গুৱাহাটী, ৯ ফেব্ৰুৱাৰী, ২০২৫ :  শ্ৰীলংকাৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰসন্ন বিথানাগে গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (GAFF))ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি চলচ্চিত্ৰক সীমান্তসমূহৰ মাজৰ এক সেঁতু হিচাপে গঢ়ি তোলাৰ বাবে সকলোকে আহ্বান জনায়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সীমান্ত নীতিৰ সমালোচনা কৰি বিথানাগেয়ে বৰ্তমানৰ মেৰুকৃত পৃথিৱীত কলাত্মক আৰু সাংস্কৃতিক সম্পৰ্ক গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। 

মহোৎসৱৰ উদ্বোধন কৰি প্ৰসন্ন বিথানাগেয়ে কয়, “এই মহোৎসৱৰ টেগলাইন ‘চিনেমা বিয়ণ্ড বৰ্ডাৰছ’ হৈছে আমাৰ সামূহিক লক্ষ্যৰ প্ৰতিফলন। যেতিয়া ৰাজনৈতিক নেতাসকলে বিভাজনৰ দেৱাল নিৰ্মাণ কৰি আছে, তেতিয়া চিনেমাই মানুহক সংযোগ কৰিব লাগিব।” উল্লেখ্য যে, ২০১৭ চনত বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ছ’লিডেৰিটী এৱাৰ্ড সন্মানেৰে সন্মানিত হোৱাৰ পৰাই অসমৰ সৈতে অটুত সম্পৰ্ক গঢ়ি তুলিছিল শ্ৰীলংকাৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰসন্ন বিথানাগেয়ে। তাৰ পৰৱৰ্তী সময়ছোৱাত তিনিবাৰকৈ অসম ভ্ৰমণৰ পিছত এইবাৰ চতুৰ্থবাৰৰ বাবে অসমত উপস্থিত হৈছে চলচ্চিত্ৰ নিৰ্মাতাগৰাকী।

ইফালে, অসমীয়া চলচ্চিত্ৰৰ প্ৰশংসা কৰি তেওঁ ৰিমা দাস আৰু শিলাদিত্য বৰাৰ দৰে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বিশ্বব্যাপী প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। তদুপৰি অসমীয়া ছবি পৰিচালক জাহ্নু বৰুৱাৰ ‘হালধীয়া চৰাইয়ে বাওঁধান খাই’ আৰু মঞ্জু বৰাৰ কৰ্মৰাজিৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে প্ৰসন্ন বিথানেজে। অন্যহাতে, জি এ এফ এফৰ সন্মানীয় মহোৎসৱ পৰিচালক আই এ এছ বিষয়া মণিতা বৰগোহাঁঞিকো সীমিত চৰকাৰী সহায়ৰ দৰে প্ৰত্যাহ্বানৰ মাজতো মহোৎসৱ সংগঠিত কৰাৰ ক্ষেত্ৰত তেওঁৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে বিথানাগেয়ে।

তেওঁ কয়, “এনেকুৱা কিবা এটা কৰিবলৈ হ’লে আপোনাক ৯৮ শতাংশ আবেগ আৰু ২ শতাংশ পাগলামিৰ প্ৰয়োজন।” উল্লেখ্য যে, সমগ্ৰ বিশ্বজুৰি কাহিনী উপস্থাপনৰ বাবে এক মঞ্চ হিচাপে জি এ এফ এফে স্বতন্ত্ৰ চলচ্চিত্ৰৰ এক গুৰুত্বপূৰ্ণ প্লেটফৰ্ম হিচাপে যাত্ৰা আৰম্ভ কৰিছিল, যিয়ে সাংস্কৃতিক বিভাজন থকা স্বত্বেও চলচ্চিত্ৰ নিৰ্মাতা আৰু দৰ্শকক সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰে। বিথানাগেৰ প্ৰেৰণাদায়ক উপস্থিতিয়ে চলচ্চিত্ৰৰ মাধ্যমেৰে বিশ্বক একত্ৰিত কৰাৰ মহোৎসৱৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে।