নিউজ ডেস্ক, ১৭ জানুৱাৰী, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই সকলো বোনাফাইড যাত্ৰীৰ বাবে অসুবিধামুক্ত আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰিবলৈ নিয়মিত, ব্যাপক টিকট চেকিং অভিযান চলাই আহিছে। এই অভিযানসমূহৰ উদ্দেশ্য হৈছে, টিকটবিহীন আৰু অনিয়মিত ভ্ৰমণ নিয়ন্ত্ৰণ কৰা, যাৰ ফলত প্ৰকৃত যাত্ৰীসকল (Passenger) অসুবিধাত পৰে।
এপ্ৰিলৰ পৰা ডিচেম্বৰ ২০২৪ লৈকে, মুঠ ৫,৭০,১৪১ টা টিকটবিহীন বা অনিয়মীয়া ভ্ৰমণৰ ঘটনা ধৰা পৰে। সেয়েহে, এনে ধৰণৰ অনুসন্ধান আৰু অভিযানৰ পৰিণামস্বৰূপে ভাড়া আদায় আৰু অননুমোদিত যাত্ৰীসকলৰ ওপৰত আৰোপ কৰা জৰিমনাৰ জৰিয়তে প্ৰায় ৪৮.১১ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা হয়।
একে সময়তে, উত্তৰ পূব সীমান্ত ৰে’লৱে দণ্ডাধীশৰ সহায়ত অননুমোদিত যাত্ৰীসকলৰ বিৰুদ্ধে আঠটাকৈ আকস্মিক টিকট চেকিং অভিযান চলায়। ফলস্বৰূপে, ৪৪৮ জন ব্যক্তিৰ বিৰূদ্ধে গোচৰ চলোৱা হয়, যাৰ ভিতৰত ৩৮০ জনে ৰে’লৱে আইনৰ নিয়মাৱলী উলংঘা কৰা প্ৰত্যক্ষ কৰা গৈছিল। সেই অনুসৰি তেওঁলোকৰ ওপৰত জৰিমনা বিহা হয়, এই অভিযানৰ সময়ত সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ আছিল প্ৰায় ২.১৩ লাখ টকা। জৰিমনাসমূহত ভাড়া, জৰিমনা মাচুল আৰু চৰকাৰী শুল্ক অন্তৰ্ভূক্ত আছিল।
সঠিক টিকট অবিহনে বা অনুমোদিত দূৰত্বৰ বাহিৰত ভ্ৰমণ কৰা যাত্ৰীসকলে অতিৰিক্ত মাচুল আৰু ভাড়াৰ বাবে দায়বদ্ধ। এই ক্ষেত্ৰত যদি যাত্ৰীসকল দাবী অনুসৰি ধন পৰিশোধ কৰিবলৈ ব্যৰ্থ হয় বা অস্বীকাৰ কৰে, তেওঁলোকে ৰে’লৱে আইন, ১৯৮৯ ৰ প্ৰাসঙ্গিক ধাৰাসমূহৰ অধীনত গোচৰৰ সন্মূখীন হ’ব লগা হয়।উত্তৰ পূব সীমান্ত ৰে’লৱেই সাধাৰণ জনসাধাৰণক অসুবিধা পৰিহাৰ কৰিবলৈ সঠিক আৰু বৈধ টিকটৰ সৈতে ভ্ৰমণ কৰিবলৈ আৰু বৈধ পৰিচয় পত্ৰ কঢ়িয়াই নিবলৈ আহ্বান জনাইছে।
এতিয়া যাত্ৰীসকলে তেওঁলোকৰ স্মাৰ্ট ফোনত অসংৰক্ষিত টিকেটিং চিষ্টেম (ইউটিএছ) মোবাইল এপ্লিকেচনৰ জৰিয়তে দেশৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ ভ্ৰমণ কৰিবলৈ অসংৰক্ষিত টিকট ক্ৰয় কৰিব পাৰিব। ইউটিএছ এপ্লিকেচনটো এণ্ড্ৰইড আৰু আইঅএছ উভয় প্লেটফৰ্মৰ পৰা ডাউনলোড কৰিব পাৰিব।