গুৱাহাটী, ২৪ জুন, ২০২৫ : কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাত অংশগ্ৰহণ কৰা তীৰ্থযাত্ৰীসকলৰ বাবে সুবিধাজনক আৰু আৰামদায়ক যাত্ৰা সুনিশ্চিত কৰাৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ব্যাপক ব্যৱস্থা কৰিছে। এই গুৰুত্বপূৰ্ণ আধ্যাত্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰা ভক্তসকলৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ ফালৰ পৰা ধাৰাবাহিক ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।

যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কামাখ্যা আৰু গুৱাহাটী ষ্টেচনত বিশেষ টিকট কাউণ্টাৰ স্থাপন কৰিছে। তীৰ্থযাত্ৰীসকলৰ বাবে দ্ৰুত আৰু সুবিধাজনক টিকটৰ ব্যৱস্থাৰ বাবে অতিৰিক্ত কাউণ্টাৰসমূহ দিন-ৰাতি কাৰ্যক্ষম হৈ আছে। ভক্তসকলক সহায় কৰাৰ এক পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱে মহিলা কল্যাণ সংস্থাৰ (এনএফআৰডব্লিউডব্লিউও)। সভানেত্ৰী শালিনী শ্ৰীৱাস্তৱৰ নেতৃত্বত সংস্থাৰ তৰফৰ পৰা কামাখ্যা ষ্টেচন আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত খাদ্য আৰু পানীয় জল বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ভক্তসকলৰ যাত্ৰাৰ সময়ত সু-স্বাস্থ্যৰ নিশ্চয়তাৰ বাবে পৰিষ্কাৰ আৰু স্বাস্থ্যসম্মত খাদ্যৰ পেকেট আৰু পানীৰ বটল বিতৰণ কৰা হৈছে। ইয়াৰ উপৰিও অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে, উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই দুখন বিশেষ অসংৰক্ষিত ৰে’লৰ চলাচল কৰাব। প্ৰথমখন ৰে’ল নং ০৫৬৭২/০৫৬৭১ গুৱাহাটী-আলিপুৰদুৱাৰ জংচন-গুৱাহাটী অসংৰক্ষিত বিশেষ। ৰে’ল নং ০৫৬৭২ (গুৱাহাটী-আলিপুৰদুৱাৰ জংচন) গুৱাহাটীৰ পৰা ২২ জুনৰ পৰা ২৬ জুন, ২০২৫ লৈ দৈনিক ১৯:২৫ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পিছদিনা ০৪:০০ বজাত আলিপুৰদুৱাৰ জংচনত উপস্থিত হ’ব।

আনহাতে উভতনি দিশত ৰে’ল নং ০৫৬৭১ (আলিপুৰদুৱাৰ জংচন-গুৱাহাটী) আলিপুৰদুৱাৰ জংচনৰ পৰা দৈনিক ০৮:০০ বজাত ২৩ জুনৰ পৰা ২৭ জুন, ২০২৫ লৈ চলিব আৰু যাত্ৰাৰ একেদিনাই ১৬:২০ বজাত গুৱাহাটী পাব। ইয়াৰ উপৰিও যাত্ৰীসকলক অধিক সহায় কৰিবলৈ গুৱাহাটী-নিউ জলপাইগুড়ি-গুৱাহাটী অসংৰক্ষিত বিশেষ ৰে’ল নং ০৫৬৯৮/০৫৬৯৭ও চলিব। ৰে’ল নং ০৫৬৯৮ (গুৱাহাটী-নিউ জলপাইগুড়ি) ২৬ জুন, ২০২৫ তাৰিখ বৃহস্পতিবাৰে ২৩:৫৫ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু পিছদিনা ৮:১৫ বজাত নিউ জলপাইগুড়িত উপস্থিত হ’ব। ৰে’ল নং ০৫৬৯৭ (নিউ জলপাইগুড়ি-গুৱাহাটী) ২৭ জুন ২০২৫ তাৰিখ শুকুৰবাৰে ১১:১৫ বজাত নিউ জলপাইগুড়িৰ পৰা উভতি আহি একেদিনাই ১৯:৩০ বজাত গুৱাহাটীত উপস্থিত হ’ব।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই গুৰুত্বপূৰ্ণ ষ্টেচন আৰু তীৰ্থ যাত্ৰা কেন্দ্ৰসমূহত কৰ্মী নিয়োগ বৃদ্ধি কৰাটোও নিশ্চিত কৰিছে। যাত্ৰীৰ সহায়, শৃংখলা ৰক্ষা আৰু ভিৰ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত ৰে’লৱে সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰে’ল আৰক্ষী (জি আৰ পি) জোৱানৰ লগতে বাণিজ্যিক আৰু কাৰিকৰী কৰ্মচাৰীক মোতায়েন কৰা হৈছে। দৰ্শনাৰ্থীসকলক তথ্য আৰু প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ হেল্প ডেস্ক আৰু অনুসন্ধান বুথ স্থাপন কৰা হৈছে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই অম্বুবাচী মেলাৰ সময়ত নিৰাপদ আৰু সুবিধাজনক ৰে’ল সেৱা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আৰু যাত্ৰীসকলক ৰে’লৱে কৰ্মচাৰীৰ সৈতে সহযোগিতা কৰি যাত্ৰা সুগম কৰাৰ বাবে অনুৰোধ জনাইছে।