নিউজ ডেস্ক, ২৯ জুন, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই উন্নত সময়ানুৱৰ্ত্তিতা নিশ্চিত কৰাৰ অৰ্থে আৰু যাত্ৰীৰ সুবিধা বৃদ্ধি কৰাৰ বাবে ইয়াৰ নেটৱৰ্কৰ অন্তৰ্গত নিৰ্বাচিত ষ্টেচনসমূহত ২৩ খন ৰে’লৰ সময়সূচী (Railway Timing) সংশোধন কৰিছে। এই সংশোধিত সময়সূচী পৰ্যায়ক্ৰমে ২৯ জুন তাৰিখৰ পৰা ২ খন ৰে’ল, ৩০ জুন তাৰিখৰ পৰা ৫ খন ৰে’ল, ১ জুলাই তাৰিখৰ পৰা ২ খন ৰে’ল, ৩ জুলাই তাৰিখৰ পৰা ৭ খন ৰে’ল, ৪ জুলাই তাৰিখৰ পৰা ৪ খন ৰে’ল আৰু ৫ জুলাই তাৰিখৰ পৰা ৩ খন ৰে’লৰ বাবে কাৰ্যকৰী হোৱাকৈ ৰূপায়ন কৰা হ’ব।
২৯ জুন, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং. ১৩১৭৩ (শিয়ালদহ-ছাব্ৰুম) কঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰে’লখন হোজাই, লংকা, লামডিং আৰু নিউ হাফলং ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৰে’ল নং. ১২৫১৫ (কোৱামবাটোৰ জংচন-শিলচৰ) এক্সপ্ৰেছ ৰে’লখন হোজাই, লামডিং, মাইবং আৰু নিউ হাফলং ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৩০ জুন, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১২৪২৪ (নিউ দিল্লী-ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছ ৰে’লখন গুৱাহাটী আৰু চাপৰমুখ ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ১২৪২৩ (ডিব্ৰুগড়-নিউ দিল্লী) ৰাজধানী এক্সপ্ৰেছ ৰে’লখন গুৱাহাটী আৰু ৰঙিয়া ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব।
ৰে’ল নং ১৩১৮১ (কলকাতা-শিলঘাট টাউন) কাজিৰঙা এক্সপ্ৰেছ ৰে’লখন নিউ কোচবিহাৰ, নিউ আলিপুৰদুৱাৰ আৰু ফকিৰাগ্ৰাম ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৰে’ল নং ১৩১৭৫ (শিয়ালদহ-শিলচৰ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন লামডিং আৰু নিউ হাফলং ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৰে’ল নং. ১৫৬২৫ (দেওঘৰ-আগৰতলা) এক্সপ্ৰেছ ৰে’লখন চাপৰমুখ, লামডিং আৰু নিউ হাফলং ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ১ জুলাই, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং. ১৩১৮২ (শিলঘাট টাউন-কলকাতা) কাজিৰঙা এক্সপ্ৰেছ ৰে’লখন নিউ কোচবিহাৰ ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৰে’ল নং ১২৫০৭ (তিৰুৱনন্তপুৰম চেন্ট্ৰেল-শিলচৰ) এক্সপ্ৰেছ ৰে’লখন হোজাই, লামডিং, মাইবাং আৰু নিউ হাফলং ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব।
