গুৱাহাটী, ১৬ অক্টোবৰ, ২০২৫ : ভাৰতৰ তিনি মহিলা শ্বাটলাৰ তনবি শৰ্মা, উন্নতি হুদা আৰু ৰক্ষিতা শ্ৰীয়ে চলিত বি ডব্লিউ এফ (BWF) বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত চলি থকা প্ৰতিযোগিতাৰ বুধবাৰে অনুষ্ঠিত খেলত বিশ্ব ৰেংকিঙৰ এক নম্বৰ খেলুৱৈ তনবিয়ে ইণ্ডোনেছিয়াৰ অই উইনাৰ্টোক ১৫-১২, ১৫-৭ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে৷ ইফালে, অষ্টম বাচনিৰ উন্নতি হুদাই আমেৰিকাৰ এলিছ ৱাঙক ১৫-৮, ১৫-৫ ৰ ব্যৱধানত পৰাস্ত কৰি অন্তিম ষোল্লত স্থান নিশ্চিত কৰাৰ বিপৰীতে দশম বাচনিৰ ৰক্ষিতা শ্ৰীয়ে প্ৰথমটো ছেটত পৰাস্ত হোৱাৰ পাছতো সফল প্ৰত্যাবৰ্তন কৰি ১১-১৫, ১৫-৫, ১৫-৮ ৰ ব্যৱধানত ছিংগাপুৰৰ আলিয়া জাকাৰিয়াক হৰুৱাই প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হয়৷
মহিলাৰ এই সফলতাৰ বিপৰীতে পুৰুষৰ একক শাখাত বুধবাৰে তৃতীয় ৰাউণ্ডৰ মেচত পৰাজয় স্বীকাৰ কৰি বিদায় লয় দুই ভাৰতীয় শ্বাটলাৰ ৰ’ণক চৌহান আৰু মিজোৰামৰ খেলুৱৈ লালথাজুৱালা হামাৰে৷ ৰ’ণকক চীনৰ লি জি হাঙে ১১-১৫, ১২-১৫ ৰ ব্যৱধানত তথা হামাৰক ইউ এ ইৰ ৰিয়ান মালহানে ১৩-১৫, ৬-১৫ ত পৰাস্ত কৰে৷ অৱশ্যে আন দুই ভাৰতীয়ৰ মাজত হোৱা খেলত টি জি ডাট্টু তালাছিলাই সতীৰ্থ সূৰ্যকাশ ৰাৱটক ১১-১৫, ১৫-৬, ১৫-১১ ৰ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷ ইফালে, মিক্সড ডাবলছ শাখাত ভাৰতৰ ভাব্য চহাব্ৰা আৰু বিশাখাই পোনপটিয়া ছেটত ডেনমাৰ্কৰ যুটিক ১৫-১৩, ১৫-১১ ত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷ বিপৰীতে আন এখন মিক্সড ডাবলছৰ খেলত লালৰামছাংগা আৰু তাৰিনি শ্বুৰি ১৫-৬, ১৫-১০ ৰ ব্যৱধানত পৰাস্ত হৈ বিদায় লয়৷
ইফালে, মহিলাৰ ডাবলছৰ মেচত ভাৰতীয় যুটি আনিয়া মেচ আৰু এঞ্জল পুনেৰাই তিনিটা ছেটৰ অন্তত ১৬-১৪, ১২-১৫,১৫-৫ ৰ ব্যৱধানত চাইনিছ টাইপেক পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে৷ এই শাখাৰে আন এখন মেচত ভাৰতৰ ভেনেলা আৰু তেওঁৰ সংগী ৰেছিকাই ১৫-৮, ১৫-১০ ৰ ব্যৱধানত জাপানৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই অন্তিম ষোল্ললৈ উত্তৰণ কৰে৷ নিশালৈ ক’ৰ্টত নামে ৰাৱট ভগ্নীদ্বয়ে৷ আনহাতে, ষষ্ঠ বাচনিৰ ভাৰ্গব ৰাম আৰু বিশ্ব তেজেও পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডৰ মেচত অৱতীৰ্ণ হয়৷