নিউজ ডেস্ক, ১৭ জুন, ২০২৫ : উত্তৰ পূব সীমান্ত ৰে’লৱেই সংমণ্ডলৰ ভিতৰত মাল পৰিবহন (Goods Transportation) ব্যৱস্থা উন্নত কৰাৰ বাবে আৰু উন্নত গ্ৰাহক সম্পৰ্ক উপলব্ধ কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আহিছে। এনে পদক্ষেপসমূহৰ ভিতৰত, গ্ৰাহকসকলৰ দ্বাৰা বিভিন্ন সামগ্ৰীৰ সুগম আৰু সুবিধাজনক পৰিবহনৰ বাবে ২০২৫ চনৰ মে’ মাহত অন্তৰ্মূখী আৰু বহিৰ্মূখী উভয় প্ৰকাৰৰ সামগ্ৰী হেণ্ডলিঙৰ বাবে আৰু কেইটামান ষ্টেচন মুকলি কৰা হৈছে।
গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰা আৰু মাল পৰিবহনৰ পৰা ৰাজহ বৃদ্ধি কৰাৰ উদ্দেশ্যে, কাটিহাৰ মণ্ডলৰ অধীনৰ ফৰবেচগঞ্জ ষ্টেচনটো ২০২৫ বৰ্ষৰ ৫ মে’ৰ পৰা ৬ মাহৰ এক সময়সীমাৰ বাবে খাদ্য শস্য আৰু গোমধান পৰিবহনৰ অন্তৰ্মূখী আৰু বহিৰ্মূখী উভয় ৰেকৰ হেণ্ডলিঙৰ বাবে মুকলি কৰা হৈছে। আনহাতে লামডিং মণ্ডলৰ অধীনত নিশ্চিন্তপুৰ ষ্টেচনটো ২০২৫ বৰ্ষৰ ২৬ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ অন্তৰ্মূখী পাৰ্চেল ভেন হেণ্ডলিং কৰাৰ বাবে মুকলি কৰা হৈছে। ঠিক তেনেদৰে, অন্যান্য খণ্ডতো উত্তৰ পূব সীমান্ত ৰে’লৱেই মণ্ডলসমূহত বিডিইউ (বিজনেচ ডেভলপমেন্ট ইউনিট) প্ৰচেষ্টাসমূহক উন্নত কৰাৰ দিশত অবিৰতভাৱে সমৰ্পিত প্ৰয়াস চলাই আহিছে।
কটিহাৰ মণ্ডলৰ অধীনত পুৰ্ণিয়া, ৰাণীপাত্ৰ, আৰাৰিয়া, কিষানগঞ্জ, জালালগড়, বাথনাহা, ফৰবেচগঞ্জ, সূৰ্য কমল, ডালখোলাৰ সৈতে আৰু কাটিহাৰ মণ্ডলৰ বিভিন্ন ষ্টেচনৰ পৰা গোমধানৰ মুঠ ৮২ খন ৰেক বুক কৰা হয়, যাৰ দ্বাৰা ৩৯.২৪ কোটি টকাৰ ৰাজহ অৰ্জন কৰা হয়। ইয়াৰ উপৰিও, বিজনেচ ডেভলপমেন্ট ইউনিটৰ পদক্ষেপৰ অধীনত, লামডিং মণ্ডলৰ অধীনৰ বিভিন্ন স্থানৰ পৰা জিৰানিয়া আৰু সংশ্লিষ্ট ষ্টেচনসমূহলৈ ষ্টোন চিপ্ছৰ ১৬০৩ টা ৱাগন বুক কৰা হৈছে, যাৰ দ্বাৰা ২০২৫ বৰ্ষৰ মে’ মাহৰ সময়ছোৱাত ৬.৩০ কোটি টকাৰ ৰাজহ অৰ্জন কৰা হয়। লগতে, বিজনেচ ডেভেলপমেন্ট ইউনিটৰ উদ্যোগৰ অধীনত আলিপুৰদুৱাৰ মণ্ডলৰ ফালাকাটা ষ্টেচনৰ পৰা আগৰতলা ষ্টেচনলৈ ১২ খন আলুৰ ৰেক লোড কৰা হয়, যিয়ে ০.৮১ কোটি টকাৰ ৰাজহ আহৰণ কৰিবলৈ সক্ষম হয়।
আনহাতে, ফালাকাটা আৰু তুফানগঞ্জ ষ্টেচনৰ পৰা তিৰুপ্পুৰ, ইৰুড আৰু মুজাফফৰনগৰ ষ্টেচনলৈ ২.৫ ৰেকৰ (১০৫ টা ৱাগন) গোমধান লোড কৰা হয়, যাৰ দ্বাৰা ২.১০ কোটি টকা ৰাজহ আহৰণ কৰা হয়। মাল পৰিবহনৰ ক্ষেত্ৰত গ্ৰাহক সম্পৰ্ক উন্নতকৰণে ব্যৱসায়িক গোট আৰু ৰে’লৱেৰ মাজত মত বিনিময়ৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লগতে অভূতপূৰ্ব সুবিধা, দক্ষতা আৰু স্বচ্ছতা প্ৰদান কৰিব। ডিজিটেলকৰণ, যোগাযোগ আৰু গ্ৰাহক-কেন্দ্ৰিক নীতিসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে, যাৰ ফলত লজিষ্টিক সেৱাসমূহৰ দিশত ৰে’লৱে হৈ পৰিছে ৰাষ্ট্ৰৰ পছন্দৰ পৰিবহন ব্যৱস্থা।