গুৱাহাটী, ১১ আগষ্ট, ২০২৫ : চলিত বৰ্ষৰ ১৪ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈ চিকাগো দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ (CSAFF) ষোড়শ সংস্কৰণত প্ৰতিযোগিতা শাখাত প্ৰদৰ্শনৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে চাও পাৰ্থ বৰগোহাঁইৰ ৰচনা, পৰিচালনা আৰু দৃশ্যগ্ৰহণেৰে অসমীয়া বোলছবি ছবি ‘হিৰাইথ’। চিকাগো দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱত বিশ্বজুৰি প্ৰশংসিত অন্যান্য ছবিৰ লগতে অনুষ্ঠিত হ’ব ‘হিৰাইথ’ৰ বিশ্ব প্ৰিমিয়াৰ। মন কৰিবলগীয়া যে, ১৯ ছেপ্টেম্বৰত মহোৎসৱৰ উদ্বোধনী নিশা ডাউনটাউন চিকাগোত ৰেড কাৰ্পেট উন্মোচনৰ পাছত ২১ ছেপ্টেম্বৰত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, মূলতঃ ডিব্ৰুগড়ত দৃশ্যগ্ৰহণ সম্পন্ন হোৱা ‘হিৰাইথ’ হৈছে এখন বাস্তৱাদী ড্ৰামা। ছবিখনৰ জৰিয়তে ফুটাই তোলা হৈছে ভয়াবহ বানে জীৱনলৈ দুৰ্যোগ নমাই অনা পৰী নামৰ এগৰাকী মহিলাৰ কাহিনী। বানে মষিমূৰ কৰাৰ পিছত পৰীয়ে স্বামীৰ সৈতে চহৰলৈ যাবলৈ বাধ্য হয়। তাত তেওঁলোকে আৰ্থ-সামাজিক বৈষম্য, দুৰ্নীতি আৰু শোষণৰ কঠোৰ বাস্তৱতাৰ সন্মুখীন হয়। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মেঘালী কলিতা, অসীম কুমাৰ শৰ্মা, অতনু মহন্তৰ দৰে কলা-কুশলীয়ে। ১০০ মিনিট দীঘলীয়া এই অসমীয়া বোলছবিখনৰ জৰিয়তে পৰ্দাত ফুটি উঠিছে সমাজৰ প্ৰান্তীয় লোকসকলৰ অদম্য মনোভাৱ আৰু তেওঁলোকে সন্মুখীন হোৱা অন্যায়ৰ নিৰ্মম বাস্তৱ।

চলচ্চিত্ৰ মহোৎসৱলৈ ছবিখনৰ বাছনি সন্দৰ্ভত পৰিচালক চাও পাৰ্থ বৰগোহাঁইয়ে কয়, “এই স্বীকৃতি আৰু মৰম পাই মই আপ্লুত আৰু আনন্দিত হৈছো। আমি ক’বলৈ চেষ্টা কৰা কাহিনীটো সাধাৰণতে অৱহেলিত লোকসকলৰ কঠোৰ বাস্তৱতাৰ ওপৰত আধাৰিত। সমাজৰ প্ৰান্তীয় স্তৰৰ এই লোকসকলৰ দেহৰ ঘাম আৰু দুখ-কষ্টই প্ৰায়ে আনৰ উন্নতিৰ ভেটি হিচাপে কাম কৰে। এই যাত্ৰাত মোক সহায় কৰা প্ৰতিজন ব্যক্তিৰ ওচৰত মই কৃতজ্ঞ। বিশেষকৈ মোৰ দুগৰাকী মা-মোৰ কাষত সদায় থিয় দি থকা মোৰ জন্মদাতৃ আৰু মোৰ ওপৰত ভৰষা কৰি এখোজ আগবাঢ়ি মোক আৰ্থিকভাৱে সাহস দিয়া মোৰ শাহু মাৰ ওচৰত মই অত্যন্ত কৃতজ্ঞ। তদুপৰি যাৰ বিশ্বাস আৰু মৰম অবিহনে মই এই কঠিন বাটত আগবাঢ়িবলৈ সাহস নাপালোহেঁতেন, সেয়া হৈছে মোৰ পত্নী। মই তেওঁৰ প্ৰতিও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।”

