নিউজ ডেস্ক, ১৬ জুন, ২০২৫ : শিশু শ্রম (Child Labour) নিৰ্মূল আৰু সকলোৰে বাবে শিক্ষা নিশ্চিত কৰাৰ দিশত প্ৰতি বছৰে এক সজাগতা প্ৰচাৰৰ বাবে বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয়, যি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (আইএলঅ’)ৰ দ্বাৰা ২০০২ বৰ্ষত আৰম্ভ কৰা হৈছিল আৰু প্ৰতিবছৰে ১২ জুন তাৰিখে উদযাপন কৰা হয়। আইনসন্মত সুৰক্ষা স্বত্বেও, ভাৰতবৰ্ষত দৰিদ্ৰতা, নিৰক্ষৰতা আৰু বৈষম্যতাৰ পৰিণামস্বৰূপে শিশু শ্ৰমিক এতিয়াও বিদ্যমান আৰু ই প্ৰায়েই ৰে’লৱে নেটৱৰ্কৰ সমগ্ৰতে দেখা পোৱা যায়, য’ত শিশুসকলে এক অসুৰক্ষিত পৰিস্থিতিত বসবাস, কাম অথবা ভ্ৰমণ কৰে।

ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ), ৰে’লৱে মন্ত্ৰালয়ৰ অধীনত, এই বঞ্চিত শিশুসকলৰ সুৰক্ষা আৰু উদ্ধাৰৰ দিশত এক সক্ৰিয় ভূমিকা পালন কৰি আহিছে। “ননহে ফৰিস্তে” প্ৰয়াসৰ অধীনত, ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২০২১ ৰ পৰা ২০২৫ বৰ্ষৰ এপ্ৰিল পৰ্যন্ত অভিভাৱকবিহীন নাবালক, সৰবৰাহ হোৱা অথবা পৰিত্যক্ত বা ভিক্ষা কৰা অৱস্থাত থকা ৬১,৩৪৫ টি শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বিস্তৃত নিৰীক্ষণ, চোৰাংচোৱা নেটৱৰ্ক আৰু ট্ৰেইন এছকোৰ্টিঙৰ জৰিয়তে ৰে’লৱে সুৰক্ষা বাহিনীয়ে শিশুৰ চোৰাং সৰবৰাহ আৰু অপহৰণৰ পৰা আৰম্ভ কৰি নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ ৰোধ আৰু জৰুৰীকালীন চিকিৎসা সুবিধা প্ৰদান পৰ্যন্ত এনেধৰণৰ বহু পৰিস্থিতিৰ মোকাবিলা কৰি আহিছে।

২০২১ বৰ্ষৰ পৰাই, ৬৪৯ জন মানৱ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ২৭১৯ জন ব্যক্তিক উদ্ধাৰ কৰিছে, যাৰ ভিতৰত ২৪৫৬ টি শিশু আৰু ২৬৩ জন প্ৰাপ্তবয়স্ক পুৰুষ-মহিলা আছে। নৱেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীৰ দ্বাৰা প্ৰতিষ্ঠিত বচপন বচাঁও আন্দোলনৰ সৈতে এখন বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰেৰে যুটীয়া অভিযানৰ জৰিয়তে চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে কৰা প্ৰয়াস, সজাগতা অভিযান আৰু সমন্বিত উদ্ধাৰৰ প্ৰয়াসক শক্তিশালীকৰণৰ অৰ্থে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। বৰ্তমানৰ পটভূমিত শক্তিশালী কৰাৰ অৰ্থে ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৭৫০ টা মানৱ সৰবৰাহ বিৰোধী ইউনিট আৰু ১৩৫ টা চাইল্ড হেল্প ডেস্ক স্থাপন কৰিছে, যাৰ সৈতে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে এনেধৰণৰ আৰু ২১২ টা গোট স্থাপন কৰাৰ বাবে পৰিকল্পনা কৰিছে।

এই ডেস্কসমূহে প্ৰথম সঁহাৰি পয়েন্ট ৰূপে শিশু কল্যাণ সমিতিসমূহৰ জৰিয়তে সঠিক পুনঃ সংস্থাপনৰ বাবে উদ্ধাৰ কৰা শিশুসকলৰ সৈতে যোগসূত্র হিচাপে কাম কৰে। “আমাৰ মিচন ৰে’লত শিশু সৰবৰাহ প্ৰতিৰোধ”ৰ দিশত ৰে’লৱে সুৰক্ষা বাহিনীৰ দৃষ্টিভংগীৰ সৈতে ভাৰতীয় ৰে’লৱেই সংবেদনশীল স্থানসমূহক এক সুৰক্ষিত প্ৰত্যাশাজনক পৰিৱেশলৈ ৰূপান্তৰিত কৰি উদ্ধাৰ কৰা প্ৰত্যেক শিশুৱে যাতে এক স্বাধীনচিতীয়া, যত্নবান আৰু উন্নত ভৱিষ্যতৰ দিশত এক সুৰক্ষিত যাত্ৰা আৰম্ভ কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ দিশত সমৰ্পিত হৈ আছে।