নিউজ ডেস্ক, ২৬ মে’, ২০২৫ : সীমান্তত অবৈধ অনুপ্রৱেশৰ বিৰুদ্ধে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আৰপিএফ (RPF) বাহিনীৰ কঠোৰ। ৬ জন বাংলাদেশী প্ৰব্ৰজনকাৰী আৰু ভাৰতীয় এজেন্টক কৰিলে আৰপিএফ বাহিনীয়ে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’লৱে নেটৱৰ্কৰ জৰিয়তে অবৈধ বিদেশী নাগৰিকসকলৰ অনুপ্রৱেশৰ বিৰুদ্ধে তেওঁলোকৰ সতর্কতা আৰু সমন্বিত পদক্ষেপ অব্যাহত ৰাখিছে।

ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি, আৰপিএফ/এনএফআৰ ২০২৫ বৰ্ষৰ এপ্রিল আৰু মে’ মাহত কেইবাজনো বাংলাদেশী নাগৰিক আৰু তেওঁলোকৰ ভাৰতীয় সহযোগীক গ্ৰেপ্তাৰ কৰাত সফল হৈছে। অবৈধ অনুপ্ৰৱেশকাৰী আৰু মানৱ সৰবৰাহকাৰীসকলৰ দ্বাৰা ৰে’লপথৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ তীব্র প্রচেষ্টাৰ অংশ হিচাবে এই পদক্ষেপসমূহ লোৱা হৈছে।

১ মে’ আৰু ১৬ মে’, ২০২৫ ৰ ভিতৰত, আৰপিএফ/এনএফআৰৰ পৃথক পৃথক অভিযানত মুঠ ৬ জন বাংলাদেশী নাগৰিক আৰু ৬ জন ভাৰতীয় এজেন্টক গ্রেপ্তাৰ কৰা হয়। ১৬ মে’ তাৰিখৰ উল্লেখযোগ্য অভিযানত, আৰপিএফ/আগৰতলাই, এছআইবি/বদৰপুৰ আৰু বিএছএফ/এএইচটিইউৰ সহায়ত আগৰতলা ৰে’লৱে ষ্টেচনৰ পৰা এজন পুৰুষ আৰু এগৰাকী মহিলাসহ ২ জন বাংলাদেশী নাগৰিক আৰু ৪ জন ভাৰতীয় দালালক আটক কৰে। তদুপৰি, বিভিন্ন তাৰিখৰ অভিযানত, ৰাধিকাপুৰ আৰু আগৰতলা ৰে’লৱে ষ্টেচনৰ পৰা ৪ জন বাংলাদেশী নাগৰিক আৰু ২ জন ভাৰতীয় দালালক আটক কৰা হয়।

আটক কৰা সকলো ব্যক্তিক ৰে’লৱে আইনৰ সংশ্লিষ্ট ধাৰা অনুযায়ী আইনী ব্যৱস্থা গ্রহণৰ বাবে সংশ্লিষ্ট জিআৰপি আউটপ’ষ্টত গতাই দিয়া হয়। এপ্ৰিল, ২০২৫ মাহত, আৰপিএফ/এনএফআৰ আগৰতলা, ভাঙ্গা, ধর্মনগৰ আৰু কৰিমগঞ্জ ৰে’লৱে ষ্টেচনত পৃথক পৃথক অভিযান চলাই ৩২ জন অবৈধ বাংলাদেশী নাগৰিক আৰু এজন ভাৰতীয় এজেন্টক গ্রেপ্তাৰ কৰে। পৰৱর্তী আইনী ব্যবস্থা গ্রহণৰ বাবে গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলক সংশ্লিষ্ট জিআৰপি আউটপ’ষ্টত গতাই দিয়া হয়।

ৰে’লৱে চৌহদক অবৈধ কার্যকলাপৰ ট্ৰ্যানজিট পয়েন্ট হিচাবে ব্যৱহাৰ কৰাত বাধা দিবলৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে আৰপিএফ প্রতিশ্রুতিবদ্ধ। সীমান্ত যোগে অনুপ্রৱেশ আৰু ৰে’লৱে নেটৱৰ্কৰ জৰিয়তে মানৱ সৰবৰাহ ৰোধ কৰিবলৈ বাহিনীটোৱে ৰাজ্যৰ আৰক্ষী আৰু বিএছএফৰ দৰে কেন্দ্ৰীয় সংস্থাৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি আছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু যাত্ৰীৰ সুৰক্ষা বজাই ৰাখিবলৈ স্পৰ্শকাতৰ অঞ্চলসমূহত এনে অভিযান তীব্ৰতৰ কৰি ৰখা হ’ব বুলি ৰে’ল বিভাগৰ ফালৰ পৰা জানিবলৈ দিয়া হয়।