নিউজ ডেস্ক, ৬ নৱেম্বৰ, ২০২৫ : যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে চলিত বৰ্ষৰ নৱেম্বৰ মাহত চাৰিযোৰ উৎসৱ (Festival) বিশেষ ৰে’লৰ সেৱাসমূহ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বিশেষ ৰে’লসমূহৰ ভিতৰত আছে ৰে’ল নং ০৫৯৫২/০৫৯৫১ (নিউ তিনিচুকীয়া-এছএমভিটি বেংগালুৰু-নিউ তিনিচুকীয়া), ০৫৬২৫/০৫৬২৬ (কামাখ্যা-ৰোহটক-কামাখ্যা), ৰে’ল নং ০৫৭৩৬/০৫৭৩৫ (কাটিহাৰ-অমৃতসৰ-কাটিহাৰ) আৰু ৰে’ল নং ০৫৭৩৪/০৫৭৩৩ (কিষাণগঞ্জ-অমৃতসৰ-কিষাণগঞ্জ)।

এই ৰে’লসমূহ বিদ্যমান চলাচলৰ দিন, সময়, গঠন আৰু ষ্টপেজৰ সৈতে চলাচল কৰিব। সেই অনুসৰি, ৰে’ল নং ০৫৯৫২ (নিউ তিনিচুকীয়া-এছএমভিটি বেংগালুৰু) সাপ্তাহিক বিশেষ ৰে’ল ৬ নৱেম্বৰ, ২০২৫ তাৰিখ বৃহস্পতিবাৰে এটা ট্ৰিপৰ বাবে চলিব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৯৫১ (এছএমভিটি বেংগালুৰু-নিউ তিনিচুকিয়া) সাপ্তাহিক বিশেষ ৰে’ল ১০ নৱেম্বৰ, ২০২৫ তাৰিখ সোমবাৰে এটা ট্ৰিপৰ বাবে চলিব।
আনহাতে, ৰে’ল নং ০৫৬২৫ (কামাখ্যা-ৰোহটক) সাপ্তাহিক বিশেষ ৰে’ল ১৪ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ, ২০২৫ লৈ প্ৰতি শুকুৰবাৰে ৩ টা ট্ৰিপৰ বাবে চলিবলৈ সম্প্ৰসাৰণ কৰা হৈছে।

উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৬২৬ (ৰোহটক-কামাখ্যা) সাপ্তাহিক বিশেষ ৰে’ল ১৬ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ, ২০২৫ লৈ প্ৰতি দেওবাৰে ৩ টা ট্ৰিপৰ বাবে চলিবলৈ সম্প্ৰসাৰণ কৰা হৈছে। ৰে’ল নং ০৫৭৩৬ (কাটিহাৰ-অমৃতসৰ) সাপ্তাহিক বিশেষ ৰে’ল ১২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰ, ২০২৫ লৈ প্ৰতি বুধবাৰে ৩ টা ট্ৰিপৰ বাবে চলিবলৈ সম্প্ৰসাৰণ কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৩৫ (অমৃতসৰ-কাটিহাৰ) বিশেষ ৰে’ল ১৪ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ, ২০২৫ লৈ প্ৰতি শুকুৰবাৰে ৩ টা ট্ৰিপৰ বাবে চলিবলৈ সম্প্ৰসাৰণ কৰা হৈছে।ৰে’ল নং ০৫৭৩৪ (কিষাণগঞ্জ-অমৃতসৰ) সাপ্তাহিক বিশেষ ৰে’লক ২০ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰ, ২০২৫ লৈ প্ৰতি বৃহস্পতিবাৰে ২ টা ট্ৰিপৰ বাবে চলিবলৈ সম্প্ৰসাৰণ কৰা হৈছে।

উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৩৩ (অমৃতসৰ-কিষাণগঞ্জ) বিশেষ ৰে’ল ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰ, ২০২৫ লৈ প্ৰতি শনিবাৰে ২ টা ট্ৰিপৰ বাবে চলিবলৈ সম্প্ৰসাৰণ কৰা হৈছে। এই ৰে’ল সেৱাসমূহৰ সম্প্ৰসাৰণে সেই পথ সমূহত থকা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীৰ যাত্ৰীসকলক লাভান্বিত কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো উপলব্ধ আছে।যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ কৰা হৈছে।