নিউজ ডেস্ক, ৮ মাৰ্চ, ২০২৫ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে (NEU FC) চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ অন্তিমখন লীগ মেচত ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব৷ উল্লেখ্য যে গুৱাহাটীৰ দলটোৱে ইতিমধ্যে প্লে-অফত স্থান নিশ্চিত কৰিছে৷ কিন্তু প্লে-অফ মেচত দলৰ প্ৰতিদ্বন্দ্বী তথা মেচখন খেলিব লগা স্থান এতিয়াও নিশ্চিত হোৱা নাই৷ শ্বিলংৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শনিবাৰে মেচখন আবেলি পাঁচ বজাৰ পৰা আৰম্ভ হ’ব৷ উল্লেখ্য যে এয়া শ্বিলংত নৰ্থ ইষ্ট ইউনাইটেডৰ তৃতীয় মেচ৷

ইয়াৰপূৰ্বে মুম্বাই চিটী এফ চি আৰু বেংগালুৰু এফ চিৰ বিৰুদ্ধে খেলা উভয় মেচতে দলটো পৰাজয়ৰ সন্মুখীন হৈছে৷ সেয়ে শনিবাৰে মেচ গুৰুত্বহীন যদিও নৰ্থ ইষ্ট ইউনাইটেডৰ লক্ষ্য শ্বিলংৰ সমৰ্থকক জয়ৰে আনন্দ উপহাৰ দিয়া৷ অন্তিম মেচত চেন্নাইয়ান এফ চিক পৰাস্ত কৰি প্লে-অফত স্থান নিশ্চিত কৰা নৰ্থ ইষ্ট ইউনাইটেডে ২৩ খন মেচ খেলি ৩৫ পইণ্ট লাভ কৰিছে৷ ৯ খনত জয় তথা ৮ খন ড্ৰ খেলা দলটো বৰ্তমান পইণ্ট তালিকাত পঞ্চম স্থানত আছে৷ শনিবাৰে তিনি পইণ্ট লাভ কৰিলে উত্তৰণৰ সুযোগ লাভ কৰিব দলটোৱে৷

ইফালে, ইষ্ট বেংগল এফ চিৰ বাবে এই মেচ কাৰ্যতঃ গুৰুত্বহীন৷ ২৩ খন মেচ খেলি ২৮ পইণ্ট লাভ কৰা ইষ্ট বেংগলে প্লে-অফৰ দৌৰৰ পৰা আঁতৰি আহিছে৷ কিন্তু অন্তিম মেচত জয়ৰে ছিজন সামৰাৰ লক্ষ্য লৈ শনিবাৰে মেচত ঘৰুৱা দলটোক চাপত ৰখাৰ চেষ্টা কৰিব ইষ্ট বেংগলে৷ ইফালে, চেন্নাইন এফ চিৰ বিৰুদ্ধে ৩-০ গ’লত জয়লাভ কৰি নৰ্থ ইষ্ট ইউনাইটেডে এই ছিজনত সপ্তমবাৰৰ বাবে এখন খেলতে তিনিটা বা তাতকৈ অধিক গ’ল দিয়াৰ সফলতা লাভ কৰিছে৷ মোহন বাগান ছুপাৰ জায়েণ্টে নবাৰ বিপক্ষক তিনিটা বা তাতকৈ অধিক গ’লত পৰাস্ত কৰিছে৷

শনিবাৰৰ মেচত যদিও নৰ্থ ইষ্ট ইউনাইটেড ফেভাৰিট কিন্তু গৃহভূমিত ব্যৰ্থতা দলৰ বাবে নেতিবাচক দিশ৷ নৰ্থ ইষ্ট ইউনাইটেডে চলিত লীগত এতিয়ালৈকে ৪২ টা গ’ল কৰিছে৷ দলৰ মৰক্কোৰ ষ্ট্ৰাইকাৰ আলাউদ্দিন আজাৰায়ে অকলে ২১ টা গ’ল কৰাৰ বিপৰীতে গুইলেৰ্মো ফাৰ্নাণ্ডেজ আৰু নেষ্টৰ আলবিয়াচে পাঁচটাকৈ গ’ল দিছে৷ আই এছ এলত দুয়োটা দলে ৯ খন খেল খেলিছে আৰু নৰ্থ-ইষ্ট ইউনাইটেডে ৪ খনত তথা ইষ্ট বেংগলে ৩ খনত জয়ী হোৱাৰ বিপৰীতে দুখন মেচত ড্ৰ’ হৈছে৷

শনিবাৰৰ মেচক লৈ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে কয়, ‘আমি ইষ্ট বেংগলৰ বিৰুদ্ধে ইতিমধ্যে খেলিছো৷ সকলোখিনিয়ে অৱগত৷ কিন্তু আমি বিৰোধী দলতকৈ গ’ল দিয়া আৰু আমাৰ গেমপ্লে’ৰ ওপৰত দৃষ্টি ৰখাটো প্ৰয়োজন৷ আমি কিছুমান পজিচনত নতুন খেলুৱৈক সুযোগ দিম৷’ ইফালে, ইষ্ট বেংগলৰ সহকাৰী প্ৰশিক্ষক বিনো জৰ্জে কয়, ‘আমি সদায় দলৰ সকলো মেচতে গুৰুত্ব দিওঁ৷ কিয়নো প্ৰতিখন মেচে ক্লাবৰ বাবে গুৰুত্বপূৰ্ণ৷ শনিবাৰৰ মেচৰ বাবে আমাৰ পৰিকল্পনা নিৰ্ধাৰণ কৰা হৈছে আৰু আমি সেয়া অনুসৰণ কৰাত মনোনিৱেশ কৰিম৷’