গুৱাহাটী, ১০ জানুৱাৰী, ২০২৫ : পুহ মাহৰ শীতৰ মাজতে শনিবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত ফুটবলৰ উত্তাপ সৃষ্টি হ’ব৷ চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) কলকাতা ডাৰ্বি মেচত শনিবাৰে মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চি মুখামুখি হ’ব৷ ভাৰতীয় ফুটবল ইতিহাসত কলকাতা ডাৰ্বি শ্ৰেষ্ঠ খেল ৰূপে সমাদৃত৷ দীৰ্ঘ বিৰতিৰ পাছত অসমত অনুষ্ঠিত হ’ব মোহন বাগান আৰু ইষ্ট বেংগলৰ চৰম উত্তেজনাৰ মেচ৷

উল্লেখ্য যে আই এছ এলৰ ইতিহাসত দুয়োটা দলে ইতিমধ্যে নবাৰ মুখামুখি হৈছে আৰু আঠখন খেলতে মোহন বাগানে জয়লাভ কৰিছে৷ বিপৰীতে চিৰবৈৰী ক্লাবৰ বিৰুদ্ধে জয়ৰ সোৱাদ পোৱা নাই ইষ্ট বেংগলে৷ পইণ্ট তালিকাৰ শীৰ্ষত থকা মোহন বাগানে ইষ্ট বেংগলৰ বিৰুদ্ধে ২২ টা গ’লৰ গৌৰৱময় অভিলেখেৰে আত্মবিশ্বাসী হৈ আছে৷ ডিমিট্ৰিয়াছ পেট্ৰাটছ, মনবীৰ সিঙ, লিষ্টন ক’লাকো, জেমী মেকলেৰেন আৰু জেছন কামিংছৰে গঠিত মোহন বাগান আক্ৰমণ বিভাগে কাইলৈ গুৱাহাটীতো বিপক্ষক চাপত ৰাখিব৷

আক্ৰমনৰ দৰেই মোহন বাগানৰ ৰক্ষণ বিভাগো ইষ্ট বেংগলৰ বাবে অভেদ্য প্ৰাচীৰ৷ মাত্ৰ পাচটা গ’ল কৰা ইষ্ট বেংগলৰ এই প্ৰদৰ্শন আই এছ এলত যিকোনো দলৰ বিৰুদ্ধে দিয়া সৰ্বনিম্ন গ’ল৷ গুৱাহাটীত দুয়োটা দলে গুৰুত্বপূৰ্ণ পইণ্ট অৰ্জনৰ ওপৰতো দৃষ্টি ৰাখিব৷ মোহন বাগানে অপৰাজেয় ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰাৰ বিপৰীতে ইষ্ট বেংগলে নিজৰ প্ৰধান প্ৰতিদ্বন্দ্বীৰ দুৰ্গ ভাঙি আন এটা পৰাজয়ৰ পৰা হাত সাৰিবলৈ কাইলৈৰ মেচত আশা কৰিব৷

আই এছ এলত ইষ্ট বেংগলৰ বিৰুদ্ধে খেলা নখন মেচৰ প্ৰতিখনতে গ’ল কৰা মোহন বাগানে শনিবাৰে লীগ ডাবল ষ্ট্ৰিক কৰি এই সফলতা চতুৰ্থবাৰৰ বাবে কৰাৰ চেষ্টাও কৰিব৷ ইয়াৰপূৰ্বে চলিত লীগৰ প্ৰথম মুখামুখিত ইষ্ট বেংগলৰ বিৰুদ্ধে জয়লাভ কৰা মোহন বাগানে ২০২১-২২, ২০২৩-২৪ আৰু ২০২৪-২৫ চনতো একে চহৰৰ ক্লাবটোৰ বিৰুদ্ধে লীগ ডাবলছৰ সফলতা লাভ কৰিছিল৷

অৱশ্যে ইষ্ট বেংগলে ভেনিজুৱেলাৰ ষ্ট্ৰাইকাৰ ৰিচাৰ্ড চেলিছক নতুনকৈ চুক্তিবদ্ধ কৰি নিজৰ ফ্ৰণ্টলাইন শক্তিশালী কৰাৰ চেষ্টা কৰিছে৷ শনিবাৰৰ মেচত চেলিছৰ ভূমিকা লক্ষ্যণীয় হ’ব৷ ২৮ বছৰীয়া চেলিছে এটলেটিকো ভেনিজুৱেলা চি এফ, ডিপ’ৰ্টীভ’ জেবিএল, কাৰাকাছ এফচি আৰু একাডেমিয়া পুয়েৰ্টো কেবেলোৰ দৰে ক্লাবক প্ৰতিনিধিত্ব কৰিছে৷ ইষ্ট বেংগলৰ আক্ৰমণাত্মক মিডফিল্ডাৰ মাডিহ তালালৰ অনুপস্থিতিৰ ক্ষতিপূৰণ তেও কৰিব পাৰে৷

‘আমি আমাৰ সম্পদসমূহক অনুকুল ৰূপত গঢ়ি তুলিব লাগিব৷’ ইষ্ট বেংগলৰ মুখ্য প্ৰশিক্ষক অস্কাৰ ব্ৰুজনে কাইলৈৰ মেচত ভাল প্ৰদৰ্শন কৰিবলৈ নিজৰ খেলুৱৈসকলক সমৰ্থন কৰি এইদৰে কয়৷ কলকাতা ডাৰ্বিত খেলিবলৈ খেলপথাৰত নামিবলগীয়া খেলুৱৈসকলৰ ওপৰত দলৰ সম্পূৰ্ণ আস্থা আছে বুলিও তেওঁ ব্যক্ত কৰে৷

ইফালে, মোহন বাগানৰ মুখ্য প্ৰশিক্ষক জোচে মলিনাই দলৰ আকৰ্ষণীয় ট্ৰেক ৰেকৰ্ডক বিশেষ গুৰুত্ব দিয়া নাই৷ ‘আমি এতিয়ালৈকে আই এছ এলত যি কৰিলো সেয়া কাইলৈৰ খেলখনত কোনো গুৰুত্ব নাই৷ আমি ভাল প্ৰদৰ্শন কৰিব লাগিব৷ কাইলৈ তিনি পইণ্ট পাবৰ বাবে ৯০ মিনিটত বিপক্ষক পৰাস্ত কৰিব লাগিব৷’ মলিনাই কয়৷