নিউজ ডেস্ক, ২০ জুন, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ১৮ জুনৰ পৰা আৰম্ভ কৰি লামডিং মণ্ডলৰ অধীনস্থ ত্ৰিপুৰাৰ (Tripura) গুৰুত্বপূৰ্ণ ৰে’ল স্থাপনাসমূহ আৰু পৰিচালনগত সুবিধাসমূহৰ দুদিনীয়া পৰিদৰ্শন সম্পন্ন কৰে। এই পৰিদৰ্শন ধৰ্মনগৰ ৰে’লৱে ষ্টেচনৰ পৰা আৰম্ভ হৈছিল। তাৰ পিছত, ধৰ্মনগৰ পৰা আগৰতলা ষ্টেচনলৈ ‘উইণ্ডো ট্রেইলিং পৰিদৰ্শন’ সম্পন্ন কৰা হয়।
এই পৰিদৰ্শন পদ্ধতিত চলিত ৰে’লগাড়ীৰ পৰা ৰে’লপথ আৰু আন্তঃগাঁথনিৰ গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰা হয়, যাৰ জৰিয়তে ট্ৰেক জ্যামিতি, ব্যালাস্টৰ অৱস্থা আৰু অন্যান্য সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন উপাদানসমূহৰ ত্ৰুটি সঠিকভাৱে চিনাক্ত কৰাটো সম্ভৱ হয়।ত্ৰিপুৰাৰ দৰে অঞ্চলসমূহত, য’ত অধিক বৰষুণৰ ফলত ভূমি অস্থিতিশীল হয়, এনে পৰিস্থিতিত সুৰক্ষিত ৰে’ল চলাচল নিশ্চত কৰিবলৈ এই ধৰণৰ পৰিদৰ্শন অতি জৰুৰী।
১৯ জুন তাৰিখে মহাপ্ৰৱন্ধকে আগৰতলা কোচিং ডিপো পৰিদৰ্শন কৰে। এই ডিপোটো অঞ্চলটোৰ যাত্ৰীবাহী ৰে’লগাড়ীসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, ৰক্ষণাবেক্ষণ আৰু কাৰ্যক্ষমতা নিশ্চিত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰিদৰ্শনৰ সময়ত ৰক্ষণাবেক্ষণৰ পদ্ধতি, সুৰক্ষাৰ মানদণ্ড আৰু বৰ্ধিত যাতায়তৰ চাহিদা পূৰণৰ বাবে সুবিধাটোৰ সামৰ্থৰ ওপৰত বিস্তৃত পৰ্যালোচনা কৰে।
এই উপলক্ষে মহাপ্ৰৱন্ধকে আগৰতলা কোচিং ডিপোত নতুনকৈ ইলেক্ট্ৰনিক লেবৰেটৰীও উদ্বোধন কৰাৰ লগতে তেওঁ আগৰতলাৰ ষ্টাফ ৰানিং ৰুমটোও পৰিদৰ্শন কৰে, যি ৰে’ল চালক আৰু সহকাৰী কৰ্মচাৰীৰ বাবে প্ৰয়োজনীয় বিশ্ৰামস্থল হিচাপে পৰিগণিত। এই পৰিদৰ্শনত বাসগৃহৰ পৰিস্থিতি, পৰিচ্ছন্নতাৰ মানদণ্ড আৰু প্ৰদান কৰা সুবিধাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যাতে কৰ্মচাৰীসকলৰ সজাগতা আৰু নিৰাপদ ৰে’ল চলাচল নিশ্চিত কৰিব পৰা যায়।
পৰিদৰ্শনৰ সমগ্ৰ সময়ছোৱাত, মহাপ্ৰৱন্ধকে ৰে’লৱেৰ কৰ্মচাৰী আৰু তত্বাৱধায়কৰ সৈতে মত বিনিময় কৰিছিল আৰু সুৰক্ষা প্ৰট’কলসমূহ পৰ্যালোচনা কৰি আন্তঃগাঁথনি, যাত্ৰীৰ সা-সুবিধা সমূহৰ লগতে সময়ানুৱৰ্তিতাৰ ক্ষেত্ৰতো উচ্চ মানদণ্ড বজাই ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। বিশেষকৈ চলি থকা বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ সকলো বিষয়া আৰু কৰ্মচাৰীসকলক সদায় সতৰ্ক আৰু সক্ৰিয় হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।
এই পৰিদৰ্শন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্গম আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত সেৱাৰ গুণগত মান আৰু সুৰক্ষা বৃদ্ধিৰ ক্ষেত্ৰত চলি থকা প্ৰচেষ্টাসমূহক প্ৰকাশ কৰে। আন্তঃগাঁথনিৰ মানদণ্ড, কৰ্মচাৰীসকলৰ কল্যাণ আৰু পৰিচালনগত প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই ভ্ৰমণে ত্ৰিপুৰা ৰাজ্যজুৰি বিশ্বস্ত, সময়নিষ্ঠ আৰু কাৰ্যক্ষম ৰে’ল সেৱা প্ৰদানৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।