নিউজ ডেস্ক, ২১ এপ্ৰিল, ২০২৫ : বন্যপ্ৰাণী (Wildlife) সুৰক্ষাৰ দিশত এক প্ৰশংসনীয় প্ৰচেষ্টা ৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং মণ্ডলৰ শিলচৰ পোষ্টৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ এটা দলে ১৪ এপ্ৰিল তাৰিখে শিলচৰ ৰে’ল ষ্টেচনত চলোৱা এক বিশেষ অভিযানৰ সময়ত ৪৫০ টা জীৱিত ভেকুলীৰ উদ্ধাৰ আৰু প্ৰাণৰক্ষা কৰে। ১৪ এপ্ৰিলৰ ৰাতিপুৱা প্ৰায় ৮ বজাত, শিলচৰৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দল এটাই ১ নং প্লেটফৰ্মৰ সমীপত গৰাকীবিহীন তিনিটা মোনা পৰি থকা দেখা পায়। পৰীক্ষা কৰাৰ পিছত, প্ৰতিটো মোনাত প্ৰায় ১৫০ টাকৈ জীৱিত ভেকুলী থকা দেখা পোৱা যায়, য’ত মুঠ ৪৫০ টা ভেকুলী আছিল।
বহু প্ৰচেষ্টা স্বত্বেও, মোনাসমূহৰ কোনো মালিক বিচাৰি পোৱা নগ’ল। তৎক্ষণিকভাৱে আৰু দায়িত্বসহকাৰে কাম কৰি, ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে উদ্ধাৰ কৰা ভেকুলীসমূহক উপযুক্ত পুনৰ্সংস্থাপন আৰু পৰৱৰ্তী পদক্ষেপৰ বাবে শিলচৰৰ বৰাক ভেলী বন্যপ্ৰাণী সংমণ্ডলৰ বিভাগীয় বন বিষয়া (ডিএফঅ’)ৰ জিম্মালৈ সুৰক্ষিতভাৱে স্থানান্তৰ কৰাটো নিশ্চিত কৰে। এই ঘটনাটোৱে কেৱল যাত্ৰী আৰু ৰে’লসম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰতে নহয় বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাত অৰিহণা যোগোৱাত ৰে’লৱে সুৰক্ষা বাহিনীৰ সক্ৰিয় ভূমিকাৰ ওপৰতো আলোকপাত কৰিছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেই পৰিৱেশ কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ সতৰ্কতা আৰু সহযোগিতাৰ জৰিয়তে সুৰক্ষা নিশ্চিত কৰি পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ বুলি উত্তৰ পূব সীমান্ত ৰে’ল বিভাগৰ ফালৰ পৰা জানিবলৈ দিয়ে। উল্লেখ্য যে পূব সীমান্ত ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’লযোগে সৰবৰাহ হোৱা নিচাযুক্ত সামগ্ৰীৰ লগতে অবৈধ সামগ্ৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত ইয়াৰ পূৰ্বেও ৰে’লৱে সুৰক্ষা বাহিনীয়ে কেইবাটাও সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।