নিউজ ডেস্ক, ১৩ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ গ্ৰাহকসকলক দিনে-নিশাই সেৱা আগবঢ়োৱাৰ লগতে অন্তিম ব্যৱহাৰকাৰীলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ (Goods) সময়মতে যোগান নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। চলিত বৰ্ষৰ জুন মাহৰ সময়ছোৱাত, এই সংমণ্ডলে সফলতাৰে ০.৯৬৮ মিলিয়ন টন (এমটি) সামগ্ৰী লোড কৰিছে, যিয়ে পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত ৯.৬ শতাংশ বৃদ্ধিৰ প্ৰতিফলন ঘটায়।
২০২৫ চনৰ জুন মাহত, যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত মালবাহী লোডিঙৰ দিশত কেইবাটাও সামগ্ৰীয়ে উল্লেখযোগ্য বৃদ্ধি লাভ কৰিছিল। উক্ত সময়ছোৱাত চিমেণ্টৰ লোডিং ৫৩.১ শতাংশ বৃদ্ধি হয়; আনহাতে কয়লাৰ লোডিং ৩৭.৫ শতাংশ, সাৰৰ লোডিং ৯.১ শতাংশ, পিঅ’এলৰ লোডিং ৪১.৭ শতাংশ, কণ্টেইনাৰ লোডিং ১১.১ শতাংশ বৃদ্ধি হোৱাৰ লগতে অন্যান্য সামগ্ৰীৰ লোডিং ৩৬.২ শতাংশ বৃদ্ধি হয়। ইয়াৰ উপৰিও, অন্যান্য খণ্ডত, ষ্টোন চিপত পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত উল্লেখযোগ্য ২৭৫ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে।
মালবাহী লোডিঙৰ ক্ৰমাগত বৃদ্ধিয়ে অঞ্চলটোৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক কাৰ্যকলাপৰ প্ৰতিফলন ঘটায়। এই উৰ্ধমুখী ধাৰাটোৱে কেৱল অঞ্চলটোৰ অৰ্থনৈতিক প্ৰেক্ষাপটক শক্তিশালী কৰাই নহয়; আনহাতেই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাজহলৈ তাৎপৰ্যপূৰ্ণভাৱে বৰঙণি আগবঢ়াইছে। অনাগত দিনত, উত্তৰ-পূব সীমান্ত ৰে’লৱেই সেৱাৰ নিৰ্ভৰযোগ্যতা আৰু দক্ষতা উন্নত কৰাৰ লক্ষ্যেৰে প্ৰযুক্তিগত উন্নয়নৰ দিশত সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ থকাৰ লগতে মালবাহী ৰে’লৰ পৰিবহনত স্থায়ী বৃদ্ধিকে নিশ্চিত কৰি তুলিছে।