গুৱাহাটী, ৭ জুলাই, ২০২৫ : দেশৰ তথাকথিত পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাৰে বান্ধ খাই থকা কংগ্ৰেছ আৰু বিজেপিৰে (Congress And BJP) আমাৰ মিত্ৰতা সম্ভৱ নহয়৷ এই দুয়োটা দল এটা মুদ্ৰাৰ দুটা পিঠি৷ অহা ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনত আমি ১২৬ টা সমষ্টিত অকলেই অৱৰ্তীন হ’ম৷ এই বক্তব্য আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব শইকীয়াৰ৷
এক বিবৃতিত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে ক্ষোভেৰে কয়, কংগ্ৰেছে ভাৰতবৰ্ষত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, শোষণ, অত্যাচাৰ-উৎপীড়ন, ভুৱা প্ৰতিশ্ৰুতি আদিৰ দুৱাৰ মুকলি কৰি ইয়াৰ বীজ ৰূপন কৰিলে৷ আৰু বিজেপিয়ে কংগ্ৰেছৰ এই গৰ্হিত কামবোৰক স্বীকৃতি দি সুদৃঢ় কৰিলে৷ এয়াই হৈছে বৰ্তমানৰ প্ৰচলিত অৰ্থাৎ পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থা৷ এই ব্যৱস্থাক কংগ্ৰেছ আৰু বিজেপি দলে সাৱতি ধৰি আছে৷ সেয়ে এই ব্যৱস্থাৰ অংশীদাৰ কংগ্ৰেছ আৰু বিজেপিৰ লগত আম আদমি পাৰ্টীয়ে মিত্ৰতা কৰিব নোৱাৰে৷
আপৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে কয় কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই দেশবাসী আৰু ৰাজ্যবাসীৰ ত্ৰাণকৰ্তা হ’বই নোৱাৰে৷ গতিকে আমি এই প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা উৎখাত কৰিবৰ বাবে নিৰ্বাচনত অকলেই যুঁজ দিয়াৰ বাহিৰে অন্য বিকল্প নাই। দেশ আৰু বিশেষকৈ অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে গণতন্ত্ৰ নিঃশেষ কৰিব বিচাৰিছে বুলি অভিযোগ কৰি আপৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে কয়, গণতন্ত্ৰ সৱল হৈ থাকিলেহে ৰাইজে সুশাসন পাব আৰু ৰাইজৰ শাসন সম্ভৱ হ’ব৷ ৰাইজৰ শাসন প্ৰতিস্থা কৰাত আপৰ দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ মডেল সফল হৈছে বুলি মত প্ৰকাশ কৰি ৰাজীব শইকীয়াই কয়, আমি অসমতো কাম আৰু সততাৰ ৰাজনীতিৰ আধাৰত অৰ্থনীতি, কৃষি, ব্যৱসায়-বাণিজ্য, উদ্যোগ, শিক্ষা, চিকিৎসা, আদি খণ্ডৰ ৰূপান্তৰৰ কথা চিন্তা কৰিছোঁ ৷
আমি ৰাজ্যখনক সেউজ আৰু সমৃদ্ধিশালী কৰি গঢ়ি তুলিব বিচাৰোঁ৷ কংগ্ৰেছ-বিজেপিৰ সৈতে মিত্ৰতা কৰি বা কংগ্ৰেছ-বিজেপিৰ সৈতে সহযোগী হৈ চৰকাৰ কৰি এয়া সম্ভৱ নহয় বুলি দৃঢ়তাৰে কয় আপৰ নেতাজনে৷ অৱশ্যে আম আদমি পাৰ্টীৰ কাম আৰু সততাৰ ৰাজনীতিত বিশ্বাসী আঞ্চলিক দলসমুহৰ সৈতে মিত্ৰতাৰ দুৱাৰ খোলা আছে বুলি আপৰ নেতাজনে ব্যক্ত কৰে৷ আমি অসমৰ জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী ৰাজনৈতিক আৰু অৰাজনৈতিক শক্তিসমুহক ভ্ৰষ্টাচাৰী কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ সততা আৰু কামৰ ৰাজনীতিৰ আধাৰত প্ৰকৃত ৰাইজৰ শাসন প্ৰতিস্থাৰ হকে বিকল্প ৰাজনৈতিক শক্তিৰ সন্ধান কৰিবলৈ আহ্বান জনাইছোঁ বুলি কয় আপৰ নেতাজনে।
আপ চৰকাৰৰ সুশাসনৰ সোঁৱাদ ল’বলৈ অসমবাসী আগ্ৰহী হৈ আছে বুলি দাবী কৰি আপৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে কয়, ৰাইজে বিচাৰিলে আপৰ চৰকাৰ ২০২৬ তো সম্ভৱ হৈ উঠিব পাৰে ! কিন্তু এটা কথা স্পষ্ট যে, ২০৩১ ত অসমত আম আদমি পাৰ্টীৰ চৰকাৰ প্ৰতিস্থা হোৱাটো নিশ্চিত বুলিও দাবী কৰে আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব শইকীয়াই।