নিউজ ডেস্ক, ২ জুলাই, ২০২৫ : অসুৰক্ষিত ৰে’লযাত্ৰীসকলৰ সুৰক্ষা আৰু মানৱ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত এক সুদৃঢ় প্ৰচেষ্টাৰ দিশত, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) বিগত ২৫ ৰ পৰা ২৯ জুন ২০২৫ তাৰিখ পৰ্যন্ত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই সময়ছোৱাত ৰে’লৱে সুৰক্ষা বাহিনীয়ে এই সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন ৰে’লৱে ষ্টেচনৰ পৰা তিনিজন পুৰুষ আৰু দুগৰাকী মহিলাৰ সৈতে ২২ জন নাবালক আৰু নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা এই সকলো ব্যক্তিক সুৰক্ষিতভাৱে চাইল্ড লাইন কৰ্তৃপক্ষ, এনজিঅ’, তেওঁলোকৰ অভিভাৱক আৰু স্থানীয় আৰক্ষীৰ কৰ্তৃপক্ষক পৰৱৰ্তী প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে অৰ্পন কৰা হয়।

বিগত ২৫ আৰু ২৬ জুন, ২০২৫ তাৰিখে কাটিহাৰ, কিষানগঞ্জ আৰু সামচিৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ টীমৰ দ্বাৰা এক গুৰুত্বপূৰ্ণ অভিযান চলোৱা হয়। এই অভিযানসমূহৰ সময়ছোৱাত সৰ্ব্বমুঠ ৫ জন ঘৰৰ পৰা পলাই অহা নাবালক শিশুক সংশ্লিষ্ট টীমসমূহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়, পৰৱৰ্তী সময়ত এই নাবালককেইজনক সুৰক্ষিত জিম্মাৰ বাবে তেওঁলোকৰ নিৰ্দিষ্ট চাইল্ড লাইনৰ হাতত অৰ্পন কৰা হয়। ঠিক একেদৰে, ২৭ জুন ২০২৫ তাৰিখে, কামাখ্যা ৰে’লৱে সুৰক্ষা বাহিনীৰ টীমে কামাখ্যা ৰে’লৱে ষ্টেচনত ১ জন ঘৰৰ পৰা পলাই অহা নাবালক শিশুক উদ্ধাৰ কৰে। উদ্ধাৰ কৰা নাবালক শিশুটিক চাইল্ড লাইন কামাখ্যাৰ হাতত সুৰক্ষিত জিম্মাৰ বাবে অৰ্পন কৰা হয়।

২৮ জুন, ২০২৫ তাৰিখে, নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত আৰপিএফ প’ষ্ট, নিউ বঙাইগাঁৱৰ এটা টীমে নিউ বঙাইগাঁৱত ঘৰৰ পৰা পলাই অহা ৫ গৰাকী নাবালিকাৰ সৈতে এজন ব্যক্তি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই অভিযানৰ সময়ছোৱাত ৫ গৰাকী নাবালিকাক ততালিকে তেওঁলোকৰ সুৰক্ষিত জিম্মাৰ বাবে চাইল্ড লাইন, বঙাইগাঁৱৰ হাতত অৰ্পন কৰা হয়। উদ্ধাৰ কৰা ব্যক্তিজনক পৰৱৰ্তী অনুসন্ধানৰ বাবে আৰপিএফ/প’ষ্ট/নিউ বঙাইগাঁৱত আটক কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াৰউপৰি, ২৯ জুন ২০২৫ তাৰিখে, নিউ কোচবিহাৰৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ এটা টীমে নিউ কোচবিহাৰ ৰে’লৱে ষ্টেচনত এজন সন্ধানহীন ব্যক্তিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰয়োজনীয় চিনাক্তকৰণ আৰু প্ৰমাণীকৰণ কাৰ্যব্যৱস্থা গ্ৰহণৰ পিছত, ব্যক্তিজনক তেওঁ পৰিয়ালৰ সৈতে সুৰক্ষিতভাৱে পুনৰ মিলন কৰোৱা হয়।

“মেৰী চহেলী” পদক্ষেপৰ অধীনত, যাৰ দ্বাৰা মহিলা ৰে’লযাত্ৰীসকলৰ সুৰক্ষা আৰু কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, বিশেষভাৱে যিসকল মহিলা যাত্ৰীয়ে অকলশৰে যাত্ৰা কৰে তেওঁলোকৰ বাবে ৰে’লৱে সুৰক্ষা বাহিনীৰ সমৰ্পিত মহি স্কোৱাডসমূহ সদায় সতৰ্ক আৰু সজাগ হৈ থাকে। তেওঁলোকৰ অবিৰত প্ৰয়াসে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সমগ্ৰতে অগণন মহিলা ৰে’ল যাত্ৰীৰ বাবে এক সুৰক্ষিত ভ্ৰমণৰ পৰিৱেশ নিশ্চিত কৰিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা যাত্ৰীসকলৰ নিৰাপত্তা বৃদ্ধিৰ ক্ষেত্ৰত সদায় দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। সঠিক সময়ত কৰা হস্তক্ষেপ, পেৰ্টোলিং আৰু এক যাত্ৰীহিতৈষী ব্যৱস্থাৱলীৰ জৰিয়তে বিশেষকৈ মহিলা আৰু শিশুসকলৰ সুৰক্ষাৰ ওপৰত এক বিশেষ গুৰুত্ব আৰোপ কৰি ৰে’লযাত্ৰীসকলৰ সুৰক্ষা বৃদ্ধিৰ দিশত আৰপিএফে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে।