গুৱাহাটী, ১৫ ছেপ্টেম্বৰ, ২০২৫ : অসম ভাৰোত্তোলন সন্থাই (Assam weightlifting Association) চলিত ২০২৫ বৰ্ষৰ আন্তঃজিলা প্ৰতিযোগিতাখন তেজপুৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেই অনুসৰি অহা ১৮ ৰ পৰা ২১ ছেপ্টেম্বৰলৈ শোনিতপুৰ জিলা ভাৰোত্তোলন সন্থাই স্থানীয় হেম বৰুৱা ভৱনত ৫৩ সংখ্যক ৰাজ্যিক প্ৰতিযোগিতাখন আয়োজনৰ প্ৰস্তুতি কৰিছে৷
আয়োজকে অবগত কৰা অনুসৰি অহা ১৮ ছেপ্টেম্বৰত খেলুৱৈৰ অন্তিম পঞ্জিয়ন হোৱাৰ বিপৰীতে ১৯ ছেপ্টেম্বৰৰ পৰা প্ৰতিযোগিতাৰ খেল আৰম্ভ হ’ব৷ উক্তদিনাই অসম ভাৰোত্তোলন সন্থা লগতে অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলিও কৰিব৷
ৰাজ্যৰ তাৰকা তথা নাবাগত ভাৰোত্তোলকে অংশ ল’বলগা চাৰিদিনীয়া প্ৰতিযোগিতাত ছিনিয়ৰ পুৰুষ-মহিলাৰ লগতে যুৱ আৰু জুনিয়ৰৰ ল’ৰা-ছোৱালী উভয় শাখাৰ খেল অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাৰ খেল পৰিচালনা কৰিব অসমৰ আন্তৰ্জাতিক ৰেফাৰী তথা অসম ভাৰোত্তোলন সন্থাৰ চি ই অ’ ভৱজ্যোতি গোস্বামীয়ে৷
আজি গোস্বামীয়ে জনোৱা অনুসৰি ছিনিয়ৰ পুৰুষ-মহিলাৰ লগতে যুৱ আৰু জুনিয়ৰৰ ল’ৰা-ছোৱালীৰ প্ৰতিটো শাখাতে আঠটাকৈ ওজন বিভাগত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হ’ব৷ যুৱ শাখাৰ বয়স ১৭ বছৰ অনূধ্বৰ্ তথা জুনিয়ৰ শাখাৰ বয়স ২০ বছৰ অনূধ্বৰ্৷ সেই অনুসৰি প্ৰতিযোগিতাত মুঠ ৪৮ টা সোণৰ পদকৰ বাবে যুঁজ দিব ৰাজ্যৰ আন্তৰ্জাতিক তথা ৰাষ্ট্ৰীয় পেক্ষাপটত সফলতা লাভ কৰা ভাৰোত্তোলকে৷