নিউজ ডেস্ক, ৩ জুন, ২০২৫ : উত্তৰ পূব সীমান্ত ৰে’লৱেই বৰ্তমান সময়ত অবিৰতভাৱে হৈ থকা বৰষুণৰ বতৰতো, উত্তৰ পূৰ্ব্বাঞ্চলত, নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত ৰে’ল সেৱা বাহাল ৰাখিবলৈ সক্ৰিয়ভাৱে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। এই অঞ্চলৰ জটিল ভূখণ্ড আৰু প্ৰত্যাহ্বানমূলক বতৰৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলৰ (Railway Passengers) সুৰক্ষা আৰু আন্তগাঁথনিৰ একত্ৰিতকৰণক নিশ্চিত কৰিবলৈ নিৰীক্ষণ আৰু ৰক্ষণাবেক্ষণ কাৰ্যকলাপ আৰু অধিক তীব্ৰ কৰি তুলিছে। 

এই বৰ্ষাকালত ৰে’ল পথৰ সুৰক্ষা আৰু স্থিতিশীলতা সুনিশ্চিত কৰাৰ দিশত উত্তৰ পূব সীমান্ত ৰে’লৱেই সংবেদনশীল স্থানসমূহত স্থায়ীভাৱে পহৰাদাৰ নিয়োজিত কৰিছে। বিশেষকৈ লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ড আৰু ত্ৰিপুৰাৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানসমূহত এই ব্যৱস্থাসমূহৰ ওপৰত আৰু অধিক জোৰ দিয়া হৈছে। ট্ৰেক আৰু আন্তঃগাঁথনিৰ অৱস্থা নিৰীক্ষণৰ অৰ্থে নিয়মিতভাৱে পেট্ৰোলিং চলাই আছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত মহাপ্ৰৱন্ধক আৰু মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধকসকলৰ সৈতে জ্যেষ্ঠ বিষয়াবৰ্গসকলে পৰিস্থিতিৰ ওপৰত অবিৰতভাৱে নিৰীক্ষণ কৰি আছে।

ৰে’লৱে বিষয়াবৰ্গৰ দ্বাৰা ব্যাপক নিৰীক্ষণ নিশ্চিত কৰিবলৈ ট্ৰ’লী পেট্ৰোলিং চলাই আছে আৰু নিয়মিত পৰিদৰ্শন কাৰ্য চলাই থকা হৈছে। ভূমি স্তৰীয় সতৰ্কতাক অধিক শক্তিশালী কৰাৰ অৰ্থে জ্যেষ্ঠ বিষয়াবৰ্গসকলকো কৰ্মক্ষেত্ৰত নিয়োজিত কৰা হৈছে, যাতে সংবেদনশীল স্থানসমূহত নিৰৱচ্ছিন্নভাৱে নিৰীক্ষণ কৰি তাৎক্ষণিকভাৱে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰি। ইয়াৰ লগতে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ভূমিস্খলন, নৰ্দমা ব্যৱস্থাৰ বিষয়সমূহ আৰু বান্ধৰ স্থিৰতাৰ সৈতে সম্পৰ্কিত বিপদসমূহ নিবাৰণ কৰাৰ অৰ্থে প্ৰযুক্তিগত ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াত অন্তৰ্ভূক্ত হৈছে ড্ৰোন আধাৰিত লিডাৰ (লাইট ডিটেকচন এণ্ড ৰেঞ্জিং), উচ্চ ক্ষমতাসম্পন্ন এৰিয়েল ইমেজিং আৰু ইলেক্ট্ৰো মেগনেটিক চাৰ্ভে ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডত কৰা ৰূপায়ন অন্তৰ্ভূক্ত আছে।

এই প্ৰযুক্তিসমূহে ভূ-গৰ্ভস্থ ত্ৰুটি আৰু পানী জমা হোৱা অঞ্চলসমূহ আগতীয়াকৈ চিনাক্তকৰণত সহায় কৰে, যাৰ জৰিয়তে সম্ভাব্য বিপদসমূহ হ্ৰাস কৰাৰ অৰ্থে পূৰ্বৰ পৰা প্ৰতিকাৰকমূলক পদক্ষেপ গ্ৰহণ কৰাত সম্ভৱ হয়। ইয়াৰ উপৰিও অধিক বৃষ্টিপাতৰ সময়ছোৱাৰ ভিতৰত সুৰংগসমূহৰ সুৰক্ষা আৰু গাঁথনিগত নিৰীক্ষণৰ বাবে অধিক দৃঢ় কৰিবলৈ সংবেদনশীল স্থানসমূহত টেৰেষ্ট্ৰিয়েল লেজাৰ স্কেনিং (টিএলএছ) প্ৰযুক্তি ব্যৱহাৰ আৰম্ভ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই বৰ্তমানৰ প্ৰত্যাহ্বানমূলক বাৰিষা বতৰৰ পৰিস্থিতি স্বত্বেও এই অঞ্চলত সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ৰে’ল যোগাযোগ বাহাল ৰখাত সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছে।