নিউজ ডেস্ক, ২৮ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) ১৭ জুলাইৰ পৰা ২৪ জুলাই লৈকে ৰে’লৰ জৰিয়তে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়। এই সময়ছোৱাত ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে আগৰতলা, কাটিহাৰ, বাগডোগৰা, ৰঙাপাৰা নৰ্থ, লামডিং আৰু গুৱাহাটী ৰে’লৱে ষ্টেচনৰ লগতে বিভিন্ন ৰে’লত অভিযান চলায়। এই অভিযানৰ ফলস্বৰূপে, প্ৰায় ১৬৮.৬৭ কিলোগ্ৰাম গাঁঞ্জা উদ্ধাৰ কৰা হয়, যাৰ আনুমানিক বজাৰ মূল্য ১৬.৮৩ লাখ টকা।
আৰপিএফ বাহিনীয়ে এই গাঁঞ্জা সৰবৰাহৰ লগত জড়িত ২ জন লোকক আটক কৰে। লগতে, ৪৭৫ টা সুৰাৰ বটল (আনুমানিক মূল্য ১.০৫ লাখ টকা) জব্দ কৰাৰ লগতে ৫ জন লোকক আটক কৰে। একেই সময়ছোৱাত যাত্ৰীৰ সামগ্ৰী চুৰিত জড়িত ৭ জন ব্যক্তিকো ৰে’লৱে সুৰক্ষা বাহিনীয়ে আটক কৰে। তেওঁলোকৰ পৰা ৬ টা চুৰি হোৱা মোবাইল ফোন, ১ টা লেপটপ আৰু ১.১৯ লাখ টকা নগদ উদ্ধাৰ কৰে।
২০২৫ বৰ্ষৰ আৰম্ভণিৰ পৰা ২৪ জুলাই পৰ্যন্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৩৭০৬.৯৩৭ কিলোগ্ৰাম গাঁঞ্জা উদ্ধাৰ কৰিছে, যাৰ আনুমানিক বজাৰ মূল্য ৩.৬৭ কোটি টকা। এই অভিযানত ১২৬ জন মাদক দ্ৰব্য সৰবৰাহকাৰীকো আটক কৰা হয়। ২৩ জুলাই ২০২৫ তাৰিখে কাটিহাৰ ৰে’লৱে ষ্টেচনত ২০৫০৩ (ডিব্ৰুগড়-নিউ দিল্লী) ৰাজধানী এক্সপ্ৰেছ ৰে’লখনত চলোৱা অভিযানৰ সময়ত কাটিহাৰ মণ্ডলৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৫১ কিলোগ্ৰাম গাঁঞ্জা (আনুমানিক মূল্য ৫.১০ লাখ টকা) উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত এই সামগ্ৰী চৰকাৰী ৰে’লৱে আৰক্ষী,কাটিহাৰৰ হাতত আইনী ব্যৱস্থা গ্ৰহণ বাবে অৰ্পন কৰা হয়।
আনহাতে ২৪ জুলাই ২০২৫ তাৰিখে কাটিহাৰ ষ্টেচনত নিয়মীয়া অনুসন্ধানৰ সময়ত ১৬৯ টা সুৰাৰ বটল (আনুমানিক মূল্য ৭১.৬০ হাজাৰ টকা) জব্দ কৰা হয় আৰু ২ জন ব্যক্তিক আটক কৰা হয়। আটকাধীন ব্যক্তিকেইজনক আৰু জব্দ কৰা সুৰাৰ বটলসমূহ জিআৰপি, কাটিহাৰৰ হাতত অৰ্পন কৰা হয়।২০ জুলাই ২০২৫ তাৰিখে গুৱাহাটী ৰে’লৱে ষ্টেচনত চলোৱা এখন নিয়মীয়া অনুসন্ধানৰ সময়ত এজন ব্যক্তিক আটক কৰা হয়, লগতে তেওঁৰ পৰা ১৫ হাজাৰ টকা মূল্যৰ মোবাইল ফোন উদ্ধাৰ কৰা হয়। ২৩ জুলাই ২০২৫ তাৰিখে ৰঙাপাৰা নৰ্থ ষ্টেচনত আন এজন ব্যক্তিক আটক কৰি তেওঁৰ পৰা ৩৫ হাজাৰ টকাৰ এটা লেপটপ উদ্ধাৰ কৰা হয়। আটকাধীন ব্যক্তিসকলক উদ্ধাৰ কৰা সামগ্ৰী আৰু নগধ ধনৰ সৈতে সংশ্লিষ্ট ষ্টেচনৰ দায়িত্বত থকা জিআৰপি পৰিদৰ্শকৰ হাতত পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণ বাবে অৰ্পন কৰা হয়।
উল্লেখযোগ্য যে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে নিচা মুক্ত ৰাষ্ট্ৰ গঢ়াৰ লক্ষ্যত সদায় সজাগ হৈ আছে আৰু ৰে’লৱে ষ্টেচন আৰু ৰে’লত চলি থকা নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ ওপৰত কঠোৰ দৃষ্টি ৰাখি আহিছে। যাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ লগতে ৰে’লৱে সুৰক্ষা বাহিনীয়ে সদায় ৰে’ল ব্যৱহাৰকাৰীসকলক সাহাৰ্য প্ৰদান কৰিবলৈ সাজু হৈ থাকে।