৩ জুলাই, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১২৩৪৫ (হাওড়া-গুৱাহাটী) শৰাইঘাট এক্সপ্ৰেছ ৰে’লখন কামাখ্যা আৰু গুৱাহাটী ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৰে’ল নং. ১৩০৬৩ (হাওড়া-বালুৰঘাট) এক্সপ্ৰেছ ৰে’লখন মালদা টাউন আৰু বালুৰঘাট ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৰে’ল নং. ১৫৪৬৪ (শিলিগুড়ী জংচন-বালুৰঘাট) এক্সপ্ৰেছ ৰে’লখন শিলিগুড়ী আৰু বালুৰঘাট ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৰে’ল নং ১৩১৪৭ (শিয়ালদহ-বামনহাট) এক্সপ্ৰেছ ৰে’লখন মালদা টাউন, নিউ জলপাইগুড়ী, জলপাইগুড়ী ৰোড, নিউ ময়নাগুৰি, ধুপগুড়ী, ফালাকাতা, নিউ কোচৰবিহাৰ, দিনহাটা আৰু বামনহাট ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব।
ৰে’ল নং ১৩১৪৯ (শিয়ালদহ-আলিপুৰদুৱাৰ জংচন) কাঞ্চন কন্যা এক্সপ্ৰেছ ৰে’লখন মালদা টাউন আৰু আলিপুৰদুৱাৰ জংচন ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৰে’ল নং ১৩৪৩১/১৩৪৩২ (নৱদ্বীপ ধাম-বালুৰঘাট-নৱদ্বীপ ধাম) এক্সপ্ৰেছ ৰে’লখন বালুৰঘাট ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৪ জুলাই, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১২৩৪৬ (গুৱাহাটী-হাওড়া) শৰাইঘাট এক্সপ্ৰেছ ৰে’লখন গুৱাহাটী, কামাখ্যা, নিউ বঙাইগাঁও আৰু মালদা টাউন ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব।
ৰে’ল নং ৭৫৭২৩ (নিউ বঙাইগাঁও-গুৱাহাটী) ডেমু গুৱাহাটী ষ্টেচনৰ পৰা সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৰে’ল নং. ১৩২৪৬ (ৰাজেন্দ্ৰ নগৰ-নিউ জলপাইগুড়ী) কেপিটেল এক্সপ্ৰেছ ৰে’লখন কাটিহাৰ জংচন, লাভা, খুৰিয়াল, আজমনগৰ ৰোড, বাৰচোই জংচন, সুধানী, তেল্টা, ডালখোলা, কিষনগঞ্জ, আলুৱাবাৰী ৰোড, ঠাকুৰগঞ্জ, বাগডোগৰা, শিলিগুড়ী জংচন আৰু নিউ জলপাইগুৰি ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব।
ৰে’ল নং. ১৩১৫০ (আলিপুৰদুৱাৰ জংচন-শিয়ালদহ) কাঞ্চন কন্যা এক্সপ্ৰেছ ৰে’লখন আলিপুৰদুৱাৰ জংচন ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৫ জুলাই, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১৫৬২৬ (আগৰতলা-দেওঘৰ) এক্সপ্ৰেছ ৰে’লখন চাপৰমুখ ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। ৰে’ল নং ১৩২৪৫ (নিউ জলপাইগুড়ী-ৰাজেন্দ্র নগৰ) কেপিটেল এক্সপ্ৰেছ ৰে’লখন নিউ জলপাইগুড়ী ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব।
ৰে’ল নং ৭৫৭০৭ (ৰাধিকাপুৰ-শিলিগুড়ী জংচন) ডেমু ৰে’লখন ৰাধিকাপুৰ আৰু শিলিগুড়ী জংচন ষ্টেচনত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰিব। অবিৰত আন্তঃগাঁথনি উন্নতকৰণৰ সৈতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’লৰ গতিবেগ আৰু পৰিচালন দক্ষতা বৃদ্ধি কৰি ৰে’লযাত্ৰীৰ বাবে এক অধিক দ্ৰুত, সুৰক্ষিত আৰু অধিক সময়ানুৱৰ্তি ৰে’ল ভ্ৰমণৰ অভিজ্ঞতা নিশ্চিত কৰিছে। যাত্ৰীসকলক ৰাষ্ট্ৰীয় ৰে’ল অনুসন্ধান প্ৰণালীত (এনটিইএছ) প্ৰকৃত সময়ৰ আধাৰত তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰে’ল চলাচলৰ সময়সূচী আৰু অৱস্থিতিৰ বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হয়।