নিউজ ডেস্ক, ১২ আগষ্ট, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ভৈৰৱী-ছাইৰাং নতুন ৰে’ল পথ প্ৰকল্পৰ সমাপ্তিৰ সৈতে মিজোৰামৰ (Mizoram) ৰাজধানী আইজলে পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰিবলৈ গৈ আছে। ৰাজধানী সংযোগ প্ৰকল্পৰ অংশ হিচাপে গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি মিজোৰামৰ বাবে ভ্ৰমণ আৰু অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনা বহুগুণে বৃদ্ধি কৰি তুলিব।

এবাৰ কাৰ্যক্ষম হৈ উঠাৰ পিছত ৰে’ল সেৱা ছাইৰাঙলৈ প্ৰসাৰিত হ’ব, যি আইজলৰ ওচৰতেই অৱস্থিত ইয়াৰ ফলত উত্তৰ-পূৰ্ব্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যখনলৈ যোগাযোগ আৰু প্ৰৱেশধিকাৰ সুবিধাসমূহ অধিক উন্নত কৰি তুলিব। এই ঐতিহাসিক উন্নয়নৰ প্ৰত্যাশাৰে, ভাৰতীয় ৰে’লৱে কেটাৰিং আৰু পৰ্যটন নিগময়ে (আইআৰচিটিচি) চলিত বৰ্ষৰ আগষ্টত মিজোৰাম চৰকাৰৰ সৈতে দুবছৰীয়া বুজা-বুজিৰ চুক্তি (এম ও ইউ) স্বাক্ষৰ কৰিছে, যাৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ বাবে অন্তৰ্মূখী আৰু বহিৰ্গামী পৰ্যটনৰ প্ৰসাৰ কৰা।

এই চুক্তিৰ অধীনত, আইআৰচিটিচিয়ে ফ্ৰন্ট-এণ্ড বিপণন সংস্থা হিচাপে কাম কৰিব, আনহাতে মিজোৰাম পৰ্যটন বিভাগে পৰ্যটক লজকে ধৰি পৰ্যটন আন্তগাঁথনিৰ সুবিধা প্ৰদান কৰিব আৰু আইআৰচিটিচিৰ সৈতে মিলি কাৰ্যসূচীযুক্ত ভ্ৰমণ পেকেজ প্ৰস্তুত কৰিব। এই সহযোগিতাৰ লক্ষ্য হৈছে স্থানীয় গন্তব্য স্থানসমূহৰ ব্যৱস্থাপক কোম্পানী আৰু সেৱা প্ৰদানকাৰীক বিকাশিত কৰা, যাতে পৰিবহণ, থকাৰ ব্যৱস্থা, দৰ্শনীয় স্থান ভ্ৰমণৰ লগতে মিজোৰামৰ আকৰ্ষণীয় সংস্কৃতিৰ দিশত বিশেষ অন্তদৃষ্টি প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত আছে মিজোৰামৰ বৰ্ণিল উৎসৱৰ সমাহাৰ, য’ত স্থানীয় সম্প্ৰদায়সমূহে একত্ৰিত হৈ ভোজন প্ৰস্তুতি, বেম্বো ডাঞ্চ, পৰম্পৰাগত লোক সংগীত আৰু অৰ্থপূৰ্ণ আনুষ্ঠানিক ৰীতি-নীতিৰ মাধ্যমেৰেৰ কৰা উদযাপন অন্তৰ্ভূক্ত থাকিব।

সাংস্কৃতিক উৎসৱৰ উপৰিও, মিজোৰামে এমাৰাল্ড ভেলি, বিস্তীৰ্ণ ঘন সেউজীয়া পাহাৰ, নিৰ্মল জলপ্ৰপাত আৰু ঐতিহ্যমণ্ডিত স্থানৰ এক সমৃদ্ধ পৰ্যটনৰ দৃশ্যপট প্ৰদান কৰে। ৰাজ্যখনে দুঃসাহসিক পৰ্যটনত ক্ৰমশঃ জনপ্ৰিয়তা লাভ কৰিছে আৰু ইয়াৰ উষ্ণ আতিথ্য আৰু শান্তিপূৰ্ণ পৰিৱেশৰ বাবে স্বীকৃত প্ৰাপ্ত কৰিছে। উমৈহতীয়াভাৱে মিজোৰামৰ সাংস্কৃতিক ঐতিহ্য আৰু বহনক্ষম, পৰীক্ষামূলক পৰ্যটনৰ এক গন্তব্য স্থান হিচাপে এই বৈশিষ্টসমূহে ৰাজ্যখনৰ অপাৰ সম্ভাৱনাকেই প্ৰতিফলিত কৰিছে।

এই চুক্তিখনে আইআৰচিটিচিৰ “ডিচক’ভাৰ এনই বিয়ণ্ড গুৱাহাটী” কাৰ্যসূচীৰ অধীনত বিশেষ পৰ্যটক ৰে’লগাড়ী আৰম্ভ কৰাৰ পৰিকল্পনাৰ সৈতে সঙ্গতিপূৰ্ণ, য’ত আইজলক মুখ্য গন্তব্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই ৰেল সেৱা, ৰে’ল পৰিচালনা আৰম্ভ হোৱাৰ পাছতেই শীঘ্ৰে আৰম্ভ হোৱাৰ আশা কৰা হৈছে, যি হিতৈষী পৰ্যটন আৰু বহনক্ষম ভ্ৰমণ অভিজ্ঞতাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। উন্নত ৰে’ল সংযোগ আৰু যৌথ পৰ্যটন প্ৰসাৰৰ পদক্ষেপে উভয়ে মিজোৰামক ঘৰুৱা আৰু আন্তৰ্জাতিক পৰ্যটকৰ বজাৰত বাবে মুকলি কৰি দিব, স্থানীয় সম্প্ৰদায়ৰ বাবে নতুন অৰ্থনৈতিক সা-সুযোগ সৃষ্টি কৰিব আৰু এই প্ৰক্ৰিয়াত উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।