গুৱাহাটী, ১৫ অক্টোবৰ, ২০২৫ : বিশ্ব ৰেংকিঙৰ এক নম্বৰ খেলুৱৈ তনবি শৰ্মাসহ ভাৰতৰ শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰা সকলো শ্বাটলাৰে চলিত বি ডব্লিউ এফ (BWF) বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডৰ মেচত জয়লাভ কৰি পৰবৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে৷ গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত চলি থকা প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত প্ৰথম ৰাউণ্ডত বাই লাভ কৰা তনবিয়ে মঙলবাৰে এঘাৰ মিনিটৰ মেচতে পোলেণ্ডৰ ৱিক্টোৰিয়া কেলেটকাক ১৫-২, ১৫-১ ৰ ব্যৱধানত পৰাস্ত কৰে৷
ইফালে, মহিলাৰ একক শাখাৰ অন্য এখন মেচত অষ্টম বাচনিৰ উন্নতি হুদাই ১৫-৮, ১৫-৯ ৰ ব্যৱধানত পৰাস্ত কৰে হংকং চীনৰ লিউ হি কি আনাক৷ একেদৰে দশম বাচনিৰ ৰক্ষিতা শ্ৰীয়ে ১৫-৫, ১৫-৯ ৰ ব্যৱধানত কানাডাৰ লুকী য়াঙক পৰাস্ত কৰাৰ বিপৰীতে মহিলাৰ একক শাখাতে থাইলেণ্ডৰ ট’নৰুগ ছহেঙৰ বিৰুদ্ধে ৬-১৫, ৫-১৫ ৰ ব্যৱধানত ব্যৱধানত পৰাস্ত হৈ দ্বিতীয় ৰাউণ্ডত বিদায় লয় ভাৰতৰ ভেনেলাই৷ ইফালে, পুৰুষৰ একক শাখাৰ মেচত একাদশ বাচনিৰ ভাৰতৰ ৰ’নক চৌহানে ১৫-৩, ১৫-৬ ৰ ব্যৱধানত শ্ৰীলংকাৰ ৰূপাথুংগাক, ১৫ নম্বৰ স্থানৰ শ্বাটলাৰ সূৰ্যকাশ ৰাৱটে ১৫-৫, ১৫-৮ ৰ ব্যৱধানত তুৰস্কৰ ইৰোলক, বাচনি বিহিন মিজোৰামৰ খেলুৱৈ লালথাজুৱালা হামাৰে ১৫-১১, ১৫-৫ ৰ ব্যৱধানত আমেৰিকাৰ ৰিলান টানক আৰু টি জি ডাট্টু তালাছিলাই ১৫-১০, ১৫-১৩ ৰ ব্যৱধানত ব্ৰাজিলৰ জোৱাছিম মেনড’নকাক হৰুৱাই তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰে৷
মিক্সড ডাবলছত ভাৰতীয় যুটি লালৰামছাংগা আৰু তাৰিনি শ্বুৰিয়ে ১৫-৩, ১৫-৫ ৰ ব্যৱধানত ফিলিপাইনছৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাৰ বিপৰীতে ভাব্য চহাব্ৰা আৰু বিশাখাই তিনিটা ছেটৰ অন্তত ১৫-৪, ১৩-১৫, ১৫-৫ ৰ ব্যৱধানত ইণ্ডোনেছিয়াৰ যুটিক হৰুৱায়৷ কিন্তু বিষ্ণ কেধৰ আৰু কিৰ্তী মনচালা যুটি চীনৰ বিৰুদ্ধে ১৫-১৩, ১৫-১০ ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে৷ একেদৰে দিনটোৰ ভাৰতৰ প্ৰথম মেচতে মিক্সড ডাবলছত বংশ দেব আৰু ডিয়ানকা ১৫-৬, ৫-১৫, ১০-১৫ ৰ ব্যৱধানত মালয়েছিয়াৰ যুটিৰ বিৰুদ্ধে পৰাস্ত হয়৷