কেৱল সংশ্লিষ্ট অঞ্চলৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা প্ৰদৰ্শন কৰাৰ বাবে এক মঞ্চ প্ৰদানেই নকৰে, লগতে স্থানীয় শিল্পী আৰু বিক্ৰেতাসকলৰ জীৱিকাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ইতিবাচক প্ৰভাৱ পেলায়।
অৰ্থনৈতিক সুৰক্ষা আৰু স্থায়ী জীৱিকা সৃষ্টি কৰাৰ উপৰিও, অ’এছঅ’পি আঁচনি সকলো শ্ৰেণীৰ সম্প্ৰদায়সমূহক সৱলীকৰণ আৰু কাৰুশিল্প সংৰক্ষণৰ বাবে এক অনুঘটক হিচাপে পৰিগণিত হৈছে। এই পদক্ষেপে ভকেল ফৰ লকেল অভিযানৰ প্ৰচাৰৰ দিশত সামগ্ৰী প্ৰদৰ্শন আৰু বিপণন কৰিবলৈ স্থানীয় শিল্পীসকলক সৱলীকৰণ কৰি তুলিছে। ৰে’ল যাত্ৰীসকলে এতিয়া তেওঁলোকৰ যাত্ৰা পথত থকা অ’এছঅ’পি আউটলেটসমূহত স্থানীয় হস্তশিল্প, হস্ততাঁত, কপাহৰ সামগ্ৰী আৰু অন্যান্য হস্তনিৰ্মিত শিল্পকলাৰ সমৃদ্ধশালী ঐতিহ্য অন্বেষণ কৰিব পাৰিব।
৩১ ডিচেম্বৰ, ২০২৪ তাৰিখ পৰ্যন্ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অধীনৰ পাঁচটা মণ্ডলৰ ১৪২ টা ষ্টেচনত অ’এছঅ’পি বিপনীসমূহ কাৰ্যকৰী হৈ আছে। ইয়াৰ ভিতৰত অসমত ৭৯ টা ষ্টল, পশ্চিম বংগত ৪৩ টা ষ্টল, বিহাৰত ১৩ টা ষ্টল, ত্ৰিপুৰাত ৪ ষ্টল, অৰুণাচল প্ৰদেশত ২ টা ষ্টল আৰু নাগালেণ্ডত ১ টা ষ্টল চলি আছে। এই ষ্টলসমূহে অসংখ্য স্থানীয় শিল্পী আৰু বিক্ৰেতাৰ অৰ্থনৈতিক উন্নতিত সামগ্ৰিকভাৱে অৰিহণা যোগাইছে।
অ’এছঅ’পি আঁচনিয়ে বিভিন্ন ধৰণৰ বৈশিষ্টপূৰ্ণ আৰু অমূল্য সামগ্ৰী প্ৰদৰ্শন কৰি আহিছে, যাৰ ভিতৰত আছে অসমীয়া পিঠা (চাউলৰ পিঠা), পৰম্পৰাগত থলুৱা পোছাক, জাপি, স্থানীয় বস্ত্ৰ, মৰাপাটৰ সামগ্ৰী (টুপী, পুতলা, গামোচা), বাঁহ আৰু বেতৰ সামগ্ৰী, দাৰ্জিলিং চাহ, স্থানীয়ভাৱে নিৰ্মিত ডিজাইনাৰ চুড়ি, নেকলেচ, কাণফুলি, চুলিৰ ক্লিপ আৰু অন্যান্য খাদ্য সামগ্ৰী অন্তৰ্ভূক্ত আছে।