গুৱাহাটী, ১৮ মে, ২০২৫ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ১৫ মে’ ২০২৫ তাৰিখে অমৃত ভাৰত (Amrit Bharat) ষ্টেচন আঁচনিৰ (এবিএছএছ)ৰ অধীনৰ পাঁচটা মুখ্য ষ্টেচন উত্তৰ লখিমপুৰ, ৰঙাপৰা নৰ্থ, মাজবাট, গহপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ নিৰ্মাণাধীন পুনৰ্বিকাশ কাৰ্যৰ এক বিস্তৃত পৰিদৰ্শন কৰে। এই আঁচনিৰ অধীনত ৰূপান্তৰণ কৰিবলৈ বাছনি কৰা অসমৰ ৫০ টা ষ্টেচনৰ ভিতৰত এই ষ্টেচনসমূহ অন্যতম আৰু যাৰ লক্ষ্য হৈছে আন্তঃগাঁথনিৰ বিকাশ আৰু যাত্ৰীৰ সুবিধা বৃদ্ধি কৰা।

উত্তৰ লখিমপুৰৰ বাবে প্ৰায় ৭.১২ কোটি টকা, ৰঙাপৰা নৰ্থৰ বাবে ৫৫.১৭ কোটি টকা, মাজবাটৰ বাবে ১২.০৪ কোটি টকা, গহপুৰৰ বাবে ৮.৪৯ কোটি টকা আৰু বিশ্বনাথ চাৰিআলিৰ বাবে ১৪.০৭ কোটি টকাৰ এক নিৰ্ধাৰিত বিনিয়োগেৰে এই ষ্টেচনসমূহৰ উল্লেখযোগ্য উন্নীতকৰণৰ বাবে পুনৰ্বিকাশৰ পৰিকল্পনা কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অধীনৰ সৰ্ব্বমুঠ ৯২ টা ষ্টেচন এবিএছএছ আঁচনিৰ জৰিয়তে পুনৰ্বিকাশৰ বাবে ধাৰ্য্য কৰা হৈছে, য’ত এক অত্যাধুনিক সুবিধা আৰু যাত্ৰীৰ বাবে সামগ্ৰিক ভ্ৰমণ অভিজ্ঞতাৰ দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব।

পৰিদৰ্শনৰ সময়ছোৱাত, মহাপ্ৰৱন্ধকে মানদণ্ড, সময়মতে সম্পূৰ্ণ কৰা আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব দি অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনৰ (এবিএছএছ) ষ্টেচন পুনৰ্বিকাশৰ ওপৰত এক পৰ্যালোচনা কৰে। তেওঁ উন্নত যাত্ৰী স্বাচ্ছন্দ্য, আধুনিক সা-সুবিধা আৰু উন্নত সৌন্দৰ্য্যবোধৰ ওপৰত অৱলোকনেৰে এই আঁচনিখনৰ ওপৰত আলোকপাত কৰে। বিষয়াবৰ্গৰ সৈতে মত বিনিময়ৰ সময়ত তেখেতে যাত্ৰী সেৱাৰ নূন্যতম বাধাৰ ওপৰত দৃষ্টি ৰাখি তাৎক্ষণিকভাৱে কাৰ্য ৰূপায়নৰ আহ্বান জনায়, নিৰ্মানাধীন কাম-কাজসমূহৰ প্ৰশংসা কৰে আৰু নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত কাম সম্পন্ন কৰিবলৈ নিৰ্মাণ কাৰ্যৰ গতিবেগ বাহাল ৰখাৰ ওপৰত জোৰ দিয়ে।

মহাপ্ৰৱন্ধকে ৰঙাপৰা নৰ্থস্থিত উপ-মাণ্ডলিক ৰে’লৱে চিকিৎসালয় পৰিদৰ্শন কৰে, য’ত তেখেতে এক অত্যাধুনিক চিআৰ ছিষ্টেম এক্স-ৰে মেচিন উদ্বোধন কৰে, যি চিকিৎসালয়খনৰ ৰোগ নিৰ্ণয়ৰ ক্ষমতাক তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি কৰিব। ইয়াৰ উপৰি তেখেতে ট্ৰেক আৰু ৰে’ল পৰিচালনৰ স্থিতি নিৰ্ণয় কৰাৰ অৰ্থে উত্তৰ লখিমপুৰ আৰু ৰঙাপৰা নৰ্থৰ মাজত এক উইনডো ট্ৰেইলিং পৰিদৰ্শন পৰিচালন কৰে।

এই ষ্টেচনসমূহৰ পুনৰ্বিকাশৰ লক্ষ্য কেৱল ৰে’ল যাত্ৰীৰ ভ্ৰমণ অভিজ্ঞতা বৃদ্ধিৰ বাবেই নহয়, আনহাতে ই এক বিশ্বস্তৰীয় পৰিবহন সেৱাৰ দিশত ভাৰতীয় ৰে’লৱেৰ ৰূপান্তৰণৰ বিস্তৃত দৃষ্টিভঙ্গীকো আগুৱাই নিয়ে। এই পদেক্ষেপে কেৱল আন্তঃগাঁথনি আৰু সা-সুবিধাৰ আধুনিকৰণৰ ওপৰতেই গুৰুত্ব প্ৰদান নকৰি সকলোৰে বাবে কাৰ্যকৰী, সুৰক্ষিত আৰু অন্তৰ্ভূক্তিৰে ৰে’লসেৱা স্মাৰ্ট প্ৰযুক্তিৰ একীভূতকৰণ আৰু বহনক্ষম সুগম আৰু সংহত সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।