গুৱাহাটী, ২৬ জুলাই, ২০২৫ : অস্ত্ৰৰ অনুজ্ঞা প্ৰদানৰ জৰিয়তে জাতিক সুৰক্ষা প্ৰদানৰ মুখ্যমন্ত্ৰীৰ (Chief Minister) অভিনৱ নীতিক তীব্ৰ সমালোচনা কৰিছে অসম জাতীয় পৰিষদে৷ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি জাতিক সুৰক্ষা প্ৰদান কৰিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে এতিয়া বিষয়বস্তুৰ পৰা দৃষ্টি আঁতৰাই ৰাইজক বিভ্ৰান্ত কৰিবলৈ এনে পলায়নবাদী নীতি গ্ৰহণ কৰিছে৷ উল্লেখযোগ্য যে অস্ত্ৰ-শস্ত্ৰ লগত থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ বক্তব্য প্ৰদান কৰিছিল৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আনকি ৰাজ্যত বিস্ফোৰক পৰিস্থিতি সৃষ্টি হোৱালৈ তেওঁ অপেক্ষা কৰি থকা বুলিও মত প্ৰকাশ কৰিছিল৷

মুখ্যমন্ত্ৰীৰ উল্লিখিত বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল জাতি-মাটি-ভেটিৰ সুৰক্ষা৷ অসমবাসী ৰাইজে বিজেপিৰ চৰকাৰৰ পৰা সেইটোহে আশা কৰে৷ জাতি-মাটি-ভেটি সুৰক্ষাৰ এক সৰ্বসন্মত আৰু বিজ্ঞানসন্মত ব্যৱস্থাও আছে৷ স্বয়ং ভাৰত চৰকাৰে উক্ত ব্যৱস্থাৰ কথা সংসদত উপস্থাপন কৰিছিল৷ সেয়া হ’ল, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন৷ তাৰ জৰিয়তে অসমীয়া জাতিক ভাষিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সকলো প্ৰকাৰে সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰাৰ বিষয়ত ভাৰত চৰকাৰ আৰু আনকি সংসদেও স্বীকৃতি দি থৈছে৷ কিন্তু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰক সৈমান কৰাৰ নকৰি কেৱল আৱেগিক ভাষণবাজিৰে ৰাইজক আভুৱা ভাৰি থকাটো দুৰ্ভাগ্যজনক৷

অস্ত্ৰ-শস্ত্ৰ লগত থাকিলেহে অসমীয়া জাতি সুৰক্ষিত হৈ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক গৰিহণা দি জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদান চৰকাৰৰ দায়িত্ব৷ ৰাইজক অস্ত্ৰ হাতত তুলি দি নিজৰ সুৰক্ষাৰ ব্যৱস্থা নিজে কৰি লবলৈ ৰাইজক আহ্বান জনোৱাৰ অৰ্থ হ’ল চৰকাৰে ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিব পৰা নাই৷ এখন চৰকাৰৰ বাবে ইয়াতকৈ লজ্জ্বাজনক কথা আন হ’ব নোৱাৰে যে চৰকাৰখনে নিজেই নিজৰ ব্যৰ্থতা উদঙাই দিছে৷ এনে ব্যৰ্থ চৰকাৰৰ ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই৷

আনহাতে ৰাজ্যত বিস্ফোৰক পৰিস্থিতিৰ সৃষ্টি হোৱালৈ অপেক্ষা কৰি থকা বুলি স্বয়ং মুখ্যমন্ত্ৰীজনে বক্তব্য প্ৰদান কৰাটো আশ্চর্য্যকৰ বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয় যে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব হ’ল আইন-শৃঙ্খলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে সতৰ্কতা অৱলম্বন কৰা৷ কিন্তু স্বয়ং মুখ্যমন্ত্ৰীজনে প্ৰতিহিংসামূলক আৰু উচটনিমূলক বক্তব্য প্ৰদান কৰাটো চিন্তনীয়৷ ইয়াৰ দ্বাৰা স্বয়ং চৰকাৰখনেই ৰাজ্যত হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰাৰ পৰিৱেশ তৈয়াৰ কৰিছে নেকি, সেইটো ভৱাৰ পৰিৱেশ আনি দিয়ে৷ মুখ্যমন্ত্ৰীৰ উল্লিখিত ব্যৰ্থতা আৰু উচটনিমূলক বক্তব্যৰ বিষয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক অৱগত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দলটোৱে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলিও লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই সদৰী কৰে৷