নিউজ ডেস্ক, ২৫ মে’, ২০২৫ :২০২৫ বৰ্ষৰ অনাগত গ্ৰীষ্মকালৰ সময়ছোৱাত ৰে’লযাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে, উত্তৰ পূব সীমান্ত ৰে’লৱেই (NF Railway) আনন্দ বিহাৰ টাৰ্মিনেল আৰু যোগবাণীৰ মাজত এখন অতিৰিক্ত গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলোৱাৰ ঘোষণা কৰিছে। এই সেৱাসমূহ প্ৰতিটো দিশত ৮ ট্ৰিপৰ বাবে চলিব। লগতে বিশেষ ৰে’ল নং. ০৭০৪৬/০৭০৪৭ (চাৰলাপল্লি-নাহৰলগুন-চাৰলাপল্লি)ৰ পৰিচালনাৰ সময়সীমা আৰু সময়সূচী উভয় দিশত অতিৰিক্ত ৮ টা ট্ৰিপৰ বাবে সম্প্ৰসাৰিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বিশেষ ৰে’ল ০৪০৭৪ (আনন্দবিহাৰ টাৰ্মিনেল-যোগবাণী) বৰ্তমান পৰিচালনাত আছে আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা ২৩ মে’ ২০২৫ ৰ পৰা ১১ জুলাই ২০২৫ লৈকে প্ৰতি শুকুৰবাৰে ২৩:৫৫ বজাত প্ৰস্থান কৰি দেওবাৰে ০৭:৩০ বজাত যোগবানীত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৪০৭৩ (যোগবাণী-আনন্দবিহাৰ টাৰ্মিনেল) ৰে’লখন যোগবাণীৰ পৰা ২৫ মে’ ২০২৫ ৰ পৰা ১৩ জুলাই ২০২৫ লৈকে প্ৰতিটো দেওবাৰে ০৯:৩০ বজাত প্ৰস্থান কৰি সোমবাৰে ১৬:০০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব।

দুয়োটা দিশৰ যাত্ৰাৰ সময়ত ৰে’লখন গাজিয়াবাদ, কানপুৰ চেন্ট্ৰেল, লক্ষ্ণৌ, বাৰাণসী জংচন, বালীয়া, ছাপ্ৰা জংচন, বাৰাউনী জংচন, খগৰীয়া জংচন, কাটিহাৰ জংচন, ফৰবেচগঞ্জ আদি ষ্টেচন হৈ চলাচল কৰিব। এই ৰে’লখনত মুঠ ২০ টা ডবা সংলগ্ন থাকিব। আন এখন, ৰে’ল নং ০৭০৪৬ (চাৰলাপল্লি-নাহৰলগুন) সাপ্তাহিক বিশেষ ৰে’লখনৰ পৰিচালনা ৭ জুনৰ পৰা ২৬ জুলাই, ২০২৫ লৈকে সম্প্ৰসাৰণ কৰা হৈছে আৰু ৰে’ল নং ০৭০৪৭ (নাহৰলগুন-চাৰলাপল্লি) সাপ্তাহিক বিশেষ ৰে’লখন ১০ জুনৰ পৰা ২৯ জুলাই, ২০২৫ লৈকে সম্প্ৰসাৰণ কৰা হৈছে।

এই ৰে’লসমূহ বিদ্যমান সময়সূচী, সময়, কম্পোজিছন আৰু ষ্টপেজৰ সৈতে চলাচল কৰিব। এই ৰে’লসমূহৰ পথ, ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উপলব্ধ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত বিৱৰণ অৱলোকন কৰিবলৈ উত্তৰ পূব সীমান্ত ৰে’ল বিভাগৰ ফলৰ পৰা বিঅনুৰোধ জনোৱা হৈছে।