নিউজ ডেস্ক, ২১ জুন, ২০২৫ : ১০০ শতাংশ বৈদ্যুতিকীকৰণ লক্ষ্য পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ পূব সীমান্ত ৰে’লৱেই বহনক্ষম আৰু দ্ৰুতগামী ৰে’ল পৰিচালন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে। এই চলিত প্ৰয়াসৰ এক অংশ ৰূপে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তা, (Electrical Engineer) সন্দীপ কুমাৰে, ২০২৫ বৰ্ষৰ জুন মাহত এই সংমণ্ডলৰ অধীনত তিনিটাকৈ নতুনকৈ বৈদ্যুতিকৃত খণ্ডৰ বিধিসন্মত পৰিদৰ্শন সম্পন্ন কৰে।

এই পৰিদৰ্শনসমূহ ২৫ কেভি এচি বৈদ্যুতিক ট্ৰেকচনৰ ব্যৱহাৰেৰে বাণিজ্যিক ৰে’ল সেৱাৰ প্ৰৱৰ্তনৰ বাবে প্ৰয়োজনীয় অনুমোদন প্ৰাপ্ত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা ৰূপে চিহ্নিত হৈছে, যাৰ দ্বাৰা পৰিচালনৰ প্ৰস্তুতি আৰু সুৰক্ষা নিশ্চিত প্ৰদান কৰিব পৰা গৈছে। প্ৰথমটো পৰিদৰ্শনটো বিগত ৯ জুন, ২০২৫ তাৰিখে লামডিং মণ্ডলৰ অধীনৰ ৪৬ ট্ৰেক কিলোমিটাৰ (টিকেএম) সামৰি লোৱা নতুনকৈ বৈদ্যুতিকৃত চাপৰমুখ-হোজাই দ্বিতীয় লাইন খণ্ডটোত সম্পন্ন কৰা হয়।

ইয়াৰ পিছত বিগত ১০ জুন, ২০২৫ তাৰিখে এই সংমণ্ডলৰ ৰঙিয়া মণ্ডলত আজাৰা-দুধনৈ খণ্ডটোত দ্বিতীয় পৰিদৰ্শন কৰে, য’ত ৯৯.৩২ টিকেএম আৰু ২০.৪৪ ৰুট কিমি (আৰকেএম) অন্তৰ্ভূক্ত আছে। আজিৰ তাৰিখ পৰ্যন্ত শেহতীয়া পৰিদৰ্শন বিগত ১৬ জুন তাৰিখে তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত দুলিয়াজান-তিনিচুকীয়া আৰু তিনিচুকীয়া-ডিব্ৰুগড় খণ্ডসমূহত তৃতীয় পৰিদৰ্শনটো সম্পন্ন কৰা হয়। উক্ত অংশসমূহ উজনি অসমৰ আঞ্চলিক ৰে’ল যোগাযোগ বৃদ্ধিৰ দিশত বিশেষ গুৰুত্বপূৰ্ণ বুলি বিৱেচিত।

এই নতুনকৈ বৈদ্যুতিকৃত ৰে’লপথসমূহে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ গুৰুত্বপূৰ্ণ ৰে’লপথসমূহত পৰিচালন দক্ষতা, কাৰ্যক্ষমতা আৰু নিৰ্ভৰযোগ্যতা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই পৰিদৰ্শনসমূহে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱাত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা গুৰুত্বপূৰ্ণ অগ্ৰগতিসমূহ প্ৰাপ্ত কৰাটো প্ৰতিফলিত কৰিছে, য’ত ১১৪১ আৰকেএম ৰে’লৱে বৈদ্যুতিকৰণ এক সৰ্বকালীন ৰেকৰ্ড গঢ়ি তুলিছিল। চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেই এই সংমণ্ডলৰ বিভিন্ন খণ্ডসমূহত আনুমাণিক ৬৪০ আৰকেএম বৈদ্যুতিকৰণৰ লক্ষ্য পৰিকল্পনা কৰিছে।

শেহতীয়া পৰিদৰ্শনসমূহে ডিজেল ট্ৰেকচনৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰা, কাৰ্বনৰ নিঃৰ্গমন নিম্নতম কৰা আৰু উত্তৰ পূৰ্ব্বাঞ্চলত ৰে’লৱে আন্তঃগাঁথনি আধুনিকীকৰণ কৰাৰ দিশত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিস্তৃত দৃষ্টিভঙ্গীৰ দিশত এক অন্যতম পদক্ষেপ ৰূপে চিহ্নিত হৈছে। এই খণ্ডসমূহৰ কমিছনিঙৰ লগে লগে উত্তৰ পূব সীমান্ত ৰে’লৱেই এই অঞ্চলৰ জনসাধাৰণৰ বাবে ৰে’লৰ গতিবেগ অধিক উন্নত কৰা, ভ্ৰমণ সময় হ্ৰাস আৰু অধিক পৰিৱেশসন্মত ৰে’ল সেৱা অঞ্চলবাসীক আগবঢ়াবলৈ সক্ষম হ’ব।