তেওঁ লগতে ক​য়, “এই ছবিখন সেই সকলো মানুহৰ বাবে যিসকলে সন্মানৰ বাবে সংগ্ৰাম কৰে কিন্তু কেতিয়াও সেয়া নেদেখায়। ‘পৰী’ৰ যাত্ৰাৰ জৰিয়তে মই মাত্ৰ আপোনালোকক আমি স্বাভাৱিক বুলি লোৱা বৈষম্যৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰাব বিচাৰিছো। প্ৰেম কৰি থাকক, কঠোৰ পৰিশ্ৰম কৰি যাওক। কাকো ঘৃণা নকৰিব-জীৱনটো বৰ চুটি, গতিকে প্ৰতিটো মুহূৰ্তকে মূল্যবান বুলি ভাৱিবলৈ শিকক আৰু ইয়াক সম্পূৰ্ণৰূপে উপভোগ কৰক।” ছবিখনৰ অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰিছে দিপাংকৰ শৰ্মা, অৰ্চনা বেজবৰুৱা, বিশ্ব কিংকৰ বৰুৱা, হেমন্ত ৰাজকোঁৱৰ, স্মৃতিৰেখা চেতিয়া সন্দিকৈ, প্ৰদীপ্ত প্ৰাণ ভট্টাচাৰ্য, ৰিমঝিম ডেকা, ৰুমী শৰ্মা পাঠক আৰু ভৈৰৱ ফুকনে। চাও পাৰ্থ বৰগোহাঁইৰ নিজা ৰচনা আৰু পৰিচালনাৰে নিৰ্মাণ কৰা ছবিখনৰ প্ৰযোজক হিচাপে আছে চেংপেম বৰগোহাঁই, আৰু কাৰ্যবাহী প্ৰযোজক হিচাপে আছে সুভিত্য বৰগোহাঁই আৰু ৰুচি বৰুৱা।

ছবিখনৰ চিনেমেট’গ্ৰাফী চাও পাৰ্থ বৰগোহাঁয়ে নিজেই কৰিছে। ছবিখনৰ প্ৰডাকচন ডিজাইন কৰিছে জয়ন্ত গগৈ, সম্পাদনা কৰিছে কবিন আদিত্য আৰু সংগীত দিছে এ টি ৰামে। ছবিখনৰ কালাৰিষ্ট হিচাপে আছে দেলেপন ৰাজন আৰু ধীৰু। ইয়াৰোপৰি ছবিখনৰ শব্দ ডিজাইনাৰ হিচাপে আছে নৱপন ডেকা, ৰি-ৰেকৰ্ডিং মিক্সাৰ হিচাপে কাম কৰিছে ঋত্বিক ৰাজ পাঠকে। বিশাল নাথে লোকেশ্যন চাউণ্ড ডিজাইনাৰৰ দায়িত্ব পালন কৰাৰ বিপৰীতে ভিজুৱেল ইফেক্টৰ কাম কৰিছে পিক্সেল লাইট ষ্টুডিঅ’, ৰাজা বয়টলুং আৰু ধ্ৰুৱজিৎ কলিতাই। সাজ-পোছাক আৰু মেক-আপ আৰ্টিষ্ট হিচাপে ছবিখনৰ লগত জড়িত আছে পৰাণ শৰ্মা আৰু মন্দিতা গোস্বামী, আৰু প্ৰথম সহকাৰী পৰিচালক হিচাপে আছে ভিক্টৰ দাস।

১৯৮৬ চনৰ ৬ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ আলঙত জন্মগ্ৰহণ কৰিছিল চাও পাৰ্থ বৰগোহাঁইয়ে। পিতৃ অৰুণাচল প্ৰদেশ আৰক্ষী সেৱাত কৰ্মৰত হোৱাৰ বাবে তেওঁ ৰাজ্যৰ বিভিন্ন জিলাত পাৰ কৰিবলগীয়া হৈছিল শৈশৱ কাল। পাৰ্থৰ মাতৃ চেংপেম বৰগোহাঁইও অৰুণাচল প্ৰদেশৰ চৰকাৰী কৰ্মচাৰী আছিল যদিও পাৰ্থৰ জন্মৰ পিছত তেওঁ চাকৰি ত্যাগ কৰি পৰিয়ালৰ দায়িত্ব চম্ভালিবলৈ আৰম্ভ কৰে। অৰুণাচলত স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত পাৰ্থ বৰগোহাঁইয়ে চেন্নাইলৈ যায় আৰু তাতেই মাদ্ৰাজ খ্ৰীষ্টান কলেজৰ পৰা দৃশ্য কলা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ মাইণ্ডস্ক্ৰীণ ফিল্ম ইনষ্টিটিউটৰ পৰা ফিল্ম এণ্ড মোচন ফটোগ্ৰাফীত উচ্চ শিক্ষা গ্ৰহণ কৰে। ২০১৪ চনৰ পৰা পাৰ্থই ফ্ৰীলান্স চিনেমাট’গ্ৰাফাৰ আৰু পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে। চিকাগো দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ হৈছে উত্তৰ আমেৰিকাৰ অন্যতম বৃহৎ চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱত চলচ্চিত্ৰ প্ৰদৰ্শন, প্ৰশ্নোত্তৰ, পেনেল আলোচনা, সাংস্কৃতিক অনুষ্ঠান আদিৰ জৰিয়তে উদযাপিত হয় উপমহাদেশ আৰু ইয়াৰ প্ৰৱাসীসকলৰ বৈচিত্ৰ্যপূৰ্ণ কাহিনী।