নিউজ ডেস্ক, ২৫ জুন, ২০২৫ : অলপতে লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডত হোৱা ভূমিস্খলনৰ (Landslide) পৰিপ্ৰেক্ষিতত ৰে’ল সেৱা ব্যাহত হোৱাৰ বাবে, ৰে’লৱে আৰু ৰাজ্য প্ৰশাসনে ৰে’ল সেৱাৰ তাৎক্ষণিক পুনৰদ্ধাৰৰ বাবে অবিৰত প্ৰয়াস বাহাল ৰাখিছে। পৰিস্থিতিৰ পৰ্যালোচনা আৰু ইয়াৰ তাৎক্ষণিক সমাধান উলিওৱাৰ বাবে এক জৰুৰীকালীন উচ্চস্তৰীয় বৈঠকৰ আহ্বান কৰা হয় আৰু এই বৈঠকখনত উত্তৰ-পূব সীমান্ত ৰে’লৱে, অসম চৰকাৰ, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইচএআই) আৰু সংশ্লিষ্ট অন্যান্য এজেন্সীসমূহৰ জ্যেষ্ঠ বিষযাবৰ্গও উপস্থিত আছিল।

ৰে’লযাত্ৰী আৰু ৰে’লৱে সম্পদৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই খণ্ডটোত ৰে’লৰ পৰিচালন স্থগিত ৰখা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই দিনে নিশাই ঘটনাস্থলীত বৃহৎ যন্ত্রপাতি, সা-সৰঞ্জাম আৰু মানৱ শক্তিৰ নিয়োগেৰে অতি শীঘ্ৰে ধ্বংসাবশেষসমূহ অপসাৰণ কৰাৰ লগতে ৰে’লপথ পুনৰুদ্ধাৰৰ কামত নিয়োজিত হৈ আছে। অবিৰত যুটিয়া পৰ্যবেক্ষণ আৰু সমন্বিত প্রচেষ্টাসমূহ চলি আছে আৰু এই ৰে’লপথত সুৰক্ষা নিশ্চিত হোৱাৰ লগে লগেই স্বাভাৱিক ৰে’ল সেৱা পুনৰ বাহাল হোৱাটো আশা কৰা হৈছে।পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ হোৱা পৰ্যন্ত, যাত্ৰীৰ সুৰক্ষাৰ বাবে নিম্ন অনুসাৰে কেইখনমান ৰে’লৰ সেৱা বাতিলকৰণ/আংশিক বাতিলকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ৰে’লৰ চলাচল আৰু ৰে’ল সেৱা পুনৰুদ্ধাৰৰ সন্দৰ্ভত অধিক তথ্য প্ৰাপ্ত কৰাৰ বাবে চৰকাৰী ৰে’লৱে কমিউকেচন চেনেলসমূহৰ সংস্পৰ্শত থাকিবৰ বাবে ৰেলযাত্ৰীসকলক অনুৰোধ জনোৱা হৈছে। ২৪ জুন, ২০২৫ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬১১ (ৰঙিয়া-শিলচৰ) এক্সপ্ৰেছ, ৰে’ল নং ১৫৬১২ (শিলচৰ-ৰঙিয়া) এক্সপ্ৰেছ আৰু ৰে’ল নং ১৫৬১৫ (গুৱাহাটী-শিলচৰ) এক্সপ্ৰেছ বাতিল কৰা হৈছে। ২৫ জুন, ২০২৫ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬১৬ (শিলচৰ-গুৱাহাটী) এক্সপ্ৰেছ, ৰে’ল নং ১৫৮৮৮/১৫৮৮৭ (গুৱাহাটী ₹-বদৰপুৰ-গুৱাহাটী) টুৰিষ্ট এক্সপ্ৰেছ আৰু ৰে’ল নং. ২২৪৫০ (নিউ দিল্লী-গুৱাহাটী) পূৰ্বোত্তৰ সম্পৰ্ক ক্রান্তি এক্সপ্ৰেছ বাতিল কৰা হৈছে।

