নিউজ ডেস্ক, ৩০ জুন, ২০২৫ : উত্তৰ পূব সীমান্ত ৰেলৱেই (NF Railway) লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডৰ অন্তৰ্গত জাটিংগা লামপুৰ-নিউ হাফলং খণ্ডৰ ১০৮/৬-৮ ৰ মাজত ক্ষতিগ্ৰস্ত হোৱা ৰে’লপথত ৰে’ল সেৱাৰ পুনৰুদ্ধাৰৰ ঘোষণা কৰিছে। এই সেৱা ২৯ জুন তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু এই সীমিত ৰে’লসেৱা ১২:০০ বজাৰ পৰা ১৮:০০ বজাৰ মাজত চলাচল কৰিবৰ বাবে অনুমতি প্ৰদান কৰা হৈছে, আনহাতে ৩০ জুন সোমবাৰৰ পৰা সম্পূৰ্ণ ৰে’ল সেৱা পুনৰ আৰম্ভ হ’ব।

লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডৰ সফল পুনৰুদ্ধাৰৰ পিছত পূৰ্বে ক্ষতিগ্ৰস্ত হোৱা ৰে’লপথটোৰ মাজেৰে এতিয়া সূচাৰুৰূপে ৰে’লৰ চলাচল হৈছে। প্ৰথমখন খালী মালবাহী ৰে’ল এই খণ্ডটোৰ মাজেৰে অতিক্ৰম কৰি নিউ হাৰাঙ্গাজাওৰ পৰা ১০:২১ বজাত প্ৰস্থান কৰিছে, যাৰ দ্বাৰা ৰে’লৰ চলাচল পুনৰ আৰম্ভ হয়। ৰে’ল নং ১৩১৭৫ শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ, যি ২৮ জুন ২০২৫ তাৰিখে ইয়াৰ যাত্ৰা আৰম্ভ কৰিছিল, এই খণ্ডটোৰ মাজেৰে কোনোধৰণৰ বাধা নোহোৱাকৈয়ে অতিক্ৰম কৰা প্ৰথমখন পেছেঞ্জাৰ ৰে’ল আছিল।

ইয়াৰ পিছতেই ৰে’ল নং ১৩১৭৪ ছাব্ৰুম-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন এই মূল পথেৰে কোনোধৰণৰ বাধা নোহোৱাকৈয়ে চলাচল কৰে। ইয়াৰ লগতে, এখন বিশেষ সাহায্য ৰে’ল ৰঙিয়াৰ পৰা সফলতাৰে চলাচল কৰে আৰু আগৰতলাৰ দিশত গৈ থকা অৱস্থাত এই খণ্ডটো অতিক্ৰম কৰে, যাৰ দ্বাৰা আৱদ্ধ ৰে’লযাত্ৰীৰ যাতায়তত সুবিধা হয় আৰু এই অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ ৰে’ল সংযোগৰ পুনৰুদ্ধাৰ হয়। অবিৰতভাৱে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ১০৮/৬-৮ কিলোমিটাৰৰ মাজৰ অংশটো বিভিন্ন ধৰণৰ ভূমিস্খলনৰ পৰিণামস্বৰূপে অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল, যাৰ ফলত পেছেঞ্জাৰ আৰু মালবাহী ৰে’ল সেৱাৰ বাবে অধিক বাধা আহি পৰিছিল।

এই পৰিস্থিতিৰ অতি ওচৰৰ পৰা নিৰীক্ষণ আৰু পুনৰুদ্ধাৰ কামকাজৰ পৰ্যবেক্ষণ কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ক্ষতিগ্ৰস্ত অঞ্চলটোৰ ব্যক্তিগতভাৱে ভ্ৰমণ কৰি উদ্ধাৰ কামকাজৰ পৰ্যালোচনা কৰাৰ লগতে ক্ষতিগ্ৰস্ত এলেকাটোত কৰ্মৰত হৈ থকা ফিল্ড টীমসমূহক উদ্ধাৰ কাৰ্যৰ দিশত অনুপ্ৰেৰণা যোগায়। তেখেতৰ নিৰ্দেশত অধিক মানৱশক্তি আৰু যন্ত্ৰপাতি নিয়োজিত কৰা হয় আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ টীমসমূহে দিনে নিশাই ট্ৰেকৰ পুনৰুদ্ধাৰ আৰু আৱৰ্জনা অপসাৰণৰ বাবে বিৰামহীনভাৱে কাম কৰি যায়।

তেওঁলোকৰ সমৰ্পিত প্ৰয়াসৰ পৰিণামস্বৰূপে এই গুৰুত্ব পাৰ্বত্য খণ্ডটোত ৰে’ল সেৱাৰ সুৰক্ষিত আৰু সুগম পুনৰুদ্ধাৰ নিশ্চিত হৈ পৰে। এই ৰে’ল সেৱা ব্যাহত হোৱাৰ সময়ছোৱাত ৰে’লযাত্ৰী আৰু সাধাৰণ ৰাইজৰ ধৈৰ্য আৰু বুজাবুজিৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেই উচ্চ প্ৰশংসা কৰে। ৰে’লযাত্ৰীসকলক উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চৰকাৰী কমিউনিকেচন চেনেলসমূহত শেহতীয়া ৰে’ল ভ্ৰমণ আৰু ৰে’লসেৱাৰ তথ্যৰ বাবে আপডেট হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।