গুৱাহাটী, ১৩ জুন, ২০২৫ : এফালে উৎকট গৰমে দহিছে ৰাজ্য আনফালে কিছুদিনৰ পূৰ্বে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত পৰিছিল ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাত বৰ্তমান কিছু উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি। বান পৰিস্থিতি উন্নত হৈছে যদিও উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। বৰ্তমান ৰাজ্যৰ ৪ খনকৈ জিলাৰ কিছু অঞ্চল বাঢ়নী পানীৰ তলত (Four District Under Flood Water)। কাছাৰ, হাইলাকান্দি, কামৰূপ মহানগৰ আৰু লখিমপুৰৰ কিছু অঞ্চল বাঢ়নী পানীৰ তলত আছে। নেৰানেপেৰা বৰষুণৰ ফলত কামৰূপ মহানগৰ জিলাৰ কিছু অঞ্চল কৃত্ৰিম বানৰ ফলত প্ৰভাৱিত হৈছিল যদিও বৰ্তমান পৰিস্থিতি স্বাভাৱিক। বিশেষকৈ মহানগৰী গুৱাহাটীৰ বহু অঞ্চল কৃত্ৰিম বানত ডুব গৈছিল।
বানৰ ফলত বর্তমান ৰাজ্যত প্ৰভাৱিত হৈছে ৯ হাজাৰ ৩৮৫ জন লোক। বানৰ ফলত সর্বসাধিক লোক প্ৰভাৱিত হৈ আছে লখিমপুৰ আৰু হাইলাকান্দি জিলাত। লখিমপুৰ জিলাত বর্তমান ৫ হাজাৰ ৪২২ জন লোক আৰু হাইলাকান্দি জিলাত ৩ হাজাৰ ৯৪৫ জন লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। ৰাজ্যৰ ৩৯৫ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত। বানৰ বাঢ়নী পানীয়ে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত। বিশেষকৈ হাইলাকান্দি আৰু লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া ডুব গৈ আছে বাঢ়নী পানীত। বহু ঠাইত মাথাউৰি ছিঙি কেইবাখনো গাঁও ডুব গৈছে বাঢ়নী পানীত। মাথাউৰি ছিঙি যোৱা অঞ্চল সমূহত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে।
নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি পলায়ন কৰিছে বান প্ৰভাৱিত হাজাৰ হাজাৰ লোকে। ইফালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়ৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছে বহু লোকৰ ঘৰ। পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে নদী-উপনদী সমূহৰ পানী বৃদ্ধি পোৱাত ৰাজ্যৰ ৪ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। বৰাক, উজনি অসম আৰু উত্তৰ অসমত বানৰ তাণ্ডৱলীলা চলি থকাৰ মাজতে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে নামনি অসমৰ ৰাইজ।
অৱশ্যে নেৰানেপেৰা বৰষুণৰ ফলত নামনি অসমৰ চহৰ অঞ্চল সমূহ কৃত্ৰিম বানৰ কবলত পৰিছিল। নেৰেনেপেৰা বৰষুণৰ ফলৰ বহু চহৰ অঞ্চল কৃত্ৰিম বানত বুৰ গৈছিল যদিও বৰ্তমান পৰিস্থিতি উন্নত হৈছে। চৰকাৰী তথ্য অনুসৰি বৰ্তমানেও বানৰ কবলত থকা জিলা কেইখন হৈছে কাছাৰ, হাইলাকান্দি, কামৰূপ মহানগৰ আৰু লখিমপুৰ। নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানত ডুব গৈছিল যদিও বৰ্তমান মহানগৰীৰ অৱস্থা উন্নত হৈছে। ইফালে বতৰে ৰূপ সলনি কৰাত উৎকট গৰমে দহিছে ৰাজ্যবাসীক।
ৰাজ্যৰ বান প্ৰভাৱিত ৪ খন জিলাৰ ৭ টা ৰাজহ চক্ৰৰ ২৪ খনকৈ গাঁও বৰ্তমানেও বাঢ়নী পানীতৰ তলত আছে। বান প্ৰভাৱিত জিলা কেইখনৰ ৯ হাজাৰ ৩৮৫ জন লোক বাঢ়নী পানীত ককবকাই আছে। ইয়াৰে সর্বসাধিক ৫ হাজাৰ ৪২২ জন লখিমপুৰ জিলাৰ। আনহাতে ৩৯৫ হেক্টৰ কৃষিভূমি বাঢ়নী পানীত ডুব যোৱাত হাহাকাৰ কৰিবলগীয়া হৈছে কৃষক ৰাইজ। বানপানী আৰু ভুমিস্খলনৰ ফলত ৰাজ্যত বৰ্তমানলৈকে ২৭ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। নেৰেনেপেৰা বৰষুণৰ ফলত নদী-উপনদী সমূহৰ পানী ফেনেফুটুকাৰে বৃদ্ধি পাইছিল যদিও বৰ্তমান সকলো নদী বিপদ সীমাৰ তলেৰে বৈ আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ বহু অঞ্চলত পুনৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে।