গুৱাহাটী, ২৬ ছেপ্টেম্বৰ, ২০২৫ : অসম গণ পৰিষদৰ (AGP) সভাপতি অতুল বৰাৰ সভাপতিত্বত বৃহস্পতিবাৰে গুৱাহাটীত এখন দলীয় সভা অনুষ্ঠিত হয়৷ এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সেই অনুসৰি অসমবাসীক শোকৰ সাগৰত বুৰাই যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত এক ৰহস্যজনক পৰিস্থিতিত মৃত্যুক সাৱটি লোৱা অসমীয়াৰ নয়নৰ মণি শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অহা ৩ অক্টোবৰত অগপ দলে গুৱাহাটীত এক বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
তদুপৰি বৃহস্পতিবাৰৰ সভাত অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অসম গণ পৰিষদে গভীৰ শোক প্ৰকাশ কৰে। বিদেশত নিদাৰুণভাৱে মৃত্যুক আকোৱালি লোৱা অসমবাসীৰ হিয়াৰ আমঠু শিল্পী গৰাকীৰ মৃত্যুৰহস্য দেশৰ নিৰপেক্ষ আৰু সর্বোচ্চ তদন্তকাৰী সংস্থাৰ জৰিয়তে উদঘাটন কৰি ৰাইজক আশ্বস্ত কৰাৰ বাবে অগপ দলে চৰকাৰক দাবী জনাবলৈ প্ৰস্তাৱ লয়। শিল্পী জুবিন গাৰ্গৰ বিদেশত হোৱা শোকাৱহ মৃত্যুৰহস্য দেশৰ প্ৰচলিত আইনী ব্যৱস্থাৰ জৰিয়তে পোহৰলৈ আনি এই নিষ্ঠুৰ ঘটনাৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত ব্যক্তিসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান দাবী জনাই অগপই৷
আনহাতে, জনগণৰ কণ্ঠ হিচাপে পৰিণত হোৱা ব্যতিক্রমী শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান কৰিবলৈও আজিৰ বৈঠকে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। অসমবাসীৰ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ বাবে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শিল্পীগৰাকীৰ অমূল্য সৃষ্টিৰাজি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰি প্ৰজন্মৰ পাছত প্ৰজন্মলৈ কঢ়িয়াই নিয়াৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক আহ্বান জনাই আজিৰ সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰে।