গুৱাহাটী, ৮ ফেব্ৰুৱাৰী, ২০২৫ : গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰথম গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (GAFF)ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ‘গাল্লী বয়’, ‘ৰাইছ’ আৰু নেটফ্লিক্সৰ ‘তাজমহল ১৯৮৯’ৰ দৰে জনপ্ৰিয় ছবিত বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ বুকুত নিগাজি স্থান লাভ কৰিবলৈ সক্ষম হোৱা বলিউডৰ প্ৰখ্যাত অভিনেত্ৰী শীবা চাড্ডা। জ্যোতি চিত্ৰবনত অনুষ্ঠিত জিএএফএফৰ উদ্বোধনী অনুষ্ঠানত চলচ্চিত্ৰ নিৰ্মাতা প্ৰেৰণা বৰবৰুৱাৰ সৈতে হোৱা এক অন্তৰংগ বাৰ্তালাপত নিজৰ অভিনয় যাত্ৰা, ভ্ৰাম্যমাণৰ প্ৰতি থকা প্ৰেম আৰু অভিনয়ৰ প্ৰতি থকা স্বভাৱগত দৃষ্টিভংগীৰ বিষয়ে নিজৰ অভিমত ব্যক্ত কৰে প্ৰখ্যাত অভিনেত্ৰীগৰাকীয়ে।
এই অন্তৰংগ বাৰ্তালাপৰ সময়ত শৈশৱৰ কথা সুঁৱৰি অভিনেত্ৰী শীবা চাড্ডাই কয় যে শৈশৱত তেওঁ পিতৃ-মাতৃৰ কাপোৰ পিন্ধি কাল্পনিক অভিনয়ত মচগুল হোৱা এটি “স্বপ্নবিলাসী” শিশু আছিল। তেওঁ কয় যে শৈশৱত অভিনয়ৰ প্ৰতি জাগি উঠা দূৰন্ত হেঁপাহেই তেওঁৰ ভৱিষ্যতত তেওঁৰ এক সফল কেৰিয়াৰ ভেঁটি স্থাপন কৰিছে। ইফালে, ভ্ৰাম্যমাণ আৰু চিনেমাৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে নিজৰ অভিমত ব্যক্ত কৰাৰ সময়ত তেওঁ কয় যে যদিও এই দুটা মাধ্যমৰ প্ৰয়োজনীয়তা ভিন্ন, তেওঁৰ বাবে দুয়োটাৰে মৰ্যাদা সমান। তেওঁৰ ভাষাত, “প্ৰতিটো মাধ্যমে এগৰাকী অভিনেতাৰ পৰা বিভিন্ন দক্ষতা দাবী কৰে, কিন্তু মোৰ বাবে দুয়োটা মাধ্যম সমানেই গুৰুত্বপূৰ্ণ।”
প্ৰেৰণা বৰবৰুৱাৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত দৃশ্যগ্ৰহণস্থলীত লিংগ ভাৰসাম্যৰ কথা মুকলিকৈ কৈ শীবা চাড্ডাই মহিলা পৰিচালকৰ সৈতে কাম কৰাৰ এটা বিশেষ সংযোগৰ কথা উল্লেখ কৰে। তেওঁ কয়, “মহিলা পৰিচালকৰ সৈতে কাম কৰিলে এক প্ৰকাৰৰ নিৰৱ বুজাবুজি বা অদৃশ্য বন্ধুত্বৰ সৃষ্টি হয়, যিটো শব্দৰে প্ৰকাশ কৰা কঠিন।” ইফালে, অভিনেত্ৰী শীবা চাড্ডাই বিভিন্ন চৰিত্ৰত অভিনয়ৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু আনন্দৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে ‘তাজমহল ১৯৮৯’ত মমতাজৰ চৰিত্ৰটোত অভিনয় কৰি তেওঁ যথেষ্ট সুখী হৈছিল। চৰিত্ৰটোত সংমিশ্ৰণ ঘটা উগ্ৰতা আৰু সৰলতাই তেওঁক এক অন্য অনুভূতি প্ৰদান কৰা বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।
একে সময়তে তেওঁৰ অভিনয় কেৰিয়াৰৰ বিৱৰ্তন সন্দৰ্ভত তেওঁ কয়, “মই নিজকে আৰু কেৱল থিয়েটাৰ শিল্পী হিচাপে নাভাৱো। মই এতিয়া বহুলাংশে চিনেমা আৰু অ’টিটি অভিনেত্ৰী।” ২৫ বছৰতকৈও অধিক সময় ধৰি অভিনয়ৰ সৈতে জড়িত হৈ থকা শীবা চাড্ডাই নতুন প্ৰজন্মৰ অভিনেতাসকলৰ পৰিৱৰ্তিত পৰিৱেশৰ বিষয়ে মন্তব্য কৰি তেওঁৰ প্ৰথম দিন আৰু আজিৰ পৰিৱেশৰ মাজত থকা বিশাল পাৰ্থক্যৰ কথা স্বীকাৰ কৰে। উল্লেখ্য যে, প্ৰখ্যাত অভিনেত্ৰী শীবা চাড্ডাৰ বহুমুখী প্ৰতিভা আৰু অভিনয়ৰ প্ৰতি থকা একান্ত নিষ্ঠাই দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয়, যাৰ ফলত তেওঁৰ এই সমাৱেশ জি এ এফ এফৰ বাবে এক প্ৰেৰণাদায়ক আৰম্ভণি হিচাপে পৰিগণিত হয়।