নিউজ ডেস্ক, ৯ জুলাই, ২০২৫ : শ্ৰাৱণী মেলাৰ সময়ত অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) তিনিখন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে। এই ৰে’লসমূহ ডিব্ৰুগড়-দেওঘৰ, কাটিহাৰ-দেওঘৰ আৰু কাটিহাৰ-মণিহাৰীৰ মাজত চলাচল কৰিব। বিশেষ ৰে’ল নং. ০৫৯২৬ (ডিব্ৰুগড়-দেওঘৰ) প্ৰতি বৃহস্পতিবাৰ, শুকুৰবাৰ, শনিবাৰ, সোমবাৰ আৰু মঙলবাৰে ১০ জুলাইৰ পৰা ৯ আগষ্ট, ২০২৫ লৈ ০৯:৪০ বজাত ডিব্ৰুগড়ৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা ২০:২৫ বজাত দেওঘৰত উপস্থিত হ’ব।

একেদৰে ৰে’ল নং ০৫৯২৫ (দেওঘৰ-ডিব্রুগড়) প্রতি শুকুৰবাৰ, শনিবাৰ, দেওবাৰ, মঙলবাৰ আৰু বুধবাৰে ১১ জুলাইৰ পৰা ১০ আগষ্ট, ২০২৫ লৈ ২১:৫৫ বজাত দেওঘৰৰ পৰা ৰাওনা হ’ব আৰু যাত্ৰাৰ তৃতীয় দিনা ০৮:৩০ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব। দুয়োখন ৰে’ল ২৩ টা ট্ৰিপৰ বাবে চলিব। বিশেষ ৰে’ল নং ০৫৭১৬ (কাটিহাৰ-দেওঘৰ) ১০ জুলাইৰ পৰা ৭ আগষ্ট, ২০২৫ লৈ প্ৰতি বৃহস্পতিবাৰে কাটিহাৰৰ পৰা ১৪:২০ বজাত ৰাওনা হ’ব আৰু পিছদিনা ০৪:১৫ বজাত দেওঘৰত উপস্থিত হ’ব।

একেদৰে, ৰে’ল নং ০৫৭১৫ (দেওঘৰ-কাটিহাৰ) বিশেষ ১১ জুলাইৰ পৰা ৮ আগষ্ট, ২০২৫ লৈ প্ৰতি শুকুৰবাৰে দেওঘৰৰ পৰা ০৫:৪৫ বজাত ৰাওনা হ’ব আৰু একেদিনা ২১:২০ বজাত কটিহাৰত উপস্থিত হ’ব। দুয়োখন ৰে’ল ৫ টা ট্ৰিপৰ বাবে চলাচল কৰিব। বিশেষ ৰে’ল নং ০৭৫৪০ (কাটিহাৰ-মণিহাৰী) ১ জুলাইৰ পৰা ৩১ জুলাই, ২০২৫ লৈ প্ৰতিদিন কাটিহাৰৰ পৰা ২০:৩০ বজাত ৰাওনা হৈ একেদিনা ২১:৩০ বজাত মণিহাৰীত উপস্থিত হ’ব। একেদৰে, ৰে’ল নং ০৭৫৩৯ (মণিহাৰী-কাটিহাৰ) ৰে’লখন ২ জুলাইৰ পৰা ১ আগষ্ট, ২০২৫ লৈ প্ৰতিদিন মণিহাৰীৰ পৰা ০৫:০০ বজাত ৰাওনা হৈ একেদিনা ০৬:০০ বজাত কাটিহাৰত উপস্থিত হ’ব।

দুয়োখন ৰে’ল ৩১ টা ট্ৰিপৰ বাবে চলাচল কৰিব। এই ৰে’লসমূহৰ পথ, ষ্টপেজ আৰু সময়ৰ বিশদ বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উপলব্ধ। যাত্ৰীসকলক ৰে’ল যাত্ৰাৰ পূৰ্বে এই বিৱৰণ পৰীক্ষা কৰিবলৈ ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।