আজাৰা, ৩ জুলাই, ২০২৫ : পুনৰ ৫ নং আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী হ’ল কবিতা ৰংপি (Kabita Rongpi)। ৫ নং আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱাত কবিতা ৰংপিক শুভাকাংক্ষীয়ে শুভেচ্ছাৰে উপচাই পেলোৱা পৰিলক্ষিত হয়। ইয়াৰ পূৰ্বেও কবিতা ৰংপি ৫ নং আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিল।

ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সুকলমে হৈ যোৱাৰ পিছত বিগত কিছুদিনধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজয়ী ৱাৰ্ড মেম্বাৰেৰে গঠন হৈ আছে পঞ্চায়ত সমিতিসমূহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ গুৱাহাটী মহানগৰীৰ ৫ নং আজাৰা গাঁও পঞ্চায়তখন মঙলবাৰে ৰাণী উন্নয়ন খণ্ডত গঠন কৰা হয়। পঞ্চায়ত নীতি-নিয়মেৰে হোৱা এই নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্তত উক্ত পঞ্চায়তখন গৰিষ্ঠসংখ্যক ৱাৰ্ড মেম্বাৰে পুনৰ বাৰ ৫ নং ৱাৰ্ডৰ বিজেপি সমৰ্থিত বিজয়ী প্ৰাৰ্থী কবিতা ৰংপিক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে।

কবিতা ৰংপি পঞ্চায়তখনৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱাত কবিতা ৰংপিৰ শুভাকাংক্ষীয়ে শুভেচ্ছাৰে উপচাই পেলোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে পঞ্চায়তখনৰ সমীপবৰ্তী দীপৰ বিলৰ দেউচতালৰ বাসিন্দা নৱনিৰ্বাচিত সভানেত্ৰী গৰাকীয়ে বিগত কালছোৱাতো সভানেত্ৰী পদত অধিষ্ঠিত হৈ পঞ্চায়তখনৰ অন্তৰ্গত ৱাৰ্ডসমুহত যথেষ্ট উন্নয়নমুলক কাম-কাজ কৰি ৰাইজৰ মৰম-আশীষ বুটুলিবলৈ সক্ষম হৈছিল। সভানেত্ৰী গৰাকীৰ স্বামী বলেশ্বৰ ৰংপিও বৃহত্তৰ আজাৰা অঞ্চলত সমাজ সেৱক বুলি পৰিচিত।