নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ, ২০২৫ : ১৮ খন দেশৰ ২০৮ গৰাকী খেলুৱৈৰ অংশগ্ৰহণৰে আজিৰ পৰা নতুন দিল্লীত আৰম্ভ হ’ব আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ শ্বুটিং (Shooting) প্ৰতিযোগিতা৷ ড॰ কাৰ্ণী সিঙ শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ প্ৰথম দিনটোতে পদকৰ খেল অনুষ্ঠিত হ’ব যদিও অলিম্পিক ইভেণ্ট অহা ২৬ ছেপ্টেম্বৰৰ পৰাহে আৰম্ভ হ’ব৷
আজি পুৰুষ আৰু মহিলাৰ ৫০ মিটাৰ ৰাইফল প্ৰ’ন ইভেণ্টৰ খেল অনুষ্ঠিত হ’ব৷ আনহাতে, ২৬ ছেপ্টেম্বৰত ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেল অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাখনত মুঠ ১৮ টা ইভেণ্টৰ খেল হ’ব৷ ইয়াৰে ১৫ টা অলিম্পিক আৰু তিনিটা নন-অলিম্পিক ইভেণ্ট৷ মুঠ ৫৪ টা পদকৰ বাবে খেলিব বিশ্বৰ যুৱ তাৰকাসকলে যত আছে অলিম্পিয়ানো৷
আয়োজক ভাৰতে ৫০ মিটাৰ ৰাইফল প্ৰ’ন ইভেণ্টৰ বাবে জুনিয়ৰ পুৰুষ আৰু মহিলা উভয় শাখাত পাঁচজনকৈ খেলুৱৈক সুযোগ দিছে৷ তদুপৰি অলিম্পিক ইভেণ্টত দেশৰ মুঠ ২১ জন খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব৷ ভাৰতীয় দলক নেতৃত্ব দিব এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী বেদান্ত নীতিন ৱাঘমাৰে আৰু স্বৰ্ণ পদক বিজয়ী অনুষ্কা এইচ ঠাকুৰে৷
পুৰুষ শাখাৰ আন খেলুৱৈসকল হ’ল : ৰোহিত কানিয়ান, কুশাগ্ৰা সিং ৰাজাৱত, দীপেন্দ্ৰ সিং শ্বেখাৱত আৰু কুনাল শৰ্মা৷ বিপৰীতে মহিলা শাখাত নিমৰাট কৌৰ ব্ৰাৰ, ছানীয়া ছাপালে, আধ্যা আগৰৱালা আৰু অংশীকা৷ প্ৰতিযোগিতাখনত ভাৰতৰ ৬৯ জনীয়া দলটো সৰ্বাধিক খেলুৱৈৰ হোৱাৰ বিপৰীতে অংশগ্ৰহণকাৰী আন দেশসমূহৰ ভিতৰত আছে আমেৰিকা, ইটালী, ইৰাণ, ক্ৰ’ৱেচিয়া, গ্ৰেট ব্ৰিটেইন , ইউ এ ই, শ্লোভাকিয়া , কাটাৰ , ওমান, স্পেইন , ফিনলেণ্ড , নেদাৰলেণ্ড, চাইপ্ৰাছ , নিউজিলেণ্ড , চৌদি আৰব আদি৷