নগাঁও, ২১ মে’, ২০২৫ : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মে’ ২০২৫ তাৰিখ বৃহস্পতিবাৰে অসমত পুনৰ্বিকশিত হয়বৰগাঁও ৰে’লৱে ষ্টেচনৰ ভাৰ্চুৱেলী আনুষ্ঠানিক উদ্বোধন কৰিব, যি উত্তৰ-পূৰ্ব্বাঞ্চল তথা ৰাজ্যখনৰ বাবে এটি ঐতিহাসিক মূহুৰ্ত হিচাপে চিহ্নিত হ’ব। এই অনুষ্ঠানটো অমৃত ভাৰত ষ্টেচন আঁচনিৰ (Amrit Bharat Station) ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰূপায়ণৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব।
কিয়নো, অসমৰ ভিতৰত চিনাক্ত কৰা ৫০ টা ৰে’লৱে ষ্টেচনৰ মাজত প্ৰথমটো ৰে’ল ষ্টেচন হিচাপে এই উচ্চাকাংক্ষী আঁচনিৰ অধীনত হয়বৰগাঁও ৰে’লৱে ষ্টেচনৰ উদ্বোধন হ’ব। এই উদ্বোধন অনুষ্ঠানটো ৰাষ্ট্ৰজুৰি সামৰি লোৱা ১০৩ টা পুনৰ্বিকশিত ষ্টেচনৰ এক অংশ হিচাপে, প্ৰায় ১৫.৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত হয়বৰগাঁও ৰে’লৱে ষ্টেচনৰ উদ্বোধনে অঞ্চলটোৰ ৰে’লৱে আন্তঃগাঁথনিৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰিব।
অন্যান্য উদ্বোধনৰ পৰা পৃথক এই দিনটোৱে এক বিশেষ তাৎপৰ্য বহন কৰিব, যিহেতু ই আধুনিক ৰে’ল সংযোগৰ জৰিয়তে আঞ্চলিক ব্যৱধানক দূৰ কৰাৰ লগতে মৌলিক আন্তঃগাঁথনি উন্নয়নৰ ওপৰত প্ৰধানমন্ত্ৰীৰ অটুট সংকল্পকে প্ৰতিফলিত কৰিছে। হয়বৰগাঁও ষ্টেচনৰ পুনৰ উন্নয়ন কেৱল প্ৰযুক্তিগত আৰু ভাষ্কৰ্যশৈলীৰ উন্নীতকৰণৰ দিশৰ পৰাই নহয়, ই চৰকাৰৰ উত্তৰ-পূৰ্ব্বাঞ্চলক ত্বৰান্বিত ৰাষ্ট্ৰ উন্নয়নৰ সৈতে সংযোজিত কৰাৰ দিশত দৃঢ় সংকল্প কৰাৰ এক প্ৰতীক।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লগতে অসমৰ বাবেও এক গৌৰৱৰ মূহুৰ্ত, যিহেতু এইটো অসমৰ অংশগ্ৰহণক নেতৃত্ব দি ভাৰতীয় ৰে’লৱেৰ অতি উচ্চাকাংক্ষী ষ্টেচন পুনৰ উন্নয়ন প্ৰকল্পসমূহৰ আগশাৰীত ৰাখিছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমত প্ৰথমটো ষ্টেচন হিচাপে উদ্বোধন হ’বলগীয়া হয়বৰগাঁও ষ্টেচনৰ নিৰ্বাচনে ইয়াৰ কৌশলগত তাৎপৰ্য আৰু যাত্ৰী সা-সুবিধা কেন্দ্ৰ কৰি আধুনিকীকৰণৰ দিশত স্পষ্ট দৃষ্টিভংগীৰ সৈতে সফলভাৱে প্রকল্পটো প্ৰতিফলিত কৰিছে।
ইয়াৰ আধুনিক সা-সুবিধাসমূহৰ লগতে, উন্নত প্রবেশযোগ্যতা আৰু সাংস্কৃতিক সাংস্কৃতিক সৌন্দৰ্যৰে সজ্জিত হৈ, ষ্টেচনটোৱে অসমত পুনৰ্বিকাশৰ বাবে নিৰ্ধাৰিত ৪৯ টা অন্যান্য ষ্টেচনৰ বাবে এক মানদণ্ড দাঙি ধৰিছে। প্ৰধানমন্ত্ৰীয়ে এই আধুনিক ৰে’ল অভিজ্ঞতাৰ প্ৰৱেশদ্বাৰ উদ্ধোধন কৰাৰ লগে লগে হয়বৰগাঁও কেৱল মাত্ৰ এটা ষ্টেচন হিচাপে নহয়, অসমৰ আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ জনসাধাৰণৰ বাবে প্ৰগতি, গৌৰৱ আৰু প্ৰতিশ্ৰুতি এক প্ৰতীক ৰূপে পৰিগণিত হ’ব।