নিউজ ডেস্ক, ১৫ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই চলিত বৰ্ষৰ জুন মাহৰ সময়ছোৱাত গ্ৰাহক (Passenger) সেৱা উন্নত আৰু ৰে’লৱে মালবাহী ৰাজহ অৰ্জন বৃদ্ধিৰ দিশত সক্ৰিয়ভাৱে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহ মালবাহী লজিষ্টিক শক্তিশালী কৰা, মালবাহী পৰিবহন সুগম কৰা আৰু আঞ্চলিক কৃষি ও ঔদ্যোগিক সা-সামগ্ৰীৰ যোগান শৃংখলক সঁহাৰি প্ৰদানৰ লক্ষ্যেৰে গ্ৰহণ কৰা হৈছে।
এই পদক্ষেপৰ এক অংশ ৰূপে, কাটিহাৰ মণ্ডলৰ অধীনৰ বেংডুবী প্ৰজেক্ট মিলিটেৰি ছাইডিং (বিপিএমএছ) ৪ জুন ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ভিপি ৰেকত আভ্যন্তৰীণ পাৰ্চেল পৰিবহন হেণ্ডলিং কৰাৰ অৰ্থে মুকলি কৰা হৈছে। এই কৌশলগত পদক্ষেপে এই অঞ্চলৰ ক্ৰমবৰ্দ্ধমান মালবাহী পৰিবহনৰ চাহিদা পূৰণ কৰাত সহায় কৰিব। মাল পৰিবহনৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰাৰ অৰ্থে কাটিহাৰ মণ্ডলৰ অধীনৰ বালুৰঘাট ষ্টেচনৰ দ্বাৰা পৰিচালিত বালুৰঘাট স্থিত গতি শক্তি মাল্টি-মডেল কাগ্ৰো টাৰ্মিনেল (জিচিটি) ১০ জুন ২০২৫ তাৰিখৰ পৰা আভ্যন্তৰণী খাদ্য শস্যৰ পৰিবহণ কৰাৰ অৰ্থে কাৰ্যকৰী কৰা হৈছে।
ইয়াৰ দ্বাৰা কৃষিভিত্তিক সামগ্ৰীৰ পৰিবহন তাৎপর্যপূর্ণভাৱে উন্নত হব বুলি আশা কৰা হৈছে। ব্যৱসায় বিকাশ গোট (বিডিইউ) পদক্ষেপৰ অধীনত, উত্তৰ-পূব সীমান্ত ৰে’লৱেই জুন ২০২৫ মাহৰ সময়ছোৱাত অধিক সংখ্যক মালবাহী ৰে’লৰ চলাচল সম্পাদন কৰিবলৈ সক্ষম হৈছে। লামডিং মণ্ডলৰ অধীনৰ বিভিন্ন স্থানৰ পৰা সৰ্বমুঠ ১,৩৩২ ৱাগন ষ্টোন চিপচ বুক কৰা হৈছে যেনে শোখুভিৰ পৰা জিৰাণীয়া, আমবাছা, বেলোনিয়া, ভৈৰৱীলৈ ২৯৪ ৱাগন; বিহাৰাৰ পৰা জিৰাণীয়া, বেলোনিয়া লৈ ৬৮১ ৱাগন; ডিটকছড়াৰ পৰা জিৰাণীয়ালৈ ৩১৫ ৱাগন আৰু ২১ ৱাগনকৈ শ্ৰীবাৰ আৰু ছালচাপ্ৰাৰ পৰা জিৰাণীয়ালৈ বুক কৰা হৈছে।
মালবস্তু পৰিবহনৰ এই বিস্তৃত পৰিচালনে মালবাহী ৰেলৰ পৰা এক উল্লেখনীয় পৰিমাণৰ ৰাজহ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি, আলিপুৰদুৱাৰ মণ্ডলৰ অধীনৰ ফালাকাটা আৰু তুফানগঞ্জ ষ্টেচনৰ পৰা গোমধানৰ ২ খন ৰেক (৮৪ খন ৱাগন) লোড কৰা হৈছে আৰু সেইসমূহ বানাপুৰা আৰু মুজাফ্ফৰনগৰ ষ্টেচনলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰোপৰি ধুপগুড়ী ষ্টেচনৰ পৰা ০.৫ ৰেক (১০৫ খন ৱাগন) আলু লোড কৰা হয় আৰু সেইসমূহ জিৰাণীয়া ষ্টেচনলৈ প্ৰেৰণ কৰা হয়।
বিডিইউ আন্তঃগাঁথনিৰ অধীনৰ এই নিৰ্ধাৰিত লক্ষ্যসমূহে নতুন সামগ্ৰী পৰিবহন, টাৰ্মিনেলৰ সম্ভাৱনাময় ব্যৱহাৰ আৰু গ্ৰাহক-হিতৈষী সা-সুবিধা প্ৰদানেৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই মালবাহী ৰে’লৰ ব্যৱসায় বৃদ্ধিৰ দিশত ইয়াৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ মালবাহী সেৱা আৰু গ্ৰাহক সম্পৰ্ক উন্নত কৰাৰ দিশত গুৰুত্ব প্ৰদানৰ লগতে এই অঞ্চলৰ মালবস্তু সৰবৰাহ আৰু ধাৰাবাহিক যোগানৰ ইকো চিষ্টেম অৰ্থপূৰ্ণভাৱে বজাই ৰখাৰ দিশত নিজৰ অৱদান যোগাই আহিছে।