২৭ জুন, ২০২৫ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১২৫০৩ (এছএমভিটি বেঙ্গালুৰু-আগৰতলা) হামছফৰ এক্সপ্ৰেছ ৰে’লৰ সেৱাও বাতিল কৰা হৈছে। ২৩ জুন, ২০২৫ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬২৫ (দেওঘৰ-আগৰতলা) এক্সপ্ৰেছ ৰে’লখন লামডিঙত সংক্ষিপ্ত পৰিসমাপ্তি কৰা হ:ব আৰু লামডিং আৰু আগৰতলাৰ মাজত আংশিকভাৱে বাতিল থাকিব। ২৪ জুন, ২০২৫ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৩১৭৩ (শিয়ালদহ-ছাব্ৰুম) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন লামডিঙত সংক্ষিপ্ত পৰিসমাপ্তি কৰা হ’ব আৰু লামডিং আৰু ছাব্ৰুমৰ মাজত আংশিকভাৱে বাতিল থাকিব।

২৪ জুন, ২০২৫ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১২৫১৬ (শিলচৰ-কোয়াম্বাটোৰ) এক্সপ্ৰেছ ৰে’লখন গুৱাহাটীৰ পৰা সংক্ষিপ্ত প্ৰাৰম্ভ কৰা হ’ব আৰু শিলচৰ আৰু গুয়াহাটীৰ মাজত আংশিকভাৱে বাতিল হৈ থাকিব। ২৫ জুন, ২০২৫ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৩১৭৬ (শিলচৰ-শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন লামডিঙৰ পৰা সংক্ষিপ্ত প্ৰাৰম্ভ কৰা হ’ব আৰু শিলচৰ আৰু লামডিঙৰ মাজত আংশিকভাৱে বাতিল থাকিব। ২৫ জুন, ২০২৫ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১২৫০২ (আগৰতলা-কলকাতা) গৰীব ৰথ এক্সপ্ৰেছ ৰে’লখন গুৱাহাটীৰ পৰা সংক্ষিপ্ত প্ৰাৰম্ভ কৰা হ’ব আৰু আগৰতলা আৰু গুৱাহাটীৰ মাজত আংশিকভাৱে বাতিল থাকিব।

অনুমান কৰা অনুসাৰে, ৰে’লৱে ৰিটেইনিং ৱালৰ দিশত প্ৰায় ৫০,০০০ ঘন মিটাৰ বোকা মাটি আৰু শিল আহি জমা হৈছে। কমপক্ষেও যদি ৩০,০০০ ঘন মিটাৰ বোকা মাটি পৰিষ্কাৰ কৰিব পৰা যায় তেনেহলে ট্ৰেকৰ কামকাজ যথাসম্ভৱ আৰম্ভ কৰিব পৰা যাব। ৰে’লৱে টীমসমূহে যুদ্ধকালীন তৎপৰতাৰে পুনৰুদ্ধাৰৰ কাম কাজ চলাই গৈছে আৰু লামডিং মণ্ডল ও মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গই পৰিস্থিতিৰ নিৰীক্ষণ আৰু পুনৰুদ্ধাৰৰ কামকাজত সহযোগ কৰাৰ বাবে ঘটনাস্থলীত বাহৰ পাতি আছে। ৰে’লৱে প্ৰশাসনে অপৰিহাৰ্য ৰে’লসেৱাৰ বাতিলকৰণ আৰু ৰে’ল সেৱা ব্যাহত হোৱাৰ বাবে গভীৰভাৱে আক্ষেপ প্ৰকাশ কৰাৰ লগতে ৰে’ল পৰিচালন পুনৰুদ্ধাৰ কৰাৰ দিশত যুদ্ধকালীন তৎপৰতাৰে সমগ্ৰ প্ৰয়াস চলাই থকাৰ লগতে সুৰক্ষা নিশ্চিতকৰণ বাবে আশ্বাস প্ৰদান কৰে। ৰে’লযাত্ৰীসকলক চৰকাৰী ৰে’লৱে ৱেবচাইট, হেল্পলাইন আৰু চচিয়েল মিডিয়া মাধ্যমসমূহৰ জৰিয়তে ৰে’ল সেৱাৰ শেহতীয়া আপডেট অৱলোকন কৰাৰ বাবে অনুৰোধ কৰা হৈছে।