নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ, ২০২৫ : ভাৰতৰ অনুষ্কা ঠাকুৰে চলিত আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত নিজৰ দ্বিতীয়টো সোণৰ পদক (Gold Medal) জয়ৰ গৌৰৱ অৰ্জন কৰিছে৷ প্ৰতিযোগিতাৰ উদ্বোধনীৰ দিনা মহিলাৰ ৫০ মিটাৰ ৰাইফল প্ৰ’ন ইভেণ্টত ভাৰতক প্ৰথমটো সোণ দিয়া অনুষ্কাই আজি ৫০ মিটাৰ ৰাইফল থ্ৰী প’জিছন ইভেণ্টত দ্বিতীয়টো সোণ অৰ্জন কৰে৷ উল্লেখ্য যে এয়া প্ৰতিযোগিতাত ভাৰতীয় শ্বুটাৰৰ চতুৰ্থটো সোণৰ পদক৷

ইফালে, নতুন দিল্লীৰ ডাঃ কাৰ্ণী সিঙ শ্বুটিং ৰেঞ্জত চলি থকা প্ৰতিযোগিতাখনৰ আজি চতুৰ্থদিনা ভাৰতে আৰু এটা ৰূপৰ পদক জয় কৰি মুঠ ১৩ টা পদকৰে তালিকাৰ শীৰ্ষস্থানতে আছে৷ পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী প’জিছন ইভেণ্টত ভাৰতৰ হৈ ৰূপ অৰ্জন কৰে এড্ৰিয়ান কৰ্মকাৰে৷ ইফালে, আজি আই অ’ চিৰ নিৰপেক্ষ শ্বুটাৰে অনবদ্য প্ৰদৰ্শন কৰি এটা সোণসহ চাৰিটা পদক পায়৷ মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্ৰী প’জিছনত প্ৰত্যাশিত আৰম্ভনি কৰা অনুষ্কাই কোৱালিফায়িং ৰাউণ্ডত শীৰ্ষত থকাৰ পাছত ফাইনেলতো প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰি ৪৬১.০ পইণ্টকে সোণৰ পদকৰ গৰাকী হয়৷

এই শাখাত নিৰপেক্ষ এথলীট আনাষ্টাছিয়া ছ’ৰ’কিনাতে ৰূপৰ তথা তেওঁৰ সতীৰ্থ মাৰিয়া ক্ৰুগ্ল’ভাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে অনুষ্কাই প্ৰথমদিনা ৫০ মিটাৰ ৰাইফল প্ৰ’ন ইভেণ্টত ছটা ছিৰিজৰ শ্বুটিঙৰ অন্তত মুঠ ৬২১.৬ পইণ্টৰে স্বৰ্ণ পদক লাভ কৰিছিল৷ ইফালে, পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী প’জিছন ইভেণ্টত ভাৰতৰ এড্ৰিয়ান কৰ্মকাৰেও শীৰ্ষস্থানতে থাকি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল যদিও পদক নিৰ্ণয় খেলত মানসিক দৃঢ়তা ধৰি ৰাখিব নোৱাৰি ৪৫৪.০ পইণ্টৰে ৰূপ পায়৷ নিৰপেক্ষ খেলুৱৈ ডিমিট্ৰি পিমেনভে ৪৬১.০ ৰে স্বৰ্ণ তথা আন এজন নিৰপেক্ষ খেলুৱৈ কামিল নুৰিয়াখমেটভে ৪৪১.০ পইণ্টৰে ব্ৰঞ্জৰ পদক দখল কৰে৷