নিউজ ডেস্ক, ২৯ অক্টোবৰ, ২০২৫ : পবিত্ৰ ষঠ পূজা উদযাপন উপলক্ষে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) অধীনস্থ বিভিন্ন ষ্টেচনত ভাৰত স্কাউটছ এণ্ড গাইডছৰ স্বেচ্ছাসেৱকসকলে সক্ৰিয়ভাৱে সহায় আগবঢ়ায়। উৎসৱৰ ভিৰ নিয়ন্ত্ৰণ কৰাত আৰু যাত্ৰীসকলক সহায় কৰাত সমৰ্পিত মনোভাৱৰ সৈতে আগবঢ়োৱা তেওঁলোকৰ প্ৰচেষ্টাই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিস্তৃত ব্যৱস্থাসমূহক পৰিপূৰক কৰি তুলিছে, যাৰ ফলত ইয়াৰ সমগ্ৰ অধিক্ষেত্ৰত সুগম, নিৰাপদ আৰু সুৰক্ষিত যাত্ৰা নিশ্চিত হয়।
এই প্ৰচেষ্টাৰ সমৰ্থনত কাটিহাৰ আৰু নিউ জলপাইগুড়ী জিলা সংস্থাৰ অধীনস্থ ভাৰত স্কাউটছ এণ্ড গাইডছে প্ৰধান ষ্টেচনসমূহত স্বেচ্ছাসেৱী সেৱা আগবঢ়ায়। স্কাউটছ এণ্ড গাইডছ, ৰ’ভাৰছ, ৰেঞ্জাৰছ আৰু ইউনিট লিডাৰসকলৰে গঠিত প্ৰায় ৩০ জন সদস্যই কাটিহাৰ, বাৰচোই, পূৰ্ণিয়া, যোগবানী, ফৰবেছগঞ্জ, নিউ জলপাইগুড়ী আৰু কিষাণগঞ্জ ষ্টেচনত সক্ৰিয়ভাৱে সহায় আগবঢ়ায়।
তেওঁলোকৰ অৱদানৰ ভিতৰত আছে ট্ৰেইনত উঠা-নমাৰ সময়ত ভিৰ নিয়ন্ত্ৰণ আৰু পথ প্ৰদৰ্শন, যাত্ৰীসকলক প্লেটফৰ্মৰ দিশে যোৱাত সহায় কৰা, তীৰ্থযাত্ৰী আৰু দূৰৱৰ্তী যাত্ৰীসকলৰ সকাহৰ বাবে বিনামূলীয়ে খোৱা পানী যোগান ধৰা। উৎসৱৰ সময়ত যাত্ৰীৰ চাহিদাৰ বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈ মুঠ ৬২০ ট্ৰিপ উৎসৱ বিশেষ ৰে’ল চলাই আহিছে।
এই ৰে’লসমূহে গৃহাঞ্চল আৰু তীৰ্থস্থানলৈ যোৱা যাত্ৰীসকলৰ বাবে সুবিধাজনক যাত্ৰা নিশ্চিত কৰিছে। অধিক ভিৰৰ পৰিপ্ৰেক্ষিতত কাটিহাৰ, নিউ জলপাইগুড়ী, গুৱাহাটী, যোগবানী আৰু কিষাণগঞ্জৰ দৰে প্ৰধান ষ্টেচনসমূহত বিশেষ ব্যৱস্থা কৰা হৈছে, য’ত অস্থায়ী হোল্ডিং এৰিয়া, উন্নত ঘোষণা ব্যৱস্থা, অতিৰিক্ত টিকট কাউণ্টাৰ, অট’মেটিক টিকট ভেণ্ডিং মেচিন আৰু দিনে-নিশাই ৱাৰ ৰূমৰ ব্যৱস্থা কৰা হৈছে। যাত্ৰীক সহায় আৰু ভিৰ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত কৰ্মচাৰী আৰু আৰপিএফ জোৱান মোতায়েন কৰা হৈছে।
এইসমূহে নিৰাপদ আৰু সুৰক্ষিত যাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰি তুলিছে। এই পদক্ষেপে উৎসৱৰ সময়ত যাত্ৰীৰ সুগম চলাচল নিশ্চিত কৰিছে আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাইজৰ প্ৰতি সেৱা আৰু টীম ৱৰ্কৰ চেতনাকে প্ৰতিফলিত কৰিছে। ৰে’লৱেৰ প্ৰচেষ্টাক পৰিপূৰক কৰি ভাৰত স্কাউটছ এণ্ড গাইডছৰ স্বেচ্ছাসেৱী সমৰ্থনে সেৱা আৰু অনুশাসনৰ মূল্যবোধক প্ৰতিফলিত কৰি তুলিছে। এই সামূহিক ব্যৱস্থাৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱে ষঠ পূজা আৰু অন্যান্য গুৰুত্বপূৰ্ণ উৎসৱৰ সময়চোৱাত নিৰাপদ, সুৰক্ষিত আৰু সুসংগঠিত যাত্ৰাৰ প্ৰতিশ্ৰুতিকেই পুনৰ দৃঢ়তৰ কৰি তুলিছে।
