গুৱাহাটী, ১৪ ছেপ্টেম্বৰ, ২০২৫ : উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্য আৰু সুৰক্ষাৰ কাঠামো শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰতীয় চেম্বাৰ অৱ কমাৰ্চৰ ( Indian Camber Of Commerce) উদ্যোগত অনুষ্ঠিত নাৰ্চাৰ নৰ্থইষ্ট, ২০২৫ ত পিয়াৰলেছ হস্পিটাল, গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাসৰ অংশগ্ৰহণৰ যোগেদি হস্পিটালখনে সামগ্ৰিক স্বাস্থ্যসেৱা আৰু সামাজিক কল্যাণৰ প্ৰসাৰৰ অৰ্থে নিজৰ প্ৰতিশ্ৰুতি পুনৰাই সুদৃঢ় কৰে। এই অনুষ্ঠানত স্বাস্থ্যসেৱাৰ পথপ্ৰদৰ্শক, পেছাগত সুস্থতাকাৰী, আৰু নীতি-নিৰ্মাতাসকলক একত্ৰিত কৰি পুষ্টি, মানসিক স্বাস্থ্য, আৰু সামাজিক সংযোগৰ জৰিয়তে সুদৃঢ়তা স্থাপনৰ বাবে সৰ্বাঙ্গীন কাৰ্যনীতিৰ অন্বেষণ কৰা হয়।

ডাঃ গৌতম দাসে “পুষ্টি, সুস্থতা আৰু মানসিক স্বাস্থ্য-সুদৃঢ় উত্তৰ-পূব নিৰ্মাণ” শীৰ্ষক পেনেল আলোচনাত অংশ লয়, যিয়ে শক্তিশালী খাদ্য, পৰম্পৰাগত স্বাস্থ্য পদ্ধতি, সামগ্ৰিক যত্ন, আৰু সম্প্ৰদায়-চালিত পদ্ধতিয়ে কেনেকৈ শক্তিশালী আৰু অধিক সুদৃঢ় সমাজ গঢ়ি তোলাত অৰিহণা যোগাব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ডাঃ গৌতম দাসে উত্তৰ-পূবৰ সমূহ ৰাজ্যত পুষ্টি আৰু সুস্থতা প্ৰদানৰ মাপযোগ্য আৰ্হি ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অঞ্চলটোৰ অনন্য সামাজিক-সাংস্কৃতিক আৰু ভৌগোলিক প্ৰেক্ষাপটৰ সৈতে সামঞ্জস্যপূৰ্ণ হস্তক্ষেপ কৰাৰ আৱশ্যকতাৰ ওপৰত আলোকপাত কৰে। লগতে তেওঁ কেনেকৈ ব্যক্তিগত খণ্ডই অভাৱগ্ৰস্ত সম্প্ৰদায়সমূহত স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰণ আৰু বহনক্ষম সুস্থতা পদ্ধতি নিশ্চিত কৰিবলৈ সম্পদ, বিশেষজ্ঞতা, আৰু উদ্ভাৱনীমূলক সমাধান প্ৰদান কৰি ৰাজহুৱা পদক্ষেপসমূহৰ পৰিপূৰক হ’ব পাৰে, সেই বিষয়েও জনায়।

অনুষ্ঠানটোৰ বিষয়ে ডাঃ গৌতম দাসে কয়, “পুষ্টি, সুস্থতা, আৰু মানসিক স্বাস্থ্যৰ এই গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ পোৱাটো এক সৌভাগ্যৰ কথা। মই বিশ্বাস কৰোঁ যে সুদৃঢ় সম্প্ৰদায়সমূহ গঢ়ি তোলাৰ বাবে এনে স্বাস্থ্যসেৱা আৰ্হিৰ প্ৰয়োজন যিটো সৰ্বাঙ্গীন, মাপযোগ্য আৰু স্থানীয় বাস্তৱতাৰ ভিত্তিত স্থাপিত।পিয়াৰলেছ হস্পিটালত আমি ব্যক্তিগত খণ্ডৰ সামৰ্থ্যৰ সহায় লৈ জনস্বাস্থ্যৰ পদক্ষেপসমূহক সমৰ্থন কৰি সমগ্ৰ উত্তৰ-পূবৰ সা-সুবিধা বৃদ্ধিকৰণ, ফলাফলৰ উন্নতীকৰণ, আৰু সম্প্ৰদায়সমূহৰ সবলীকৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।” ডাঃ গৌতম দাসৰ অংশগ্ৰহণে পিয়াৰলেছ হস্পিটাল, গুৱাহাটীৰ সৰ্বাংগীন স্বাস্থ্যসেৱা সমাধানৰ পোষকতা তথা স্বাস্থ্য আৰু সুস্থতাৰ বহনক্ষম, সম্প্ৰদায়-চালিত আৰ্হি নিৰ্মাণৰ বাবে বিভিন্ন অংশীদাৰৰ সৈতে সহযোগিতা কৰাৰ অবিৰত নিষ্ঠাক প্ৰতীয়মান কৰি তুলিছে।

আলোচনামণ্ডলীৰ অন্য বিশেষজ্ঞসকল আছিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক পুষ্টি পৰামৰ্শদাতা অদিতি তালুকদাৰ; চিকিৎসা মনোবিজ্ঞানী আৰু মনোচিকিৎসক মৈত্ৰেয়ী টি. ৰাল্টে; যোগ প্ৰাকৃতিক চিকিৎসা থেৰাপী আৰু এইমছ গুৱাহাটীৰ আয়ুষ বিভাগৰ যোগিক পৰামৰ্শদাতা অংকিতা বৰঠাকুৰ; বিয়ণ্ড বডি ফিটনেছৰ সামগ্ৰিক স্বাস্থ্য বিশেষজ্ঞ প্ৰতীক বৰবৰা; আৰু আৰ্ক অৱ হেপিনেছ এণ্ড ইনাৰ পিচৰ সুখী জীৱন প্ৰশিক্ষক বনশ্ৰী চক্ৰৱৰ্তী বৰা। অধিৱেশনৰ আঁত ধৰে এমৱে ইণ্ডিয়া এণ্টাৰপ্ৰাইজেছ, ২০১৯-ৰ কৰ্পৰেট পৰিক্ৰমাৰ উপ-সভাপতি ৰজত বেনাৰ্জীয়ে।